--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিচমিচ আমাৰ শৰীৰৰ বাবে এক অতি উৎকৃষ্ট শুকান ফল। ইয়াক ইংৰাজীত ‘Raisin’ বুলি কোৱা হয়৷ কিচমিচ তৈয়াৰ কৰা হয় শুকান আঙুৰৰ পৰা৷ কিচমিচত প্ৰচুৰ পৰিমাণৰ ফেট’জ আৰু গ্ল’কজ পোৱা যায়৷ গতিকে খেলুৱৈ, ব’ডি বিল্ডাৰ তথা আন সকলোৰে শৰীৰত শক্তি যোগানৰ ক্ষেত্ৰত কিচমিচে বিশেষ ভূমিকা পালন কৰে৷ আঙুৰক বিশেষ পদ্ধতিৰে শুকোৱাৰ পাছত কিচমিচ বোলা হয়।

গতিকে, কিচমিচ খোৱা মানেই আঙুৰ খোৱাৰ সমানেই পুষ্টিগুণ পোৱা যায়। শুকোৱাৰ পাছত কিছু ক্ষেত্ৰত ইয়াৰ গুণ অধিক বৃদ্ধিহে পায়। সেয়ে কিচমিচ পৃথিৱীৰ সকলো দেশতে উপলব্ধ এবিধ উত্তম শুকান ফল। 

আঙুৰত থকা পৌষ্টিক গুণসমূহ-

কেল’ৰিজ, কাৰ্বহাইড্ৰেট, প্ৰ’টিন, আইৰণ, পটেছিয়াম, মেগনেছিয়াম, কপাৰ, জিংক, ফছফৰাছ, কেলচিয়াম, ফাইবাৰ, শৰ্কৰা, কেল’ৰী, মাইক্ৰ’নিউট্ৰেন্ট আদি। অন্যহাতে ই শৰীৰৰ বাবে ৰোগনাশক, বেক্টেৰীয়ানাশক, শক্তিবৰ্ধক আৰু অকালবাৰ্ধক্যনাশক।

৪ পৰা ৮ টা কিচমিচ ৰাতি এগিলাচ পৰিস্কাৰ পানীত তিয়াই থ’ব লাগে৷ পুৱা খালী পেটত কিচমিচ কেইটা খোৱাৰ পাছত সেই পানীখিনিও খাব লাগে৷ নিতৌ এনেদৰে কিচমিচ সেৱন কৰিলে আমি সুস্বাস্থ্যৰ অধিকাৰী হোৱাটো প্ৰায় নিশ্চিত৷ 


কিচমিচ খালে কি কি উপকাৰ হয় ?

১) দূষিত বায়ু / পিত্ত ৰোগ দূৰ হয়।

২) বিদ্যাৰ্থীৰ মনোযোগ, স্মৃতিশক্তি আৰু সুস্বাস্থ্যৰ বাবে নিয়মিত সঠিক মাত্ৰাত কিচমিচ খোৱাটো উপযোগী।

৩) কিচমিচ শক্তিদায়ক আৰু অতি পুষ্টিকাৰক হোৱা হেতুকে ৰুগীয়া মানুহক খুৱালে সুফল পোৱা যায়।

৪) শৰীৰত ৰক্ত বৃদ্ধি হোৱাত সহায় কৰে।

৪) শৰীৰৰ ওজন বঢ়ায়। (অধিক ওজন আৰু কম পৰিশ্ৰমী ব্যক্তিয়ে সেয়ে কমকৈ খাব লাগে।)

৫) কলেষ্টেৰল আৰু উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰণ কৰে। হাওফাও, যকৃত আৰু হৃদযন্ত্ৰ সুৰক্ষিত ৰাখে।

৬) কিডনী পৰিস্কাৰ তথা সংক্ৰমণ দূৰ কৰে।

৭) কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। এই ৰোগত ভোগা ব্যক্তিয়ে চিকিৎসকক সুধি খাব পাৰে।

৮) বহুমূত্ৰ ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ লৈ খাব পাৰে।

৯) মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ বাবে কিচমিচ ভিজোৱা পানী খোৱা অতি উপকাৰী।

১০) গাঁঠিৰ বিষ আৰু হাড়ৰ বাবে উপযোগী।

১১) পুৰুষৰ প্ৰজনন ক্ষমতা বৃদ্ধি হয়।

১২) যিকোনো জ্বৰ বা শাৰীৰিক দুৰ্বলতাত কিচমিচ অতি উপকাৰী।

১৩) কিচমিচে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।

১৪) কিচমিচে আমাৰ পাচন নাইবা হজম প্ৰক্ৰিয়াত সহায় কৰে৷ যিবিলাক লোকৰ গেছৰ সমস্যা, শৌচৰ সমস্যা, গেষ্ট্ৰিক, ডায়েৰীয়া আদি আছে তেওঁলোকে কিচমিচ খাব লাগে৷ 

গতিকে, কিচমিচ আমাৰ দেহৰ বাবে অতি উপকাৰী ফল। সেয়ে কিচমিচ খাওক আৰু সুস্থ থাকক।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ