--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ ৮২ ৰানত অল আউট। লীগ তালিকাৰ দ্বিতীয় স্থানত থকা দলটোৰ পৰা এনে প্ৰদৰ্শন একেবাৰে আশা কৰা নাছিল অনুৰাগীয়ে। দলটোৰ এনে প্ৰদৰ্শনৰ বাবে ৰাহুল বাহিনীৰ ওপৰত ক্ষোভ উজাৰিছে পৰামৰ্শদাতা গৌতম গম্ভীৰে। ড্ৰেছিং ৰুমত ক্ৰিকেটাৰসকলক গৌতম গম্ভীৰে গালি পৰা বুলি খবৰ ওলাইছে।

হাৰ্ডিক পাণ্ডিয়াৰ গুজৰাট টাইটানছে মঙলবাৰে নিশা লক্ষ্ণৌ ছুপাৰ জায়াণ্টছক পৰাস্ত কৰি প্লে’ অফৰ প্ৰথম স্থানলৈ উন্নীত হৈছে গুজৰাট টাইটানছ। বিপক্ষৰ বলাৰৰ বলিঙৰ সন্মুখত তিস্তি থাকিব নোৱাৰিলে কেএল ৰাহুল, দীপক হুডা, কুইন্টন ডি ককৰ দৰে বেটছমেন।  গুজৰাটৰ বিৰুদ্ধে লক্ষ্ণৌৰ এয়া যেন সহজ আত্মসমৰ্পণ। দলটোৰ এনে প্ৰদৰ্শনে উদ্বিগ্ন কৰি তুলিছে গম্ভীৰক। ফ্ৰেঞ্চাইজীটোৱে ইনষ্টাগ্ৰামত এটা ভিডিঅ' পোষ্ট কৰিছিল। এইঅ ভিডিঅ’টোতে গৌতম গম্ভীৰক ড্ৰেছিং ৰুমত ক্ৰিকেটাৰসকলৰ ওপৰত খং কৰা দেখা যায়।

তেওঁ কয়, ‘খেলত জয়-পৰাজয় থাকিবই। এইটো ডাঙৰ কথা নহয়। কিন্তু আপুনি কেতিয়াও আত্মসমৰ্পণ কৰিব নোৱাৰে। আজি মোৰ এনেকুৱাই অনুভৱ হৈছিল। আৰু সেইবাবে মোৰ বেয়া লাগিছে। আইপিএল বা আন যিকোনো প্ৰতিযোগিতাত আত্মসমৰ্পণ কৰাটো নীতিবিৰুদ্ধ। আমি এই প্ৰতিযোগিতাখনত বহুতো দলক পৰাস্ত কৰিছো। আমাৰ প্ৰদৰ্শন ভাল। কিন্তু আজি মোৰ এনে ভাৱ হ’লে যেন আমাৰ খেলৰ কোনো জ্ঞানে নাই।’

গুজৰাটৰ জাৰ্ছীত দুৰ্বল ফৰ্মৰ বাবে সমালোচিত হৈছিল শুভমন গীল।কিন্তু লক্ষ্ণৌৰ বিৰুদ্ধে ৬৩ ৰানত অপৰাজিত আছিল তেওঁ। আনহাতে, ৰছিদ খানে ২৪ ৰানত ৪টা উইকেট দখল কৰি কে এল ৰাহুল বাহিনীৰ বেটিং অৰ্ডাৰ ধ্বংস কৰে। আৰু ইয়াৰ সুবাদতে গুজৰাটে ১২ খন মেচৰ পৰা ১৮ পইণ্ট লাভ কৰি প্লে’ অফলৈ উন্নীত হয়। আনহাতে, ১২ খন খেলৰ পৰা ১৬ পইণ্ট লাভ কৰি লীগ তালিকাৰ দ্বিতীয় স্থানত আছে লক্ষ্ণৌ। গম্ভীৰৰ মাষ্টাৰপ্লেন অনুসৰণ কৰা দলটোৱে কিদৰে প্ৰত্যাৱৰ্তন কৰে সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ