--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ অশান্ত হৈছে গোষ্ঠী সংঘৰ্ষৰে জৰ্জৰিত মণিপুৰ। মণিপুৰৰ পৰিচয়ক লৈ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কৰা অপমানজনক মন্তব্যৰ বাবে ৰাজ্যপালজনে ক্ষমা খোজাৰ দাবীত 'ক'-অর্ডিনেটিং কমিটী অন মণিপুৰ ইন্টিগ্রিটি' চমুকৈ ক'ক'মীয়ে আহ্বান জনোৱা প্ৰতিবাদৰ  প্রতি সঁহাৰি জনাই দেওবাৰে খাৱাইৰামবান্দৰ দিশৰ পৰা হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ৰাজভৱনৰ দিশত অগ্ৰসৰ হয়। ৰাজভৱনৰ দিশলৈ অগ্ৰসৰ হোৱা প্ৰতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ আৰু 'মক' বোমা নিক্ষেপ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। 

ক'ক'মী নামৰ মেইটেই সম্প্ৰদায়ৰ সংস্থাটোরে ৰাজ্যপাল ভাল্লাৰ বিৰুদ্ধে প্রতিবাদত উত্তাল কৰি তোলে। ৰাজ্যপালৰ এই মন্তব্যই মণিপুৰৰ পৰিচয়, গৌৰৱ আৰু সম্মানত আঘাত হানিছে বুলি প্রতিবাদকাৰীয়ে উল্লেখ কৰে। নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীক ৰাজভৱনলৈ যোৱাত বাধা দিয়াৰ সময়ত পাঁচজন প্রতিবাদকাৰী আহত হয়। আনহাতে, নিৰাপত্তা বাহিনীয়ে ছিৰুই লিলি ফেষ্টিভেলৰ বাতৰি সংগ্রহ কৰিবলৈ যোৱা এটা সাংবাদিকৰ দলকো বাধা দিয়াৰ অভিযোগ উঠিছে। 

ৰাজভৱনৰ সমীপত নিৰাপত্তা বাহিনীৰে প্ৰতিবাদকাৰীৰ সংঘৰ্ষৰ পাছত ৰাজ্যখনত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। সোমবাৰে এই সন্দৰ্ভত গৃহ ম্যালয়ৰে আলোচনাৰ বাবে ক'ক'মীৰ প্ৰতিনিধিৰ এটা দল নতুন দিল্লীলৈ ৰাওনা হ'ব। আনহাতে, সীমান্ত সুৰক্ষা বাহিনীৰ (বি এছ এফ) সঞ্চালক প্রধান দলজিৎ সিং চৌধুৰীয়ে তেওঁৰ দুদিনীয়া মণিপুৰ ভ্ৰমণত মণিপুৰৰ বৰ্তমানৰ আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে বুজ লয়।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত