--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ অশান্ত হৈছে গোষ্ঠী সংঘৰ্ষৰে জৰ্জৰিত মণিপুৰ। মণিপুৰৰ পৰিচয়ক লৈ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কৰা অপমানজনক মন্তব্যৰ বাবে ৰাজ্যপালজনে ক্ষমা খোজাৰ দাবীত 'ক'-অর্ডিনেটিং কমিটী অন মণিপুৰ ইন্টিগ্রিটি' চমুকৈ ক'ক'মীয়ে আহ্বান জনোৱা প্ৰতিবাদৰ  প্রতি সঁহাৰি জনাই দেওবাৰে খাৱাইৰামবান্দৰ দিশৰ পৰা হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ৰাজভৱনৰ দিশত অগ্ৰসৰ হয়। ৰাজভৱনৰ দিশলৈ অগ্ৰসৰ হোৱা প্ৰতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ আৰু 'মক' বোমা নিক্ষেপ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। 

ক'ক'মী নামৰ মেইটেই সম্প্ৰদায়ৰ সংস্থাটোরে ৰাজ্যপাল ভাল্লাৰ বিৰুদ্ধে প্রতিবাদত উত্তাল কৰি তোলে। ৰাজ্যপালৰ এই মন্তব্যই মণিপুৰৰ পৰিচয়, গৌৰৱ আৰু সম্মানত আঘাত হানিছে বুলি প্রতিবাদকাৰীয়ে উল্লেখ কৰে। নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীক ৰাজভৱনলৈ যোৱাত বাধা দিয়াৰ সময়ত পাঁচজন প্রতিবাদকাৰী আহত হয়। আনহাতে, নিৰাপত্তা বাহিনীয়ে ছিৰুই লিলি ফেষ্টিভেলৰ বাতৰি সংগ্রহ কৰিবলৈ যোৱা এটা সাংবাদিকৰ দলকো বাধা দিয়াৰ অভিযোগ উঠিছে। 

ৰাজভৱনৰ সমীপত নিৰাপত্তা বাহিনীৰে প্ৰতিবাদকাৰীৰ সংঘৰ্ষৰ পাছত ৰাজ্যখনত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। সোমবাৰে এই সন্দৰ্ভত গৃহ ম্যালয়ৰে আলোচনাৰ বাবে ক'ক'মীৰ প্ৰতিনিধিৰ এটা দল নতুন দিল্লীলৈ ৰাওনা হ'ব। আনহাতে, সীমান্ত সুৰক্ষা বাহিনীৰ (বি এছ এফ) সঞ্চালক প্রধান দলজিৎ সিং চৌধুৰীয়ে তেওঁৰ দুদিনীয়া মণিপুৰ ভ্ৰমণত মণিপুৰৰ বৰ্তমানৰ আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে বুজ লয়।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ