--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিছুদিনৰ পূৰ্বে এগৰাকী এআই আভিযন্তাৰ আত্মহত্যাৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি যোৱাৰ সময়তে পুৰুষত্ব বনাম নাৰীত্বৰ বিষয়ত সন্মুখলৈ আহিছে কিছুমান প্ৰশ্ন৷ নাৰীত কৈ পুৰুষ দুৰ্বল নেকি মানসিক ভাৱে? পুৰুষত্ব আৰু নাৰীত্ব সন্দৰ্ভত পুুৰুষ তান্ত্রিক সমাজ ৱ্যৱস্থাই জনমানসত বোৱাই দিয়া চিন্তাধাৰাৰ প্ৰৱাহ! যি পুৰুষ নাৰী উভয়ৰে মনোজগতত কেনে প্ৰভাৱ পেলাই সেয়া হয়টো ভাবিচোৱাৰ কাৰো আহৰি নাই৷ এনে কিছুমান ৰক্ষণশীল চিন্তাধাৰা এনেদৰে শিপাই আছে যাৰ প্ৰতিফল আজি সকলোৱে ভুগি আছে৷ এনে ব্যৱস্থা তথা সমাজত নাৰীয়ে হওক বা পুৰুষৰে হওক বহু কথাই মনৰ মাজতে পৰি ৰয়... যাৰ বুজা সহিব নোৱাৰি একাংশ লোকে আত্মহননৰ দৰে পন্থা বাছি লয়৷  

সমগ্ৰ বিশ্বৰ পৰিসংখ্যা অনুসৰি পুৰুষসকলৰ মাজত সঘনাই আত্মহত্যাৰ প্ৰৱনাত পৰিলক্ষিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ প্ৰতি ১০০,০০০ পুৰুষৰ ভিতৰত ১২.৬ জন পুৰুষে আত্মহত্যা কৰে। একে সময়তে, প্ৰতি এক লাখ মহিলাৰ ক্ষেত্ৰত আত্ম হত্যাৰ হাৰ ৫.৪। ২০২২ চনৰ এনচিআৰবি প্ৰতিবেদন অনুসৰি ৩০ৰ পৰা ৪৫ বছৰ বয়সৰ অধিক লোকে আত্মহননৰ পথ বাছি লয়। ইয়াৰ পিছত, ১৮ৰ পৰা ৩০ বছৰৰ পৰা তাৰ পিছত ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত আত্মহত্যাৰ ঘটনা সচৰাচৰ দেখিবলৈ পোৱা যায়৷

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ৭ লাখতকৈ অধিক লোকে আত্মহত্যা কৰে।যাৰ বাবে সমগ্ৰ বিশ্বতে আত্মহত্যা মৃত্যুৰ তৃতীয় প্ৰধান কাৰণ হিচাপে পৰিগণিত হৈছে। কেৱল ভাৰততে বছৰৰ পিছত বছৰ ধৰি আত্মহত্যা কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে।

দুটা দশকৰ পৰিসংখ্যা অনুসৰি ভাৰতত প্ৰতি ১০টা আত্মহত্যাৰ ঘটনাৰ ভিতৰত ৬ বা ৭ জনেই পুৰুষ। ২০০১ চনৰ পৰা ২০২২ চনৰ ভিতৰত প্ৰতি বছৰে আত্মহত্যা কৰা মহিলাৰ সংখ্যা ৪০ৰ পৰা ৪৮ হাজাৰৰ ভিতৰত আছিল। ইয়াৰ পৰিৱৰ্তে আত্মহত্যা কৰা পুৰুষৰ সংখ্যা ৬৬ হাজাৰৰ পৰা ১ লাখৰ ওপৰলৈ বৃদ্ধি পাইছে।

২০২২ চনত ১.৭০ লাখতকৈ অধিক লোকৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিছিল, ইয়াৰে ১.২২ লাখতকৈ অধিকলোক পুৰুষ। অৰ্থাৎ প্ৰতিদিনে গড়ে ৩৩৬ জন পুৰুষে আত্মহত্যা কৰে। এই অনুসৰি প্ৰতি গড়ে ৪ মিনিটৰ মূৰে মূৰে এজন পুৰুষে আত্মহত্যা কৰি আছে। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে পুৰুষৰ তুলনতা মহিলাৰ আত্মত্যাৰ হাৰ নিম্ন৷

পুৰুষে হওক বা মহিলা আত্মহত্যা একপ্ৰকাৰৰ ৰোগ৷ যাৰ বাবে আমি প্ৰত্যকেই দায়ী ৷দায়ী আমাৰ সমাজ ব্যৱস্থাও৷ কিয়নো আমাৰ সৰু ডাঙৰ প্ৰত্যেকটো কামৰ দ্বাৰা   প্ৰত্যেকেই প্ৰভৱিত হয়৷ শৰীৰৰ যতন লোৱাৰ দৰে মানসিক স্বাস্থৰো যতন অতি প্ৰয়োজনীয়৷ শৰীৰৰ লগতে মানসিক স্বাস্থ্য ভালে থাকিলে অপৰাধ প্ৰৱণতা কমি আহিব৷ 
FOLLOW US F
POPULAR
FEATURE
TRENDY
জোঁৱাইক ২৫ ছেকেণ্ডত ৩৫ টাতকৈ অধিক ঘোচা  মাৰিলে শহুৰৰ পৰিয়ালে! চিচিটিভিত বন্দী নৃশংসতা
বামুণীমৈদামত ভয়ংকৰ অগ্নিকাণ্ড!  সম্পূৰ্ণৰূপে ভস্মীভূত এটা কাৰ্যালয়ৰ কোঠা
অমিতা খাওক, আঁতৰত থাকিব মুখৰ বলিৰেখা
হাল বাবলৈ যোৱা মেইটেই কৃষকক বাধা কুকি দলৰ
খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে আজি ভংগ কৰিব পাৰে ২০ বছৰৰ অভিলেখ
ইজৰাইলক গৰিহণাৰ এছ চি অ'ৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিল ভাৰত
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?