--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এখন বেনামী পত্ৰই আলোড়ন  তুলিছে দেশত৷ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ ঠিকনাত আহিছে এই বেনামী পত্ৰ৷ পিছে এয়া কোনো অনুৰাগী, শুভাকাংক্ষীৰ পত্ৰ নহয়৷ এই বেনামী পত্ৰখনে ছলমান খানলৈ কঢ়িয়াই আনিছে মৃত্যুৰ ভাবুকি৷ ছলমান খানক হত্যাৰ ভাবুকিৰে এখন লিখা এখন বেনামী পত্ৰই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আজি পুৱা যেতিয়া অভিনেতাগৰাকীৰ পিতৃ চেলিম খানে জগিং কৰিবলৈ গৈছিল, তেতিয়াই এখন বেঞ্চত তেওঁ তেওঁৰ আৰু তেওঁৰ পুত্ৰ ছলমান খানৰ নামত এখন ভাবুকিপূৰ্ণ পত্ৰ লাভ কৰিছিল৷

পত্ৰখনত লিখা হৈছিল যে ছলমান খানকো সিদ্ধু মুছেৱালাৰ দৰে পৰিণতি কৰোৱা হ’ব৷ এই চাঞ্চল্যকৰ মৃত্যুৰ ভাবুকিপূৰ্ণ পত্ৰখন পোৱাৰ পাছতেই হাহাকাৰ লাগিছে ছলমান খানৰ পৰিয়ালত৷ উদ্বিগ্ন হৈ পৰিছে তেওঁৰ শুভাকাংক্ষীসকল৷

ইতিমধ্যে, আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে। পত্ৰখন চেলিম খানে পুৱা প্ৰায় ৭:৩০ বজাৰ পৰা পুৱা ৮:০০ বজাৰ মাজত গ্ৰহণ কৰিছিল। বান্দ্ৰা আৰক্ষীয়ে ইতিমধ্যে অচিনাক্ত ব্যক্তিজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি আৰু তদন্ত খৰতকীয়া কৰিছে৷

শেহতীয়াকৈ, পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাক দিনৰ পোহৰতে গুলীয়াই হত্যা কৰা হৈছিল। তেওঁক একে সময়তে কেইবাজনো লোকে আক্ৰমণ কৰিছিল আৰু ১৯ টা গুলীৰে থকা-সৰকা কৰা হৈছিল। সিদ্ধু মুছেৱালাৰ মৃত্যুৰ পাছৰে পৰা সমগ্ৰ উদ্যোগটোত শোকৰ ছাঁ পৰিছে৷ আৰু এনে শোকবিহ্বল সময়ৰ মাজতে ছলমান খানে এখন ভাবুকিপূৰ্ণ পত্ৰ পোৱাৰ পাছত স্বাভাৱিকতে তেওঁৰ অনুৰাগীসকল বিচলিত হৈ পৰিছে।

কৰ্মক্ষেত্ৰৰ বিষয়ে ক’বলৈ গ’লে ছলমান খানে শেহতীয়াকৈ অনুষ্ঠিত আইফা-২০২২ আয়োজন কৰিছে। ছলমানে বঁটা প্ৰদান অনুষ্ঠানটো আয়োজন কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। আইফা-২০২২ আবু ধাবিত  অনুষ্ঠিত হৈছিল। ছলমান এতিয়া মুম্বাইলৈ উভতি আহিছে। ছলমান খানক সোনকালেই ‘টাইগাৰ ৩’ চিনেমাখনত কেটৰিনা কাইফৰ সৈতে দেখা যাব। তেওঁ সোনকালেই তেওঁৰ আহিবলগীয়া চিনেমা ‘কভী ঈদ কভী দেৱালী’ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব। পূজা হেগড়ে, শ্বেহনাজ গীলক এই ছবিখনত তেওঁৰ সৈতে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ