--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ পৰিস্থিতি বৰ্তমান অস্থিৰ। ৰাজধানী কলম্বোত দেশৰ বৰ্তমান শাসকদল 'শ্ৰীলংকা পদুজানা পেৰামুনা'ৰ সমৰ্থক আৰু চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীসকলৰ মাজত তীব্ৰ সংঘৰ্ষৰ সূত্ৰপাত হোৱা দেখা গৈছে। দেশজুৰি অব্যাহত  আছে সান্ধ্যআইন। স্বাধীনতাৰ পিছত চৰম বিত্তীয় সংকটৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে দেশখনে। দেশখনৰ এনে সংকটময় পৰিস্থিতিত আৰু অধিক সৰব হৈ পৰিছে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰসকল।

এই ক্ৰিকেটাৰসকলৰ তালিকাত আছে সনথ জয়সূৰ্য, কুমাৰ চাংগাকাৰা আৰু মাহেলা জয়বৰ্ধনে। যোৱা সোমবাৰে চৰকাৰী সমৰ্থক আৰু বিৰোধীৰ মাজত বৃহৎ সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। এই সংঘৰ্ষৰ ফলত প্ৰায় ২০ জন প্ৰতিবাদকাৰী আহত হৈছিল।  ৯ এপ্ৰিলৰ পৰাই ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ ঘৰৰ সন্মুখত প্ৰতিবাদ কৰি আহিছে শ্ৰীলংকাৰ নাগৰিকে। ৰাষ্ট্ৰপতিৰ বাসভৱনৰ সন্মুখৰ পৰাই প্ৰতিবাদ আৰম্ভ হোৱা  বুলি খবৰ ওলাইছে। ফলস্বৰূপে, পৰিস্থিতি আৰু অধিক বেয়াৰ দিশে যোৱাৰ আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞ সকলে। শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাক্ষেই এনে পৰিস্থিতিৰ সমাপ্তিৰ বাবে টুইট কৰিছে। অৱশ্যে, প্ৰধানমন্ত্ৰীয়ে পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছত তেওঁৰ টুইটৰ উত্তৰত প্ৰাক্তন ক্ৰিকেটাৰসকলে টুইট কৰা দেখা গৈছে।

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে টুইট কৰি জয়সূৰ্যই লিখিছে, ‘মই কেতিয়াও ভবা নাছিলো যে, নিৰীহ প্ৰতিবাদকাৰীসকলৰ ওপৰত এনে গুণ্ডামি আচৰণ কৰা হ'ব। আৰক্ষীয়ে মনত ৰাখিব লাগিব যে তেওঁলোক এই দেশৰ লোকসকলক সুৰক্ষা দিবলৈ আছে, দুৰ্নীতিগ্ৰস্ত ৰাজনীতিবিদসকলক নহয়।’  প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে লগতে কয়, ‘ৰাজাপাক্ষে, আপোনাৰ দিন উকলিল। জয়সূৰ্যৰ সতীৰ্থ ছাংগাকাৰা আৰু জয়বৰ্ধনে চৰকাৰৰ কাষত থিয় দিয়া প্ৰতিবাদকাৰীসকলক ‘গুণ্ডা’ বুলি অভিহিত কৰিছে।

এক টুইটযোগে জয়ৱৰ্ধনাই লিখিছে, ‘এই গুণ্ডাসকল আজি পুৱা প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত একত্ৰিত হৈছিল। তেওঁলোকে নিৰীহ শান্তিপূৰ্ণ চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীসকলক আক্ৰমণ কৰিবলৈ বৃহৎ সংখ্যাত আহিছিল। এইটো কেনেকৈ হ'ব পাৰে? আৰক্ষী আৰু আনলোকসকলে এই গুণ্ডামি নীৰৱে থিয় হৈ চাই আছিল।’

ক্ষোভিত ছাংগাকাৰাই লিখিছে, ‘আপোনাৰ সমৰ্থকেই হিংসা বিয়পাইছে। শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আক্ৰমণৰ বিৰুদ্ধে আপোনাৰ কাৰ্যালয়ত উপস্থিতি হৈছিল এই গুণ্ডাবোৰ। স্মৰ্তব্য যে, ইয়াৰ পূৰ্বেও দেশখনৰ দুৰ্দশাৰ প্ৰসংগত মাত মাতিছিল শ্ৰীলংকান ক্ৰিকেটাৰ সকলে।এইবাৰো চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰা দেখা গৈছে তেওঁলোকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ