--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰোহিত শৰ্মাৰ স্থানত পৰৱৰ্তী টেষ্ট অধিনায়ক হিচাপে বিৰাট কোহলীক বিচাৰে মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে। কাৰণ ইয়াৰ আগেয়ে ঘাইকৈ বিদেশৰ মাটিত কোহলীৰ আক্ৰমণাত্মক নেতৃত্বত ভাৰতে উন্নত প্রদর্শন দাঙি ধৰিছিল। সম্প্রতি পৰৱৰ্তী টেষ্ট অধিনায়কৰ সন্ধান চলি থকাৰ সময়ত কোহলী অন্তৰ্ৱর্তীকালীন বিকল্প হ'ব পাৰে বুলি ভাৱে গম্ভীৰে। 

উল্লেখযোগ্য যে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ হাতত ক্রমাগত টেষ্ট শৃংখলাত পৰাজয়ৰ মুখ দেখে। লগতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ যোগ্যতা আহৰণতো ব্যর্থ হয় ভাৰত। ভাৰতীয় দলৰ শেহতীয়া প্ৰদৰ্শনৰ বাবে অধিনায়ক ৰোহিত কঠোৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে। বেট-হাতে দুর্বল প্রদর্শন দাঙি ধৰাৰ বাবে দীঘলীয়া সংস্কৰণৰ খেলবিধত ৰোহিতৰ ভৱিষ্যতক লৈও প্রশ্ন উঠিছে। 

ৰোহিতৰ পাছত পৰৱৰ্তী টেষ্ট অধিনায়ক হিচাপে অনেকেই যশপ্রীত বুমৰাহক বিচাৰে। ইফালে, আসন্ন চেম্পিয়নছ ট্রফীত ভাৰত ব্যৰ্থ হ'লে ৰোহিতৰ স্থলাভিষিক্ত হ'ব পাৰে অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া। মুখ্য প্রশিক্ষক গম্ভীৰে হার্দিকক ভাৰতীয় দলৰ সহঃ অধিনায়কৰ ৰূপত বিচাৰিছিল। পিছে মুখ্য নির্বাচক অজিত আগৰকাৰ আৰু অধিনায়ক ৰোহিতৰ দাবীৰ পৰিপ্ৰেক্ষিতত শুভমন গীল সহ-অধিনায়ক নির্বাচিত হয়।

(উৎসঃ দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post