--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : তীব্ৰ অন্তঃকলহত জৰ্জৰিত কংগ্ৰেছ। ভৰিৰ পৰা মূৰলৈ কংগ্ৰেছৰ সাংগঠনিক গাঁঠনি যেন এতিয়া সোলোক-ঢোলোক হৈ পৰিছে। দলৰ প্ৰতি দায়বদ্ধতাহীন একাংশ নেতাই কেৱল ক্ষমতাৰ বাবে দলৰ ভিতৰচ’ৰাত সৃষ্টি কৰিছে অস্থিৰ পৰিস্থিতি। আৰু এই অস্থিৰতাৰ একমাত্ৰ কাৰণ হৈছে ক্ষমতাকেন্দ্ৰিক ৰাজনীতি। শেহতীয়াকৈ ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাক লৈও কংগ্ৰেছত বিসম্বাদৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰাৰ্থিত্ববঞ্চিত একাংশ নেতাই এতিয়া মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে।

মন কৰিবলগীয়া যে, কংগ্ৰেছে ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পূৰ্বেই দল ত্যাগ কৰিছিল জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবালে। তেওঁ উত্তৰ প্ৰদেশৰ পৰা সমাজবাদী পাৰ্টীৰ সমৰ্থন লৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল কৰিছে। কংগ্ৰেছৰ বহু চৰ্চিত ‘জি-২৩’ গোটৰ নেতাসকলৰ অন্যতম কপিল ছিবালৰ দলত্যাগৰ আঁৰত তেওঁ ৰাজ্যসভাৰ টিকট নোপোৱাৰ আশংকাই ক্ৰিয়া কৰা বুলি ধাৰণা কৰা হৈছে। কেৱল কপিল ছিবালেই নহয়, পৱন খেৰাৰ দৰে নেতায়ো টিকট বঞ্চিত হৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। কংগ্ৰেছৰ ৰাজ্যসভাৰ টিকট লাভৰ বাবে তেওঁৰ তপস্যা কম হোৱা বুলি তেওঁ মুকলিকৈ মন্তব্য কৰি অসন্তুষ্টি উদঙাই দিছে। ইফালে, কংগ্ৰেছৰ দহজনীয়া প্ৰথম প্ৰাৰ্থী তালিকাত স্থান লাভ নকৰা গোলাম নবী আজাদ, আনন্দ শৰ্মাৰ দৰে জ্যেষ্ঠ নেতায়ো দল ত্যাগ কৰিব পাৰে বুলি চৰ্চা চলিছে।

তাৎপৰ্যপূৰ্ণভাৱে কংগ্ৰেছত পদবীকেন্দ্ৰিক এই খোৱা-কামোৰা তথা দলটোৰ নেতাসকলৰ দলতকৈ নিজৰ স্থানক লৈ সচেতনতাই বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে। অসমতো সেই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ ছত্ৰছায়াত সমগ্ৰ জীৱন অতিবাহিত কৰা ভূৱনেশ্বৰ কলিতাৰ দৰে নেতাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ পৰা ৰাজ্যসভালৈ গৈছে। কেৱল এয়াই নহয়, ৰিপুন বৰাই সভাপতি পদ ত্যাগ কৰিবলগীয়া হোৱাৰ পাছতে দলো ত্যাগ কৰি তৃণমূল কংগ্ৰেছৰ সভাপতি হৈছে। পঞ্জাবৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুনীল জাখাৰেও ত্যাগ কৰিছে দল। দলত গুৰুত্ব নোপোৱাৰ অভিযোগেৰে গুজৰাটৰ যুৱ নেতা হাৰ্ডিক পেটেলে দল ত্যাগ কৰি বিজেপিলৈ যোৱাৰ বাবে সাজু হৈছে।

ইফালে, কংগ্ৰেছৰ একেখিনি নেতাই বাৰম্বাৰ সুযোগ লাভ কৰি থকাক লৈও প্ৰশ্ন উঠিছে। মন কৰিবলগীয়া কথাটো হৈছে যে, এইবাৰ কংগ্ৰেছৰ দহ জনীয়া প্ৰাৰ্থী তালিকাখন অনুসৰি প্ৰাৰ্থীত্ব পোৱা নেতাসকল হৈছে ক্ৰমে, ৰাজীন শুক্লা, ৰঞ্জিৎ ৰঞ্জন, অজয় মাকেন, জয়ৰাম ৰমেশ, বিবেক তাংখা, ইমৰাণ প্ৰতাপগঢ়ী, ৰণদ্বীপ সিং সূৰ্যেৱালা, মুকেশ ৱাছনিক, প্ৰমোদ তিৱাৰী, পি চিদাম্বৰম। অৰ্থাৎ নতুনৰ স্থান এই তালিকাত শূন্য। মাত্ৰ দুখন ৰাজ্যতহে শাসনত থকা তথা কেইখনমানত মিত্ৰ চৰকাৰৰ অংশ হৈ থকা কংগ্ৰেছে দিয়া প্ৰাৰ্থীক বহিৰাগত বুলি অভিযোগ কৰিও সমালোচনা কৰা হৈছে দলৰ মজিয়াতে।

তাৰ বিপৰীতে কিন্তু বিজেপিত এনে অব্যৱস্থা নাই বুলিব পাৰি। বিজেপিয়েও বহু জ্যেষ্ঠ নেতাক বাদ দিছে ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাৰ পৰা। চলিত চৰকাৰৰ মুখ্যমন্ত্ৰীও সলনি হৈছে। কিন্তু তাৰ পাছতো কোনো অসন্তুষ্টি তেওঁলোকে প্ৰকাশ কৰা দেখিবলৈ পোৱা হোৱা নাই। এই কঠোৰ অনুশাসন আৰু শক্তিশালী সাংগঠনিক গাঁঠনিয়েই বিজেপিৰ সাফল্যৰ অন্যতম কাৰণ হৈ পৰা বুলি চৰ্চা চলিছে। সেয়া আয়ত্ত কৰিব নোৱাৰিলে কংগ্ৰেছে বৰ বিশেষ উন্নয়ন সাধিব নোৱৰাটো স্পষ্ট বুলিব পাৰি। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ