--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩ বছৰৰ দীঘলীয়া অপেক্ষাৰ পাছত আকৌ আকাশত উৰিল জেট এয়াৰৱেজৰ বিমান। অৱশ্যে এয়া বিমান উৰণ পৰীক্ষাৰ এক অংশ আছিল। জেট এয়াৰৱেজে এই ঐতিহাসিক মুহূৰ্তটোৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰিছে। ৫ মে'ত জেট এয়াৰৱেজৰ ২৯ সংখ্যক জন্মদিন পালন কৰা হয় আৰু এই দিনটোতেই ৩ বছৰৰ পাছত আকাশত উৰা মাৰিলে জেট এয়াৰৱেজৰ বিমান।

কোম্পানীটোৱে কি কৈছিল: 

জেট এয়াৰৱেজৰ টুইটটোত লিখা হৈছে- আজি অৰ্থাৎ ৫ মে'ত আমাৰ ২৯সংখ্যক জন্মদিন। জেট এয়াৰৱেজে পুনৰ উৰা মাৰিলে! এইটো আমাৰ সকলোৰে বাবে এটা অতি আৱেগিক দিন। এই দিনটো সেই অনুগত গ্ৰাহকসকলৰ বাবে অত্যন্ত বিশেষ, যিসকলে জেটৰ উৰণৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

এয়াৰলাইনৰ প্ৰতিদ্বন্দী ইণ্ডিগ'ইও জেট এয়াৰৱেজৰ পৰীক্ষাৰ প্ৰতি সঁহাৰি আগবঢ়াইছে। ইণ্ডিগ'ই এটা টুইটত কয়: "জেট এয়াৰৱেজক অভিনন্দন। নতুন আৰম্ভণিৰ প্ৰস্তুতিৰ বাবে শুভকামনা।  

উল্লেখ্য যে বিত্তীয় সংকটৰ সৈতে যুঁজি থকা জেট এয়াৰৱেজে অন্তিমবাৰৰ বাবে উৰা মাৰিছিল ২০১৯ চনৰ এপ্ৰিলত। ইয়াৰ পাছত কোম্পানীৰ বিমান সেৱা স্থগিত কৰা হয়। অৱশ্যে ২০২১ চনৰ জুন মাহত ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণৰ (এনচিএলটি) তত্বাৱধানত সংঘটিত দেউলীয়া আৰু সমাধান প্ৰক্ৰিয়াত মুৰাৰী লাল জালান আৰু কালৰক কনচৰ্টিয়ামে জেট এয়াৰৱেজৰ নিবিদা জিকিছিল। এতিয়া আশা কৰা হৈছে যে ছেপ্টেম্বৰৰ ভিতৰত জেট এয়াৰৱেজৰ বিমান সেৱা পুনৰ আৰম্ভ হ'ব। কোম্পানীটোৰ পৰা ইয়াৰ বিষয়ে ইংগিতো পোৱা গৈছে।  
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ