--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ইতিহাস গঢ়িলে আফগানিস্তানে। এতিয়াৰে পৰা যিকোনো শক্তিশালী দলে সহজে ল’ব নোৱাৰিব বিশ্ব ক্ৰিকেটৰ নতুন চাঞ্চল্য আফগানবাহিনীক। বিশ্বকাপৰ ২২ সংখ্যক মেচত আফগানবাহিনীয়ে পৰাস্ত কৰিলে শক্তিশালী দল পাকিস্তানক। বেটে বলে সুন্দৰ প্ৰদৰ্শন আগবঢ়ালে আফগানিস্তানে।

চেন্নাইৰ এমএ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত পাকিস্তানে টছত জয়ী হৈ বেটিং কৰে। ইমাম উল হক (১৭) ব্যৰ্থ হ’লেও আব্দুল্লাহ ছফিক (৫৮)ৰ স’তে অপেনিং যুটীত ৫৭ ৰাণ সংগ্ৰহ কৰে। উজ্বলি উঠে অধিনায়ক বাবৰ আজম (৬৭)। কিন্তু ব্যৰ্থ হয় মহম্মদ ৰিজৱান (৮) আৰু ছাউড ছাকিল (২৫)। শেষৰ ফালে ইফটিকাৰ আহমেদৰ ২৭ টা বলত মাৰমুখী ৪০ ৰাণ আৰু ছাদাৱ খানৰ ৪০ ৰাণৰ সহায়ত পাকিস্তানে সাতটা উইকেট হেৰুৱাই নিৰ্ধাৰিত অভাৰত ২৮২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দূৰ্দান্ত বলিঙেৰে আফগানিস্তানৰ নবীন তাৰকা নুৰ আহমেদে তিনিটা আৰু নবীন উল হকে দুটা উইকেট লাভ কৰে।

২৮৩ ৰাণৰ লক্ষ্য লৈ আফগানিস্তানে দূৰ্দান্ত আৰম্ভণি কৰে। অপেনাৰদ্বয় ৰামানুল্লাহ গুৰবাজ (৬৫) আৰু ইব্ৰাহিম জাদ্ৰান (৮৭)-এ প্ৰথম উইকেটৰ যুটীতে সংগ্ৰহ কৰে ১৩০ ৰাণ। তাৰপাছৰে পৰা পাকিস্তানৰ পৰাজয় প্ৰায় নিশ্চিত হৈ পৰে। নিস্প্ৰভ হৈ ৰয় পাকিস্তানৰ অভাৰৰেটেড বলিং আক্ৰমণ। চাপ সৃ্ষ্টি কৰিব নোৱাৰিলে হেৰিছ ৰউফ, শ্বাহীন, ছাদাৱে। মাত্ৰ দুটা উইকেট হেৰুৱাইয়েই আফগানিস্তানে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ৰহমত শ্বাহে ৭৭ আৰু হছমতুল্লাহ ছাহিদীয়ে ৪৮ ৰাণ কৰি অপৰাজীত হৈ থাকে। 

উল্লেখ্য যে পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানৰ ক্ৰিকেট ইতিহাসত এয়া প্ৰথমটো বিজয়। আনহাতে, একেৰাহে তিনিখনকৈ মেচত পৰাস্ত হৈ বিশ্বকাপত এটাৰ পাছত আন এটা পইণ্ট হেৰুৱাই বিপৰ্যস্ত হৈ পৰিছে বাবৰ বাহিনী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ