--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ পৰিস্থিতি বৰ্তমান অস্থিৰ। ৰাজধানী কলম্বোত দেশৰ বৰ্তমান শাসকদল 'শ্ৰীলংকা পদুজানা পেৰামুনা'ৰ সমৰ্থক আৰু চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীসকলৰ মাজত তীব্ৰ সংঘৰ্ষৰ সূত্ৰপাত হোৱা দেখা গৈছে। দেশজুৰি অব্যাহত  আছে সান্ধ্যআইন। স্বাধীনতাৰ পিছত চৰম বিত্তীয় সংকটৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে দেশখনে। দেশখনৰ এনে সংকটময় পৰিস্থিতিত আৰু অধিক সৰব হৈ পৰিছে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰসকল।

এই ক্ৰিকেটাৰসকলৰ তালিকাত আছে সনথ জয়সূৰ্য, কুমাৰ চাংগাকাৰা আৰু মাহেলা জয়বৰ্ধনে। যোৱা সোমবাৰে চৰকাৰী সমৰ্থক আৰু বিৰোধীৰ মাজত বৃহৎ সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। এই সংঘৰ্ষৰ ফলত প্ৰায় ২০ জন প্ৰতিবাদকাৰী আহত হৈছিল।  ৯ এপ্ৰিলৰ পৰাই ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ ঘৰৰ সন্মুখত প্ৰতিবাদ কৰি আহিছে শ্ৰীলংকাৰ নাগৰিকে। ৰাষ্ট্ৰপতিৰ বাসভৱনৰ সন্মুখৰ পৰাই প্ৰতিবাদ আৰম্ভ হোৱা  বুলি খবৰ ওলাইছে। ফলস্বৰূপে, পৰিস্থিতি আৰু অধিক বেয়াৰ দিশে যোৱাৰ আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞ সকলে। শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাক্ষেই এনে পৰিস্থিতিৰ সমাপ্তিৰ বাবে টুইট কৰিছে। অৱশ্যে, প্ৰধানমন্ত্ৰীয়ে পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছত তেওঁৰ টুইটৰ উত্তৰত প্ৰাক্তন ক্ৰিকেটাৰসকলে টুইট কৰা দেখা গৈছে।

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে টুইট কৰি জয়সূৰ্যই লিখিছে, ‘মই কেতিয়াও ভবা নাছিলো যে, নিৰীহ প্ৰতিবাদকাৰীসকলৰ ওপৰত এনে গুণ্ডামি আচৰণ কৰা হ'ব। আৰক্ষীয়ে মনত ৰাখিব লাগিব যে তেওঁলোক এই দেশৰ লোকসকলক সুৰক্ষা দিবলৈ আছে, দুৰ্নীতিগ্ৰস্ত ৰাজনীতিবিদসকলক নহয়।’  প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে লগতে কয়, ‘ৰাজাপাক্ষে, আপোনাৰ দিন উকলিল। জয়সূৰ্যৰ সতীৰ্থ ছাংগাকাৰা আৰু জয়বৰ্ধনে চৰকাৰৰ কাষত থিয় দিয়া প্ৰতিবাদকাৰীসকলক ‘গুণ্ডা’ বুলি অভিহিত কৰিছে।

এক টুইটযোগে জয়ৱৰ্ধনাই লিখিছে, ‘এই গুণ্ডাসকল আজি পুৱা প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত একত্ৰিত হৈছিল। তেওঁলোকে নিৰীহ শান্তিপূৰ্ণ চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীসকলক আক্ৰমণ কৰিবলৈ বৃহৎ সংখ্যাত আহিছিল। এইটো কেনেকৈ হ'ব পাৰে? আৰক্ষী আৰু আনলোকসকলে এই গুণ্ডামি নীৰৱে থিয় হৈ চাই আছিল।’

ক্ষোভিত ছাংগাকাৰাই লিখিছে, ‘আপোনাৰ সমৰ্থকেই হিংসা বিয়পাইছে। শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আক্ৰমণৰ বিৰুদ্ধে আপোনাৰ কাৰ্যালয়ত উপস্থিতি হৈছিল এই গুণ্ডাবোৰ। স্মৰ্তব্য যে, ইয়াৰ পূৰ্বেও দেশখনৰ দুৰ্দশাৰ প্ৰসংগত মাত মাতিছিল শ্ৰীলংকান ক্ৰিকেটাৰ সকলে।এইবাৰো চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰা দেখা গৈছে তেওঁলোকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং