--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ ৮২ ৰানত অল আউট। লীগ তালিকাৰ দ্বিতীয় স্থানত থকা দলটোৰ পৰা এনে প্ৰদৰ্শন একেবাৰে আশা কৰা নাছিল অনুৰাগীয়ে। দলটোৰ এনে প্ৰদৰ্শনৰ বাবে ৰাহুল বাহিনীৰ ওপৰত ক্ষোভ উজাৰিছে পৰামৰ্শদাতা গৌতম গম্ভীৰে। ড্ৰেছিং ৰুমত ক্ৰিকেটাৰসকলক গৌতম গম্ভীৰে গালি পৰা বুলি খবৰ ওলাইছে।

হাৰ্ডিক পাণ্ডিয়াৰ গুজৰাট টাইটানছে মঙলবাৰে নিশা লক্ষ্ণৌ ছুপাৰ জায়াণ্টছক পৰাস্ত কৰি প্লে’ অফৰ প্ৰথম স্থানলৈ উন্নীত হৈছে গুজৰাট টাইটানছ। বিপক্ষৰ বলাৰৰ বলিঙৰ সন্মুখত তিস্তি থাকিব নোৱাৰিলে কেএল ৰাহুল, দীপক হুডা, কুইন্টন ডি ককৰ দৰে বেটছমেন।  গুজৰাটৰ বিৰুদ্ধে লক্ষ্ণৌৰ এয়া যেন সহজ আত্মসমৰ্পণ। দলটোৰ এনে প্ৰদৰ্শনে উদ্বিগ্ন কৰি তুলিছে গম্ভীৰক। ফ্ৰেঞ্চাইজীটোৱে ইনষ্টাগ্ৰামত এটা ভিডিঅ' পোষ্ট কৰিছিল। এইঅ ভিডিঅ’টোতে গৌতম গম্ভীৰক ড্ৰেছিং ৰুমত ক্ৰিকেটাৰসকলৰ ওপৰত খং কৰা দেখা যায়।

তেওঁ কয়, ‘খেলত জয়-পৰাজয় থাকিবই। এইটো ডাঙৰ কথা নহয়। কিন্তু আপুনি কেতিয়াও আত্মসমৰ্পণ কৰিব নোৱাৰে। আজি মোৰ এনেকুৱাই অনুভৱ হৈছিল। আৰু সেইবাবে মোৰ বেয়া লাগিছে। আইপিএল বা আন যিকোনো প্ৰতিযোগিতাত আত্মসমৰ্পণ কৰাটো নীতিবিৰুদ্ধ। আমি এই প্ৰতিযোগিতাখনত বহুতো দলক পৰাস্ত কৰিছো। আমাৰ প্ৰদৰ্শন ভাল। কিন্তু আজি মোৰ এনে ভাৱ হ’লে যেন আমাৰ খেলৰ কোনো জ্ঞানে নাই।’

গুজৰাটৰ জাৰ্ছীত দুৰ্বল ফৰ্মৰ বাবে সমালোচিত হৈছিল শুভমন গীল।কিন্তু লক্ষ্ণৌৰ বিৰুদ্ধে ৬৩ ৰানত অপৰাজিত আছিল তেওঁ। আনহাতে, ৰছিদ খানে ২৪ ৰানত ৪টা উইকেট দখল কৰি কে এল ৰাহুল বাহিনীৰ বেটিং অৰ্ডাৰ ধ্বংস কৰে। আৰু ইয়াৰ সুবাদতে গুজৰাটে ১২ খন মেচৰ পৰা ১৮ পইণ্ট লাভ কৰি প্লে’ অফলৈ উন্নীত হয়। আনহাতে, ১২ খন খেলৰ পৰা ১৬ পইণ্ট লাভ কৰি লীগ তালিকাৰ দ্বিতীয় স্থানত আছে লক্ষ্ণৌ। গম্ভীৰৰ মাষ্টাৰপ্লেন অনুসৰণ কৰা দলটোৱে কিদৰে প্ৰত্যাৱৰ্তন কৰে সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত