--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দৰাই কণ্ট্ৰেকচুৱেল চাকৰি কৰা বুলি গম পাই ৰভাতলীতে বিয়া ভাঙিলে কইনাই, আনকি দৰা-কইনাৰ বৰমালা পিন্ধোৱা পৰ্যন্ত হৈ গৈছিল। উত্তৰ প্ৰদেশৰ জালাউনত ঘটিছে এই ঘটনা। বিয়াৰ দিনা কইনাই সম্পৰ্ক বিচ্ছিন্ন কৰাৰ ঘটনাটো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। অৱশেষত কইনা নিনিয়াকৈ খালী হাতে উভতিল দৰা তথা বৰযাত্ৰীসকল।

কইনাই অভিযোগ কৰি কয় যে ল’ৰাটোৰ পৰিয়ালে মিছা কথা কৈছিল যে ল’ৰাটোৰ চৰকাৰী চাকৰি আছে। বিয়াৰ দিনা বৰমালা পিন্ধোৱাৰ পাছত যেতিয়া কইনাই গোটেই সত্য গম পালে, তেতিয়া তেওঁ বিয়া কৰিবলৈ অস্বীকাৰ কৰিলে। ছোৱালীজনীয়ে অস্বীকাৰ কৰাৰ পিছত বিয়াঘৰত হুলস্থুলৰ সৃষ্টি হয়। শেষত কইনাৰ অবিহনে দৰাঘৰীয়া নিজ ঘৰলৈ ঘূৰি আহিল।

ঘটনা অনুসৰি  আকাশ দীপৰ বিবাহ ঠিক হৈছিল  সৰিতাৰ সৈতে। আকাশদীপে আদালতত ঠিকাভিত্তিক কেৰাণী হিচাপে কাম কৰি আছে। ২৫ মে’ত আকাশদীপ আৰু সৰিতাৰ বিয়াৰ দিন আছিল। বিয়াৰ সকলো কাৰ্যসূচী অতি আনন্দ আৰু সুখেৰে সম্পন্ন হৈছিল। ৰাতি প্ৰায় ন বজাত দৰা আকাশদীপ বৰযাত্ৰীসকসলক লগত লৈ কইনাঘৰত উপস্থিত হৈছিল। বিয়াৰ আলহীসকলে গীতবোৰত নাচি আছিল।বিয়াৰ সকলো  ৰীতি-নীতি পালন কৰা হয় আৰু বৰমালাও পিন্ধোৱা  হ’ল।

তেতিয়াই কোনোবাই ছোৱালীজনীৰ পৰিয়ালক ক’লে যে দৰাই  কণ্ট্ৰেকচুৱেল চাকৰি কৰে। এই খবৰ কইনা সৰিতাৰ ওচৰ পোৱাৰ লগে লগে তেওঁ খঙত উতলা হৈ পৰিল। কইনাই ক’লে যে দৰাই মিছা কথা কৈ বিয়া পাতিছে, সেয়েহে তেওঁ সেইজন ল’ৰাৰ সৈতে বিয়াত নবহে। ইয়াকে লৈ হুলস্থুলৰ সৃষ্টি হোৱাত দৰা  আকাশদীপে থানাত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে। দুয়োপক্ষৰ সৈতে বিষয়টো থানাত আলোচনা কৰা হৈছিল যদিও বিষয়টো সমাধান নহ’ল, পিছত দুয়োপক্ষই নিজ নিজ ঘৰলৈ উভতি গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ ভাৰতীয়ৰ দেহত 'নিপা' ভাইৰাছ, এছিয়াৰ বিমান বন্দৰত বিশেষ পৰীক্ষণ
ইতিহাসৰ সৰ্ববৃহৎ চুক্তিত স্বাক্ষৰ; ইউৰোপীয়ান ইউনিয়ন-ভাৰতৰ সম্পৰ্কৰ নতুন অধ্যায়
অভাৱগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে দৰঙত পোন প্ৰথমবাৰৰ বাবে মুকলি বস্ত্ৰ বেংক
ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে; ৪যাত্ৰীৰো কৰুণ মৃত্যু
বিশ্বৰ আটাইতকৈ দামী ঘৰ কোনটো? আম্বানীৰ এণ্টিলিয়া নে ব্ৰিটেইনৰ বাকিংহাম পেলেচ?
স্বাস্থ্য আৰু সুস্থ জীৱন
আজি গণেশ পূজা; কি কি ভুল কৰিব নালাগে জানি লওক
T20 বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশ নিশ্চিত; মাইকেল ক্লাৰ্কে কৰিলে ভৱিষ্যদ্বাণী
গণৰাজ্য দিৱসৰ পেৰেডত বাজিব 'মায়াবিনী'
পিছ পৰি ৰ'ব চীন-আমেৰিকা,বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’ব ভাৰত, এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী
কুম্ভ ৰাশিত ৰাহু-সূৰ্য্যৰ সংযোগঃ গ্ৰহণৰ প্ৰভাৱে ৩ ৰাশিৰ বৃদ্ধি কৰিব সমস্যা
‘বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ’ৰ প্ৰথম যাত্ৰাতেই বুকিং হ’ল সম্পূৰ্ণ আসন; ২৪ ঘণ্টাতেই শেষ সকলো টিকট
মহাৰাষ্ট্ৰৰ পৌৰ নিগমত মিত্ৰতা ৰাজ থাকৰে-একনাথ সিন্দেৰ
বিহুৰ পূৰ্বে হ'ব অসমৰ নিৰ্বাচন!