--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিয়ঁহ আমাৰ সকলোৰে পৰিচিত এক পাচলি। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Cucumis sativus। তিয়ঁহ ৰসাল যদিও কোনো তেনে স্বাদ নাথাকে। নিমখ লগাই খালেহে ইয়াৰ স্বাদ পোৱা যায়। বাকলিৰ সৈতে কাটি নতুবা বাকলি গুচাই মিহিকৈ কাটি নিমখ-জলকীয়া গুড়ি  সানি কেঁচাই খাব পাৰি; তেনেকৈ খালে বেছ তৃপ্তি পোৱা যায়। তেনেকৈ কাটি ছালাডৰ ৰূপত ভাতৰ লগত খালেও ভাল তৃপ্তি পোৱা যায়। কিছুমানে পিহনাত পিহি তিয়ঁহৰ সোৱাদযুক্ত চাটনিও বনায়। 

পাচলিৰ ৰূপত ভাজি, তৰকাৰি কৰি নতুবা মাছৰ লগত জোল কৰি তৃপ্তিদায়ক কৰিও তিয়ঁহ খাব পাৰি। গৰমকালিত তিয়ঁহে মানুহক বৰ সকাহ দিয়ে। তিয়ঁহত প্ৰচুৰ পৰিমাণে (প্ৰায় ৮৬ শতাংশ) পানী থাকে। সেয়েহে গৰম বতৰত ইয়াক খালে পিয়াহ পলায় আৰু দেহে সতেজতা লাভ কৰে। ইয়াত থকা পুষ্টি উপাদানসমূহ হ’ল প্ৰ’টিন, কাৰ্বোহাইড্ৰেট, স্নেহ পদাৰ্থ, আঁহ,ছ’ডিয়াম,পটাছিয়াম,ছালফাৰ,ভিটামিন-বি১ আৰু চি আদি।

তিয়ঁহৰ বহু উপকাৰী গুণাগুণ আছে...আহকচোন জানো কি কি 

১)তিয়ঁহে আমাৰ হজমী শক্তি বৃদ্ধি কৰে। 

২)ছালক নিমজ কৰি ৰখাটো ই অৰিহণা যোগায়। ইয়াৰ ৰস, দৈ আৰু নেমুৰ ৰসৰ লগত মিহলাই গালত ঘঁহিলে ৰ’দত পোৰা ছাল পৰিষ্কাৰ আৰু উজ্জ্বল হয়। 

৩)পোক-পতংগই কামুৰিলে কামোৰা ঠাইত তিয়ঁহৰ চকলৰ প্ৰলেপ দিলে বিষ নাইকিয়া হয়। 

৪)ই প্ৰস্ৰাৱ নিষ্কাসণত সহায় কৰাৰ লগতে পাকস্থলী, প্লীহা আৰু বৃহদন্ত্ৰৰো উপকাৰ সাধে। 

৫)নিতৌ একোটাকৈ কুমলীয়া তিয়ঁহ বাকলিৰে সৈতে খালে বৃক্কত হোৱা পাথৰ ভাগি প্ৰস্ৰাৱৰ লগত বাহিৰ ওলাই আহে। 

৬)ই বাত বিষ আৰু ইউৰিক এচিড লাঘৱ কৰে।

৭)ইয়াত থকা কেৰ’টিনেয়ড উপাদানে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

৮)তিয়ঁহ খালে শৰীৰত পানীশূন্যতা মানে Dehydration দূৰ হয়। যিহেতু তিয়ঁহ ৮৫% পানীৰে পৰিপূৰ্ণ।

৯)ডায়েবেটিজ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো তিয়ঁহৰ ভূমিকা যথেষ্ট।

১০)ই চুলি আৰু নখ সতেজ কৰি ৰাখে। চকলকৈ কাটি চকুত তিয়ঁহ লগালে চকুৱে বৰ আৰাম পায়।

১১)ই ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত ৰাখে।

১২)তিয়ঁহত বিটা কেৰোটিন আৰু ভিটামিন চিৰ দৰে এন্টি-অক্সিডেন্ট থাকে যিয়ে আমাৰ দেহত শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

গতিকে বাৰীতে হওক বা বজাৰতে হওক, সহজতে পোৱা তিয়ঁহ খাওক আৰু সুস্থ থাকক।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ