--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নী নিকিতা সিংঘানিয়া আৰু পত্নীৰ পৰিয়ালৰ মানসিক হাৰাশাস্তি, ইটোৰ পাছত সিটো গোচৰ আৰু ৩ কোটি টকা দাবীৰ বাবেই সোমবাৰে বেংগালুৰুত কৰ্মৰত ছফ্টৱেৰ অভিযন্তা অতুল সুভাষে আত্মহত্যা কৰিবলৈ বাধ্য হোৱাৰ কথাটোৱে বর্তমান সমগ্র দেশকে জোকাৰি গৈছে। 

বেংগালুৰুৰ মাৰঠাহল্লিৰ মুন্নেকোলালু এলেকাত থকা ঘৰৰ চিলিং ফোনত চিপ লৈ ৩৪ বছৰীয়া অভিযন্তাজনে আত্মহত্যা কৰে। তেওঁ আত্মহত্যাৰ পূর্বে এটা ভিডিঅ' প্রস্তুত কৰি পত্নী আৰু পত্নীৰ পৰিয়ালৰ লোকে কৰি অহা মানসিক হাৰাশাস্তিৰ বিষয়ে উল্লেখ কৰে। তদুপৰি ২৪ পৃষ্ঠাৰ আত্মহত্যা টোকা লিখিও তেওঁ পত্নীৰ দ্বাৰা সম্মুখীন হোৱা মানসিক অত্যাচাৰ, ভুৱা অভিযোগৰ গোচৰ আৰু তিনি কোটি টকা বিচৰাৰ বিষয়ে সকলো কথা লিখি থৈ যায়। 

বেংগালুৰুৰ 'মহিন্দ্ৰ এণ্ড মহিন্দ্র'ত এআই অভিযন্তা হিচাপে কাম কৰা অতুল সুভাষে এনেদৰে আত্মহত্যা কৰাৰ পাছৰে পৰাই সামাজিক মাধ্যমত #MenToo হেছটেগ ট্রেন্ডিং হ'বলৈ ধৰে। তেওঁৰ অন্তিম ভিডিঅ'ও সামাজিক মাধ্যমত ভাইৰেল হৈছে। গতিকে বহুতে 'জাষ্টিচ ফৰ অতুল সুভাষ' হেছটেগেৰে প্ৰচাৰ চলায়। বহু পুৰুষে কিদৰে পত্নীৰ দ্বাৰা অমানুষিক অত্যাচাৰৰ সন্মুখীন হৈছে, সেয়াও #MenToo হেছটেগেৰে বহুতে প্ৰচাৰ চলায়। 

অতুলৰ পত্নী নিকিতা সিংঘানিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ আৰু অতুলৰ পৰিয়ালক ন্যায় দিবলৈও তেওঁলোকে আহ্বান জনায়। উল্লেখ্য, অতুলে নিকিতা সিংঘানিয়াৰ সৈতে 'ছাদী ডট কম'ৰ জৰিয়তে - চিনাকি হৈ ২০১৯ চনত বিয়া কৰাইছিল। নিকিতাৰ ঘৰ আছিল উত্তৰ প্ৰদেশৰ জৌনপুৰত। কিন্তু সেই নিকিতাই তেওঁৰ জীৱনটো দুর্বিসহ কৰি তোলে। অতুলৰ পিতৃয়ে ন্যায় বিচাৰি কাতৰ আহ্বান জনাইছে। অতুলৰ ভাতৃয়ে নিকিতা সিংঘানিয়াক গ্ৰেপ্তাৰৰ দাবী জনাইছে। মহিলা বা যুৱতীয়ে আত্মহত্যা কৰিলে প্রমাণ অবিহনে প্রেমিক বা স্বামীক যিদৰে গ্ৰেপ্তাৰ কৰা হয়, তেনেদৰে নিকিতাকো গ্রেপ্তাৰৰ দাবী জনায় তেওঁ। এই জোৰদাৰ বিৰোধিতাৰ পাছতে বেংগালুৰুৰ আৰক্ষীয়ে নিকিতা সিংঘানিয়া আৰু আন চাৰিজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ