--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপক কুমাৰ নামৰ এজন যুৱকৰ জীৱনত এতিয়া ঘোৰ অমানিশা। মনে-প্ৰাণে ভালপাই এগৰাকী যুৱতীক পত্নী কৰাৰ সপোন দেখিছিল দীপক কুমাৰে। ইনষ্টাগ্ৰামত তিনি বছৰে প্ৰেম কৰি বিয়াৰ সিদ্ধান্ত লৈছিল দীপকে। তাতে লাগিল অথন্তৰ। বৰ বেয়াকৈ ঠগিলে হবলগীয়া কইনাই।

জলন্ধৰৰ বাসিন্দা দীপক কুমাৰে দৰা সাজি, বেণ্ডপাৰ্টিসহ ১৫০জন বৰযাত্ৰী লগত লৈ কইনা নিবলৈ আহে। কইনাৰ নাম মনপ্ৰীত কৌৰ। বিয়াৰ বাবে কইনাই ঠিকনা দিছিল ৰোজ গাৰ্ডেন পেলেচৰ। তাত উপস্থিত হৈ দৰা আৰু বৰযাত্ৰীয়ে মূৰে-কপালে হাত দিয়ে কিয়নো ৰোজ গাৰ্ডেন পেলেচ নামৰ কোনো ভৱনেই নাই। সেই ঠাইত উপস্থিত নাছিল কইনাও। 

ইনষ্টাগ্ৰামত তিনিবছৰীয়া প্ৰেমৰ অন্তত দীপকে মনপ্ৰীত কৌৰক জীৱনসংগী কৰাৰ সিদ্ধান্ত লয় যদিও বিয়াৰ দিনাই মনপ্ৰীতৰ খা-খবৰ নোহোৱা হল। দৰা দীপকৰ সৈতে বৰযাত্ৰীসকল খালী হাতেৰে উভতি আহিব লগা হয়।


তথ্য অনুসৰি জলন্ধাৰৰ মন্দিয়ালা গাঁৱৰ বাসিন্দা দীপক কুমাৰ এমাহ পূৰ্বে ডুবাইৰ পৰা উভতি আহিছিল। দীপকে ইনষ্টাগ্ৰামত মনপ্ৰীত কৌৰ নামৰ ছোৱালী এজনীৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছিল। এই বন্ধুত্ব ইমানেই গভীৰ হৈ পৰিল যে দুয়োজনে ৩ বছৰৰ পিছত বিয়া হোৱাৰ সিদ্ধান্ত লয়। দুয়ো কেতিয়াও লগ পোৱা নাছিল। লগ নোপোৱাকৈয়ে দুয়ো বিয়াৰ দিন ঠিক কৰে।

মোগাৰ ৰোজ গাৰ্ডেন পেলেচত বুকিং কৰা হৈছিল। বিয়াৰ শোভাযাত্ৰা লৈ দৰা প্ৰায় ১২ বজাৰ ওচৰ পালেগৈ, কিন্তু মোগা পোৱাৰ পিছত গম পালে যে সেই নামৰ কোনো ভৱন নাই। ছোৱালীজনীক কল কৰাত তেওঁ কয় যে ৰ’বা, আমি আহি আছো। ইয়াৰ পাছত ফোনটো চুইচ অফ হৈ গ’ল। দুপৰীয়া ১২ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ মোগাৰ লোহাৰা চ’কত প্ৰায় ডেৰশ মানুহৰ সৈতে দৰা ৰৈ থাকিল যদিও কোনো নাহিল।

বহু সময় অপেক্ষাৰ অন্তত দীপক আৰু তেওঁৰ পিতৃ প্ৰেম চান্দে থানালৈ গৈ বিষয়টোৰ অভিযোগ উত্থাপন কৰে। অভিযোগত দীপকে কয় যে তেওঁ আগতে ডুবাইৰ এটা কোম্পানীত কাম কৰিছিল। মনপ্ৰীত কৌৰ নামৰ যুৱতীগৰাকীৰ সৈতে কথা-বতৰা হৈছিল ইনষ্টাগ্ৰাম একাউণ্টত। আনকি ছোৱালীজনীৰ লগত বিয়াৰ কথাও চলিছিল যদিও তেওঁ প্ৰতাৰণাৰ বলি হয়। 

দীপকে কয় যে মনপ্ৰীতে খৰচৰ বাবে ৫০-৬০ হাজাৰ টকা বিচাৰিছিল, কিন্তু তেওঁ বিয়া পাতিবলৈ নাহিল। ১৫০ জন বৰযাত্ৰীৰ সৈতে দীপকে ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰি থাকিল। এই বিষয়ত আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে দীপকে।

ল’ৰাটোৰ পিতৃ প্ৰেম চান্দে কয় যে তেওঁ ব্যক্তিগতভাৱে ছোৱালীজনীৰ পিতৃ-মাতৃৰ সৈতে কথা পতা নাছিল, কিন্তু ছোৱালীজনীৰ সৈতে কথা পাতিছিল। ইয়াৰ পূৰ্বে ২ ডিচেম্বৰত বিয়াৰ কথা কোৱা হৈছিল যদিও ছোৱালীজনীয়ে কৈছিল যে দেউতাকৰ অৱস্থা ভাল নহয়, গতিকে ৬ ডিচেম্বৰত বিয়া হ’ব। যিটো ভৱনৰ কথা কোৱা হৈছিল, সেই ভৱনটো মোগাত নাই। আমাক প্ৰতাৰণা কৰা হৈছে। আমাক ন্যায় লাগে। 

মোগা আৰক্ষী থানাৰ এ এছ আই হৰজিন্দৰ সিঙে কল ৰেকৰ্ডিং আৰু উপলব্ধ সবিশেষৰ জৰিয়তে তদন্ত কৰা হ’ব বুলি আশ্বাস দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ