--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰোহিত শৰ্মাৰ স্থানত পৰৱৰ্তী টেষ্ট অধিনায়ক হিচাপে বিৰাট কোহলীক বিচাৰে মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে। কাৰণ ইয়াৰ আগেয়ে ঘাইকৈ বিদেশৰ মাটিত কোহলীৰ আক্ৰমণাত্মক নেতৃত্বত ভাৰতে উন্নত প্রদর্শন দাঙি ধৰিছিল। সম্প্রতি পৰৱৰ্তী টেষ্ট অধিনায়কৰ সন্ধান চলি থকাৰ সময়ত কোহলী অন্তৰ্ৱর্তীকালীন বিকল্প হ'ব পাৰে বুলি ভাৱে গম্ভীৰে। 

উল্লেখযোগ্য যে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ হাতত ক্রমাগত টেষ্ট শৃংখলাত পৰাজয়ৰ মুখ দেখে। লগতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ যোগ্যতা আহৰণতো ব্যর্থ হয় ভাৰত। ভাৰতীয় দলৰ শেহতীয়া প্ৰদৰ্শনৰ বাবে অধিনায়ক ৰোহিত কঠোৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে। বেট-হাতে দুর্বল প্রদর্শন দাঙি ধৰাৰ বাবে দীঘলীয়া সংস্কৰণৰ খেলবিধত ৰোহিতৰ ভৱিষ্যতক লৈও প্রশ্ন উঠিছে। 

ৰোহিতৰ পাছত পৰৱৰ্তী টেষ্ট অধিনায়ক হিচাপে অনেকেই যশপ্রীত বুমৰাহক বিচাৰে। ইফালে, আসন্ন চেম্পিয়নছ ট্রফীত ভাৰত ব্যৰ্থ হ'লে ৰোহিতৰ স্থলাভিষিক্ত হ'ব পাৰে অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া। মুখ্য প্রশিক্ষক গম্ভীৰে হার্দিকক ভাৰতীয় দলৰ সহঃ অধিনায়কৰ ৰূপত বিচাৰিছিল। পিছে মুখ্য নির্বাচক অজিত আগৰকাৰ আৰু অধিনায়ক ৰোহিতৰ দাবীৰ পৰিপ্ৰেক্ষিতত শুভমন গীল সহ-অধিনায়ক নির্বাচিত হয়।

(উৎসঃ দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ