--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এখন বেনামী পত্ৰই আলোড়ন  তুলিছে দেশত৷ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ ঠিকনাত আহিছে এই বেনামী পত্ৰ৷ পিছে এয়া কোনো অনুৰাগী, শুভাকাংক্ষীৰ পত্ৰ নহয়৷ এই বেনামী পত্ৰখনে ছলমান খানলৈ কঢ়িয়াই আনিছে মৃত্যুৰ ভাবুকি৷ ছলমান খানক হত্যাৰ ভাবুকিৰে এখন লিখা এখন বেনামী পত্ৰই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আজি পুৱা যেতিয়া অভিনেতাগৰাকীৰ পিতৃ চেলিম খানে জগিং কৰিবলৈ গৈছিল, তেতিয়াই এখন বেঞ্চত তেওঁ তেওঁৰ আৰু তেওঁৰ পুত্ৰ ছলমান খানৰ নামত এখন ভাবুকিপূৰ্ণ পত্ৰ লাভ কৰিছিল৷

পত্ৰখনত লিখা হৈছিল যে ছলমান খানকো সিদ্ধু মুছেৱালাৰ দৰে পৰিণতি কৰোৱা হব৷ এই চাঞ্চল্যকৰ মৃত্যুৰ ভাবুকিপূৰ্ণ পত্ৰখন পোৱাৰ পাছতেই হাহাকাৰ লাগিছে ছলমান খানৰ পৰিয়ালত৷ উদ্বিগ্ন হৈ পৰিছে তেওঁৰ শুভাকাংক্ষীসকল৷

ইতিমধ্যে, আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে। পত্ৰখন চেলিম খানে পুৱা প্ৰায় ৭:৩০ বজাৰ পৰা পুৱা ৮:০০ বজাৰ মাজত গ্ৰহণ কৰিছিল। বান্দ্ৰা আৰক্ষীয়ে ইতিমধ্যে অচিনাক্ত ব্যক্তিজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি আৰু তদন্ত খৰতকীয়া কৰিছে৷

শেহতীয়াকৈ, পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাক দিনৰ পোহৰতে গুলীয়াই হত্যা কৰা হৈছিল। তেওঁক একে সময়তে কেইবাজনো লোকে আক্ৰমণ কৰিছিল আৰু ১৯ টা গুলীৰে থকা-সৰকা কৰা হৈছিল। সিদ্ধু মুছেৱালাৰ মৃত্যুৰ পাছৰে পৰা সমগ্ৰ উদ্যোগটোত শোকৰ ছাঁ পৰিছে৷ আৰু এনে শোকবিহ্বল সময়ৰ মাজতে ছলমান খানে এখন ভাবুকিপূৰ্ণ পত্ৰ পোৱাৰ পাছত স্বাভাৱিকতে তেওঁৰ অনুৰাগীসকল বিচলিত হৈ পৰিছে।

কৰ্মক্ষেত্ৰৰ বিষয়ে কবলৈ গলে ছলমান খানে শেহতীয়াকৈ অনুষ্ঠিত আইফা-২০২২ আয়োজন কৰিছে। ছলমানে বঁটা প্ৰদান অনুষ্ঠানটো আয়োজন কৰাৰ ভিডিঅসামাজিক মাধ্যমত ভাইৰেল হৈ আছে। আইফা-২০২২ আবু ধাবিত  অনুষ্ঠিত হৈছিল। ছলমান এতিয়া মুম্বাইলৈ উভতি আহিছে। ছলমান খানক সোনকালেই টাইগাৰ ৩চিনেমাখনত কেটৰিনা কাইফৰ সৈতে দেখা যাব। তেওঁ সোনকালেই তেওঁৰ আহিবলগীয়া চিনেমা কভী ঈদ কভী দেৱালীৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব। পূজা হেগড়ে, শ্বেহনাজ গীলক এই ছবিখনত তেওঁৰ সৈতে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement