--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পিছৰে পৰা পাকিস্তানৰ ড্ৰেছিং ৰুমত বিশৃংখলতাৰ সৃষ্টি হৈছে নেকি? বাবৰ আজমক বাকী ক্ৰিকেটাৰসকলে সহ্য কৰিব নোৱাৰা হৈছে নেকি? কালি আফগানিস্তানৰ খেলখনৰ মাজতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে দিলে ইয়াৰ উত্তৰ। দলৰ ভিতৰত অশান্তিৰ খবৰ অসত্য বুলি জনায়।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ হাতত একেৰাহে দুখন মেচত পৰাস্ত হোৱাৰ পাছত বিভিন্ন পাকিস্তানী সাংবাদিকে ইটোৰ পিছত সিটোকৈ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে দাবী কৰে যে পাকিস্তানৰ দলৰ ভিতৰত যথেষ্ট অস্থিৰতা। বাকীবোৰ খেলুৱৈৰ পৰা বাবৰ বিচ্ছিন্ন। দলৰ কোনেও তেওঁক নেতা হিচাপে মানি ল’বলৈ ইচ্ছুক নহয়। দাবী কৰা হৈছে যে আফগানিস্তানৰ খেলখনৰ পিছত আৰু অধিক তথ্য প্ৰকাশ কৰা হ’ব।

পিচিবিয়ে এই খবৰ গ্ৰহণ কৰিব বিচৰা নাই। এক বিবৃতিত তেওঁলোকে কয়, “সংবাদ মাধ্যমৰ এটা অংশই ভুৱা বাতৰি প্ৰচাৰ কৰি আছে। পিচিবিয়ে স্পষ্টকৈ ক’ব বিচাৰিছে যে এই মুহূৰ্তত সমগ্ৰ দলটো একত্ৰিত হৈ আছে। ছ’চিয়েল মিডিয়াত কৰা কোনো দাবী সঁচা নহয়।” পাকিস্তান ব’ৰ্ডেও এনে খবৰ পাই হতাশা প্ৰকাশ কৰিছে।

বিশ্বকাপৰ প্ৰথম দুখন খেলত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ পাকিস্তানে নেদাৰলেণ্ড আৰু শ্ৰীলংকাক পৰাস্ত কৰে। সোমবাৰে পঞ্চমখন খেলত চুবুৰীয়া দেশ আফগানিস্তানৰ বিৰুদ্ধে খেলিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত