--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহু বিতৰ্কৰ মাজতে বলীউডৰ অভিনেত্রী মমতা কুলকার্ণিয়ে কিন্নৰ আখাড়াৰ মহামণ্ডলেশ্বৰ পদৰ পৰা পদত্যাগ কৰে। এই কথা ঘোষণা কৰি তেওঁ কয় যে ইয়াৰ পূর্বে তেওঁ সৰু কালৰে পৰাই সাধ্বী আছিল আৰু এতিয়াও সাধ্বী হৈয়ে থাকিব। সাধ্বী হিচাপেই গোটেই জীৱন অতিবাহিত কৰিব বুলি তেওঁ ঘোষণা কৰে।

উল্লেখ্যযোগ্য যে, মহাকুম্ভত নিজৰ পিণ্ডদান কৰি তেওঁ জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিছিল। কিন্তু তেওঁ কিন্নৰ আখাড়াৰ মহামণ্ডলেশ্বৰ হোৱাৰ পাছতে ইয়াকে লৈ ব্যাপক বিতর্ক আৰম্ভ হৈছিল। সেই বিতৰ্কৰ বাবেই তেওঁ এই পদ এৰাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হয়। প্রয়াগৰাজৰ মহাকুম্ভত তেওঁ কিন্নৰ আখাড়াত দীক্ষা লৈছিল আৰু তাৰ পাছতে তেওঁ মহামণ্ডলেশ্বৰ পদত অধিষ্ঠিত কৰা হৈছিল। পিণ্ডদানৰ পাছত স্নান কৰা মমতা কুলকার্ণিৰ পট্টাভিষেক হৈছিল।যাৰ বাবে তেওঁ বহু সমালোচনাৰো সন্মুখীন হৈছিল। অৱশেষত এই সমালোচনা আৰু বিতৰ্কৰ মাজতে মহামণ্ডলেশ্বৰ পদ ত্যাগ কৰে মমতা কুলকার্ণিয়ে। 

(উৎসঃ দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post