--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পিছৰে পৰা পাকিস্তানৰ ড্ৰেছিং ৰুমত বিশৃংখলতাৰ সৃষ্টি হৈছে নেকি? বাবৰ আজমক বাকী ক্ৰিকেটাৰসকলে সহ্য কৰিব নোৱাৰা হৈছে নেকি? কালি আফগানিস্তানৰ খেলখনৰ মাজতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে দিলে ইয়াৰ উত্তৰ। দলৰ ভিতৰত অশান্তিৰ খবৰ অসত্য বুলি জনায়।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ হাতত একেৰাহে দুখন মেচত পৰাস্ত হোৱাৰ পাছত বিভিন্ন পাকিস্তানী সাংবাদিকে ইটোৰ পিছত সিটোকৈ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে দাবী কৰে যে পাকিস্তানৰ দলৰ ভিতৰত যথেষ্ট অস্থিৰতা। বাকীবোৰ খেলুৱৈৰ পৰা বাবৰ বিচ্ছিন্ন। দলৰ কোনেও তেওঁক নেতা হিচাপে মানি ল’বলৈ ইচ্ছুক নহয়। দাবী কৰা হৈছে যে আফগানিস্তানৰ খেলখনৰ পিছত আৰু অধিক তথ্য প্ৰকাশ কৰা হ’ব।

পিচিবিয়ে এই খবৰ গ্ৰহণ কৰিব বিচৰা নাই। এক বিবৃতিত তেওঁলোকে কয়, “সংবাদ মাধ্যমৰ এটা অংশই ভুৱা বাতৰি প্ৰচাৰ কৰি আছে। পিচিবিয়ে স্পষ্টকৈ ক’ব বিচাৰিছে যে এই মুহূৰ্তত সমগ্ৰ দলটো একত্ৰিত হৈ আছে। ছ’চিয়েল মিডিয়াত কৰা কোনো দাবী সঁচা নহয়।” পাকিস্তান ব’ৰ্ডেও এনে খবৰ পাই হতাশা প্ৰকাশ কৰিছে।

বিশ্বকাপৰ প্ৰথম দুখন খেলত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ পাকিস্তানে নেদাৰলেণ্ড আৰু শ্ৰীলংকাক পৰাস্ত কৰে। সোমবাৰে পঞ্চমখন খেলত চুবুৰীয়া দেশ আফগানিস্তানৰ বিৰুদ্ধে খেলিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ