--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিচমিচ আমাৰ শৰীৰৰ বাবে এক অতি উৎকৃষ্ট শুকান ফল। ইয়াক ইংৰাজীত ‘Raisin’ বুলি কোৱা হয়৷ কিচমিচ তৈয়াৰ কৰা হয় শুকান আঙুৰৰ পৰা৷ কিচমিচত প্ৰচুৰ পৰিমাণৰ ফেট’জ আৰু গ্ল’কজ পোৱা যায়৷ গতিকে খেলুৱৈ, ব’ডি বিল্ডাৰ তথা আন সকলোৰে শৰীৰত শক্তি যোগানৰ ক্ষেত্ৰত কিচমিচে বিশেষ ভূমিকা পালন কৰে৷ আঙুৰক বিশেষ পদ্ধতিৰে শুকোৱাৰ পাছত কিচমিচ বোলা হয়।

গতিকে, কিচমিচ খোৱা মানেই আঙুৰ খোৱাৰ সমানেই পুষ্টিগুণ পোৱা যায়। শুকোৱাৰ পাছত কিছু ক্ষেত্ৰত ইয়াৰ গুণ অধিক বৃদ্ধিহে পায়। সেয়ে কিচমিচ পৃথিৱীৰ সকলো দেশতে উপলব্ধ এবিধ উত্তম শুকান ফল। 

আঙুৰত থকা পৌষ্টিক গুণসমূহ-

কেল’ৰিজ, কাৰ্বহাইড্ৰেট, প্ৰ’টিন, আইৰণ, পটেছিয়াম, মেগনেছিয়াম, কপাৰ, জিংক, ফছফৰাছ, কেলচিয়াম, ফাইবাৰ, শৰ্কৰা, কেল’ৰী, মাইক্ৰ’নিউট্ৰেন্ট আদি। অন্যহাতে ই শৰীৰৰ বাবে ৰোগনাশক, বেক্টেৰীয়ানাশক, শক্তিবৰ্ধক আৰু অকালবাৰ্ধক্যনাশক।

৪ পৰা ৮ টা কিচমিচ ৰাতি এগিলাচ পৰিস্কাৰ পানীত তিয়াই থ’ব লাগে৷ পুৱা খালী পেটত কিচমিচ কেইটা খোৱাৰ পাছত সেই পানীখিনিও খাব লাগে৷ নিতৌ এনেদৰে কিচমিচ সেৱন কৰিলে আমি সুস্বাস্থ্যৰ অধিকাৰী হোৱাটো প্ৰায় নিশ্চিত৷ 


কিচমিচ খালে কি কি উপকাৰ হয় ?

১) দূষিত বায়ু / পিত্ত ৰোগ দূৰ হয়।

২) বিদ্যাৰ্থীৰ মনোযোগ, স্মৃতিশক্তি আৰু সুস্বাস্থ্যৰ বাবে নিয়মিত সঠিক মাত্ৰাত কিচমিচ খোৱাটো উপযোগী।

৩) কিচমিচ শক্তিদায়ক আৰু অতি পুষ্টিকাৰক হোৱা হেতুকে ৰুগীয়া মানুহক খুৱালে সুফল পোৱা যায়।

৪) শৰীৰত ৰক্ত বৃদ্ধি হোৱাত সহায় কৰে।

৪) শৰীৰৰ ওজন বঢ়ায়। (অধিক ওজন আৰু কম পৰিশ্ৰমী ব্যক্তিয়ে সেয়ে কমকৈ খাব লাগে।)

৫) কলেষ্টেৰল আৰু উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰণ কৰে। হাওফাও, যকৃত আৰু হৃদযন্ত্ৰ সুৰক্ষিত ৰাখে।

৬) কিডনী পৰিস্কাৰ তথা সংক্ৰমণ দূৰ কৰে।

৭) কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। এই ৰোগত ভোগা ব্যক্তিয়ে চিকিৎসকক সুধি খাব পাৰে।

৮) বহুমূত্ৰ ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ লৈ খাব পাৰে।

৯) মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ বাবে কিচমিচ ভিজোৱা পানী খোৱা অতি উপকাৰী।

১০) গাঁঠিৰ বিষ আৰু হাড়ৰ বাবে উপযোগী।

১১) পুৰুষৰ প্ৰজনন ক্ষমতা বৃদ্ধি হয়।

১২) যিকোনো জ্বৰ বা শাৰীৰিক দুৰ্বলতাত কিচমিচ অতি উপকাৰী।

১৩) কিচমিচে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।

১৪) কিচমিচে আমাৰ পাচন নাইবা হজম প্ৰক্ৰিয়াত সহায় কৰে৷ যিবিলাক লোকৰ গেছৰ সমস্যা, শৌচৰ সমস্যা, গেষ্ট্ৰিক, ডায়েৰীয়া আদি আছে তেওঁলোকে কিচমিচ খাব লাগে৷ 

গতিকে, কিচমিচ আমাৰ দেহৰ বাবে অতি উপকাৰী ফল। সেয়ে কিচমিচ খাওক আৰু সুস্থ থাকক।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক