--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহু বিতৰ্কৰ মাজতে বলীউডৰ অভিনেত্রী মমতা কুলকার্ণিয়ে কিন্নৰ আখাড়াৰ মহামণ্ডলেশ্বৰ পদৰ পৰা পদত্যাগ কৰে। এই কথা ঘোষণা কৰি তেওঁ কয় যে ইয়াৰ পূর্বে তেওঁ সৰু কালৰে পৰাই সাধ্বী আছিল আৰু এতিয়াও সাধ্বী হৈয়ে থাকিব। সাধ্বী হিচাপেই গোটেই জীৱন অতিবাহিত কৰিব বুলি তেওঁ ঘোষণা কৰে।

উল্লেখ্যযোগ্য যে, মহাকুম্ভত নিজৰ পিণ্ডদান কৰি তেওঁ জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিছিল। কিন্তু তেওঁ কিন্নৰ আখাড়াৰ মহামণ্ডলেশ্বৰ হোৱাৰ পাছতে ইয়াকে লৈ ব্যাপক বিতর্ক আৰম্ভ হৈছিল। সেই বিতৰ্কৰ বাবেই তেওঁ এই পদ এৰাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হয়। প্রয়াগৰাজৰ মহাকুম্ভত তেওঁ কিন্নৰ আখাড়াত দীক্ষা লৈছিল আৰু তাৰ পাছতে তেওঁ মহামণ্ডলেশ্বৰ পদত অধিষ্ঠিত কৰা হৈছিল। পিণ্ডদানৰ পাছত স্নান কৰা মমতা কুলকার্ণিৰ পট্টাভিষেক হৈছিল।যাৰ বাবে তেওঁ বহু সমালোচনাৰো সন্মুখীন হৈছিল। অৱশেষত এই সমালোচনা আৰু বিতৰ্কৰ মাজতে মহামণ্ডলেশ্বৰ পদ ত্যাগ কৰে মমতা কুলকার্ণিয়ে। 

(উৎসঃ দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement