--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দৰাই কণ্ট্ৰেকচুৱেল চাকৰি কৰা বুলি গম পাই ৰভাতলীতে বিয়া ভাঙিলে কইনাই, আনকি দৰা-কইনাৰ বৰমালা পিন্ধোৱা পৰ্যন্ত হৈ গৈছিল। উত্তৰ প্ৰদেশৰ জালাউনত ঘটিছে এই ঘটনা। বিয়াৰ দিনা কইনাই সম্পৰ্ক বিচ্ছিন্ন কৰাৰ ঘটনাটো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। অৱশেষত কইনা নিনিয়াকৈ খালী হাতে উভতিল দৰা তথা বৰযাত্ৰীসকল।

কইনাই অভিযোগ কৰি কয় যে ল’ৰাটোৰ পৰিয়ালে মিছা কথা কৈছিল যে ল’ৰাটোৰ চৰকাৰী চাকৰি আছে। বিয়াৰ দিনা বৰমালা পিন্ধোৱাৰ পাছত যেতিয়া কইনাই গোটেই সত্য গম পালে, তেতিয়া তেওঁ বিয়া কৰিবলৈ অস্বীকাৰ কৰিলে। ছোৱালীজনীয়ে অস্বীকাৰ কৰাৰ পিছত বিয়াঘৰত হুলস্থুলৰ সৃষ্টি হয়। শেষত কইনাৰ অবিহনে দৰাঘৰীয়া নিজ ঘৰলৈ ঘূৰি আহিল।

ঘটনা অনুসৰি  আকাশ দীপৰ বিবাহ ঠিক হৈছিল  সৰিতাৰ সৈতে। আকাশদীপে আদালতত ঠিকাভিত্তিক কেৰাণী হিচাপে কাম কৰি আছে। ২৫ মে’ত আকাশদীপ আৰু সৰিতাৰ বিয়াৰ দিন আছিল। বিয়াৰ সকলো কাৰ্যসূচী অতি আনন্দ আৰু সুখেৰে সম্পন্ন হৈছিল। ৰাতি প্ৰায় ন বজাত দৰা আকাশদীপ বৰযাত্ৰীসকসলক লগত লৈ কইনাঘৰত উপস্থিত হৈছিল। বিয়াৰ আলহীসকলে গীতবোৰত নাচি আছিল।বিয়াৰ সকলো  ৰীতি-নীতি পালন কৰা হয় আৰু বৰমালাও পিন্ধোৱা  হ’ল।

তেতিয়াই কোনোবাই ছোৱালীজনীৰ পৰিয়ালক ক’লে যে দৰাই  কণ্ট্ৰেকচুৱেল চাকৰি কৰে। এই খবৰ কইনা সৰিতাৰ ওচৰ পোৱাৰ লগে লগে তেওঁ খঙত উতলা হৈ পৰিল। কইনাই ক’লে যে দৰাই মিছা কথা কৈ বিয়া পাতিছে, সেয়েহে তেওঁ সেইজন ল’ৰাৰ সৈতে বিয়াত নবহে। ইয়াকে লৈ হুলস্থুলৰ সৃষ্টি হোৱাত দৰা  আকাশদীপে থানাত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে। দুয়োপক্ষৰ সৈতে বিষয়টো থানাত আলোচনা কৰা হৈছিল যদিও বিষয়টো সমাধান নহ’ল, পিছত দুয়োপক্ষই নিজ নিজ ঘৰলৈ উভতি গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ