--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানিমুনি (Centella Asiatica) আমাৰ সকলোৰে পৰিচিত এবিধ শাক। ই এবিধ প্ৰসিদ্ধ ঔষধি শাক। মানিমুনি দুবিধ পোৱা যায়। এবিধ সৰু মানিমুনি আৰু এবিধ ডাঙৰ মানিমুনি। মানিমুনি কেঁচা চাটনি, ভাজি, আঞ্জা বনাইও খাব পাৰি। মাছৰ লগতো মানিমুনি শাকৰ জোল খাবলৈ বৰ ভাল। বাৰীত সহজতে পোৱা মানিমুনিৰ উপকাৰিতাৰ বিষয়ে জানো আহক-


১)অৰুচি গুচাবলৈ মানিমুনিৰ ৰস খাব লাগে।

২) গ্ৰহণী, কুষ্ঠ ৰোগ, পিত্ত, উচ্চ ৰক্তচাপ,স্নায়বিক দুৰ্বলতা, অনিদ্ৰা ৰোগত মনিমুনিৰ ৰস উপকাৰী ।

৩)গোধ (Elephatiasis) ৰোগত ইয়াৰ পাত খুন্দি প্ৰলেপ দিলে উপকাৰ হয়।

৪)মানিমুনি শাক ৰাতিপুৱা ৰান্ধি খালে দিনটোৰ কাৰণে শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধ আতৰ হয় ৷

৫)মানিমুনি খালে বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে।

৬)পুৰুষ-মহিলা উভয়ৰে যৌন ক্ষমতা বঢ়োৱাত মানিমুনি অতি উপযোগী ঔষধি৷

৭)মানিমুনি মহিলাৰ গৰ্ভনিৰোধক,অনিয়মীয়া ঋতুস্ৰাৱৰ চিকিৎসাত ব্যৱহাৰ হয়৷

৮)মানিমুনিৰ পাত বটি গৰম ভাতৰ লগত খালে পেটৰ বিষ ভাল হয়।


৯)মানিমুনি হেপাটাইটিচ-বি ৰোগৰ চিকিৎসাত ব্যৱহাৰ হয় ৷

১০)মানিমুনি কাঁহ,জ্বৰ,টনচিলৰ অসুখ, শ্বাসজনিত বুকুৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় ৷

১১)মানিমুনিয়ে স্নায়ুতন্ত্ৰৰ উপকাৰিতা- মগজুৰ সতেজতা,সক্ৰিয়তা,স্মৃতিশক্তি বঢ়ায় ৷

১২)ই লিভাৰৰ বাবে অতিকৈ উপযোগী।

১৩)মানিমুনিয়ে চৰ্মৰোগ- চ’ৰিয়’চিচ, খৰ, খহু,খজুৱতি,এলাৰ্জি, লুপাচ আদি নিৰাময় কৰে।

১৪)মানিমুনি মহিলাৰ জৰায়ুত ঘাঁ, বগাস্ৰাৱৰ চিকিৎসাত ব্যৱহাৰ্য ৷

১৫)মানিমুনিয়ে চুলি গজাত সহায় কৰে আৰু চুলি সৰা ৰোধ কৰে।

১৬)মানিমুনি খালে হজম শক্তি বৃদ্ধি হয়।


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ