--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কংগ্ৰেছক দূৰৰ পৰাই নমস্কাৰ! দেশৰ আগশাৰীৰ নিৰ্বাচনী ৰণকৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰৰ এক মন্তব্যই ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। কিছুদিন পূৰ্বে প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰিব বুলি চলা ব্যাপক চৰ্চা তথা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে তেওঁৰ ধাৰাবাহিক বৈঠকে দেশৰ ৰাজনীতিত তোলপাৰ লগোৱাৰ পাছত এতিয়া প্ৰশান্ত কিশোৰৰ স্থিতি সলনি হোৱা দেখিবলৈ পোৱা গৈছে। অৱশ্যে কংগ্ৰেছৰ সৈতে তেওঁৰ আনুষ্ঠানিক সম্পৰ্ক নোহোৱাটো নিশ্চিত হৈছিল পূৰ্বেই। আৰু এতিয়া কংগ্ৰেছক জুই পানী এলাগী কৰাৰ দৰে মনোভাৱ পোষণ কৰাক লৈ চৰ্চা চলিছে তীব্ৰ ৰূপত।

কংগ্ৰেছে তেওঁৰ পেচাদাৰী ভাৱমূৰ্তি বিনষ্ট কৰিব বুলি উল্লেখ কৰি প্ৰশান্ত কিশোৰে মন্তব্য কৰিছে যে, তেওঁ কংগ্ৰেছৰ সৈতে আৰু কাম নকৰে। বিভিন্ন দলৰ সৈতে তেওঁৰ অতীতৰ সহযোগিতামূলক সম্পৰ্কৰ কথা স্মৰণ কৰি তেওঁ কয় যে, ২০১৭ চনত কংগ্ৰেছৰ সৈতে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ব্যতিৰেকে বাকী সকলো লক্ষ্যত তেওঁ উপনীত হ’বলৈ সক্ষম হৈছিল।

তেওঁ কয়, ২০১৪ চনত মই বিজেপিৰ সৈতে লোকসভা নিৰ্বাচনক লৈ কাম কৰিছিলোঁ। ২০১৫ চনত জেডিইউৰ সৈতে বিহাৰত, ২০১৭ চনত পঞ্জাবত কংগ্ৰেছৰ সৈতে, ২০১৯ত জগন মোহন ৰেড্ডীৰ সৈতে অন্ধ্ৰ প্ৰদেশত, ২০২০ চনত অৰবিন্দ কেজৰিৱালৰ সৈতে দিল্লীত, ২০২১ চনত পশ্চিমবংগ আৰু তামিলনাডুত নিৰ্বাচনী ৰণনীতি নিৰ্ধাৰণৰ কাম কৰিছিলোঁ। ২০১১ চনৰ পৰা ২০২১ চনলৈ মই ১১ টা নিৰ্বাচনত বিভিন্ন দলক দিশ নিৰ্দেশনা দিয়াৰ কাম কৰিছোঁ আৰু মাত্ৰ এটা নিৰ্বাচনত পৰাজিত হৈছোঁ। ২০১৭ চনত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে কাম কৰি মই পৰাজয় স্বীকাৰ কৰি ল’বলগীয়া হৈছিল। সেইবাবেই মই এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে, কংগ্ৰেছৰ সৈতে আৰু কাম নকৰোঁ। তেওঁলোকে মোৰ সাফল্যৰ ইতিহাস বিনষ্ট কৰি তুলিব। বিহাৰৰ বৈশালী জিলাত জন সুৰাজ কাৰ্যসূচীক লৈ এখন সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে প্ৰশান্ত কিশোৰে।

সোমবাৰে এই কাৰ্যসূচীত তেওঁ লগতে কয় যে, এতিয়া কংগ্ৰেছ যি ব্যৱস্থাৰে পৰিচালিত হৈ আছে সেই ব্যৱস্থাত তেওঁলোক নিজেটো সংশোধন নহয়েই, মোকো ডুবাব। কংগ্ৰেছৰ অৱস্থাৰ কোনো উন্নয়ন হোৱা নাই। সেইবাবেই মই কংগ্ৰেছৰ সৈতে পুনৰ কেতিয়াও কাম নকৰোঁ। সংবাদ মাধ্যমৰ আগত তেওঁ লগতে কয় যে, বিগত ৮ বছৰৰো অধিক সময় বিৰোধীৰ আসনত থকাৰ পাছতো কংগ্ৰেছে বিৰোধী দল হিচাপে কিদৰে আচৰণ কৰিব লাগে সেই বিষয়ে নাজানে বুলিও তেওঁ অভিযোগ কৰে। উল্লেখ্য যে, কংগ্ৰেছ সম্পৰ্কত মন্তব্য কৰাৰ সময়ত তেওঁ হাতযোৰ কৰি থকা দেখিবলৈ পোৱা গৈছিল। অৰ্থাৎ, বলেৰে নোৱৰা শিলক দূৰৰ পৰাই নমস্কাৰ কৰাহে যেন দেখা গৈছিল প্ৰশান্ত কিশোৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী