--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩ বছৰৰ দীঘলীয়া অপেক্ষাৰ পাছত আকৌ আকাশত উৰিল জেট এয়াৰৱেজৰ বিমান। অৱশ্যে এয়া বিমান উৰণ পৰীক্ষাৰ এক অংশ আছিল। জেট এয়াৰৱেজে এই ঐতিহাসিক মুহূৰ্তটোৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰিছে। ৫ মে'ত জেট এয়াৰৱেজৰ ২৯ সংখ্যক জন্মদিন পালন কৰা হয় আৰু এই দিনটোতেই ৩ বছৰৰ পাছত আকাশত উৰা মাৰিলে জেট এয়াৰৱেজৰ বিমান।

কোম্পানীটোৱে কি কৈছিল: 

জেট এয়াৰৱেজৰ টুইটটোত লিখা হৈছে- আজি অৰ্থাৎ ৫ মে'ত আমাৰ ২৯সংখ্যক জন্মদিন। জেট এয়াৰৱেজে পুনৰ উৰা মাৰিলে! এইটো আমাৰ সকলোৰে বাবে এটা অতি আৱেগিক দিন। এই দিনটো সেই অনুগত গ্ৰাহকসকলৰ বাবে অত্যন্ত বিশেষ, যিসকলে জেটৰ উৰণৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

এয়াৰলাইনৰ প্ৰতিদ্বন্দী ইণ্ডিগ'ইও জেট এয়াৰৱেজৰ পৰীক্ষাৰ প্ৰতি সঁহাৰি আগবঢ়াইছে। ইণ্ডিগ'ই এটা টুইটত কয়: "জেট এয়াৰৱেজক অভিনন্দন। নতুন আৰম্ভণিৰ প্ৰস্তুতিৰ বাবে শুভকামনা।  

উল্লেখ্য যে বিত্তীয় সংকটৰ সৈতে যুঁজি থকা জেট এয়াৰৱেজে অন্তিমবাৰৰ বাবে উৰা মাৰিছিল ২০১৯ চনৰ এপ্ৰিলত। ইয়াৰ পাছত কোম্পানীৰ বিমান সেৱা স্থগিত কৰা হয়। অৱশ্যে ২০২১ চনৰ জুন মাহত ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণৰ (এনচিএলটি) তত্বাৱধানত সংঘটিত দেউলীয়া আৰু সমাধান প্ৰক্ৰিয়াত মুৰাৰী লাল জালান আৰু কালৰক কনচৰ্টিয়ামে জেট এয়াৰৱেজৰ নিবিদা জিকিছিল। এতিয়া আশা কৰা হৈছে যে ছেপ্টেম্বৰৰ ভিতৰত জেট এয়াৰৱেজৰ বিমান সেৱা পুনৰ আৰম্ভ হ'ব। কোম্পানীটোৰ পৰা ইয়াৰ বিষয়ে ইংগিতো পোৱা গৈছে।  
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ