--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথাষাৰ শুনিবলৈ আচহুৱা যেন লাগিলেও এয়া সঁচা যে মাত্ৰ এবিধ দৰব ব্যৱহাৰ কৰিয়েই বহু ৰোগীয়ে কৰ্কটৰ দৰে মাৰক ৰোগৰ পৰা মুক্ত হ'বলৈ সক্ষম হৈছে। এই ঘটনাই এতিয়া আশান্বিত কৰি তুলিছে বিশ্বৰ স্বাস্থ্য বিজ্ঞানী তথা চিকিৎসকসকলক। ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে কৰ্কট ৰোগে এতিয়া আতংকৰ সৃষ্টি কৰিছে। ৰোগ বিধ এতিয়া দুৰাৰোগ্য হৈ থকা নাই যদিও বহু সময়ত ৰোগ বিধ প্ৰাণঘাতক হিচাবে পৰিগণিত হৈ আহিছে। এনে সময়তে মাত্ৰ এবিধ দৰব কেইদিনমানৰ বাবে ব্যৱহাৰ কৰিয়েই শৰীৰক কৰ্কটমুক্ত কৰিব পৰাৰ ঘটনাই এতিয়া নতুন আশাৰ ৰেঙণি দেখুৱাইছে।

মলদ্বাৰৰ কৰ্কট ৰোগত আক্ৰান্ত কেইগৰাকীমান ৰোগীয়ে পৰীক্ষামূলকভাবে এবিধ বিশেষ দৰব ব্যৱহাৰ কৰি কৰ্কটমুক্ত হ'ব পাৰিছে।

 দৰব বিধৰ পৰীক্ষণ কৰিবলৈ কৰ্কট ৰোগত আক্ৰান্ত  ১৮ ৰোগীক বাছি লোৱা হৈছিল। ছয় মাহৰ বাবে তেওঁলোকক ডষ্টাৰলিমাব নামৰ ঔষধ বিধ গ্ৰহণ কৰিবলৈ দিয়া হৈছিল। ছমাহৰ পিছত কৰা পৰীক্ষাত এই কথা প্ৰমাণ হয় যে  তেওঁলোকৰ প্ৰত্যেকৰেই দেহৰ পৰা কৰ্কট সৃষ্টি কৰা  টিউমাৰ নাইকিয়া হৈ পৰিছে।

স্বাস্থ্য বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে ডষ্টাৰলিমাব নামৰ ঔষধ বিধে মানৱ শৰীৰত বিকল্প এণ্টিবডী হিচাপে কাম কৰে। এই দৰব বিধে সেয়ে ১৮ গৰাকী ৰোগীৰেই কৰ্কট নিৰাময় কৰিবলৈ সক্ষম হৈছে।

এণ্ডোস্কোপী; পজিট্ৰন এমিছন টমোগ্ৰাফী , পিইটি স্কেন , এমআৰআই স্কেন আদি কৰাৰ পিছত ৰোগী কেইগৰাকীৰ দেহত কৰ্কট সৃষ্টিকাৰী টিউমাৰ নোহোৱা হৈ পৰাৰ কথা প্ৰমাণ হৈছে।

 নিউয়ৰ্কৰ মেম'ৰিয়েল স্লোয়ান কেটাৰিং কেন্সাৰ চেণ্টাৰৰ বিশেষজ্ঞ  ডাঃ লুইছ এ. ডিয়াজ জেয়ে এই প্ৰসংগত  কয়—   "কৰ্কট ৰোগৰ চিকিৎসাৰ ইতিহাসত এনেধৰণৰ সাফল্যৰ ঘটনা  এয়াই প্ৰথম "। এই ঔষধ ব্যৱহাৰৰ পূৰ্বে ৰোগীসকলে তেওঁলোকৰ কৰ্কট ৰোগৰ কোষ ধ্বংস কৰিবলৈ  কেমোথেৰাপী, অস্ত্ৰোপচাৰ আদিও কৰিছিল। কিন্তু বিশেষ সুফল পোৱা নাছিল।কিন্তু ডষ্টাৰলিমাব নামৰ ঔষধবিধ পৰীক্ষামূলক ভাবে ব্যৱহাৰ কৰাৰ পিছতে তেওঁলোকে যাদুকৰী ফল লাভ কৰিবলৈ সক্ষম হয়। এই ঔষধ বিধে শৰীৰৰ আন অংশত হোৱা কৰ্কট ৰোগ নিৰাময় কৰিব পাৰিবনে নাই সেই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কলোৰেক্টল কৰ্কট বিশেষজ্ঞ ডাঃ এলান পি ভেনুকে ।

মলদ্বাৰৰ কোষবোৰ পৰিৱৰ্তন হ'লে আৰু নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গ'লে   মলদ্বাৰৰ কৰ্কট ৰোগ হোৱাৰ আশংকা থাকে। মলদ্বাৰৰ ভিতৰত টেমুনাৰ সৃষ্টি হয়,যাক পলিপ বুলি কোৱা হয়। এই টেমুনা  বৃদ্ধি পাবলৈ ধৰে আৰু এটা সময়ত ই  কৰ্কট ৰোগত পৰিণত হয় ।

বয়স বঢ়াৰ লগে লগে মলদ্বাৰৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পায়।  পুৰুষৰ তুলনাত মহিলাৰ মলদ্বাৰৰ কৰ্কট ৰোগ হোৱাৰ আশংকা বেছি থাকে বুলি স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ