--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এমজিএনৰেগা কেলেংকাৰী, আয়ৰ সৈতে অসামঞ্জস্যপূৰ্ণ সম্পত্তি আৰু দুৰ্নীতিৰ অভিযোগত জড়িত ঝাৰখণ্ডৰ খনি আৰু উদ্যোগ সচিব পূজা সিংঘালক ইডিয়ে গ্ৰেপ্তাৰ কৰিছে। ইডিয়ে বিভিন্ন দুৰ্নীতিৰ গোচৰৰ তদন্ত আৰম্ভ কৰাৰ পাছতে পূজা সিংঘলক কোনো পৰিস্থিতিত ৰাঁচী এৰি নাযাবলৈ নিৰ্দেশ দিছিল। মঙলবাৰে তদন্তকাৰীয়ে ৯ ঘণ্টাজুৰি দীঘলীয়া জেৰাৰ পাছত মঙলবাৰে পূজা সিংঘালক গ্ৰেপ্তাৰ কৰিছে আৰু আজি বুধবাৰে গ্ৰেপ্তাৰ কৰিছে। 

মঙলবাৰে ন ঘণ্টাৰ জেৰাৰ পিছত, ইডিৰ তদন্তকাৰীয়ে তেওঁক অনুমতি অবিহনে ৰাঁচী এৰি নাযাবলৈ নিৰ্দেশ দিছিল। বুধবাৰে, ইডি দলে পুনৰ এবাৰ পূজা সিংঘল আৰু তেওঁৰ স্বামী অভিষেক ঝাক সোধা-পোছাৰ বাবে ৰাঁচীৰ ইডি কাৰ্যালয়লৈ মাতিছিল। এই জেৰাৰ পাছত, পূজা সিংঘালক গ্ৰেপ্তাৰ কৰা হৈছে। পূজা সিংহালক গ্ৰেপ্তাৰৰ পাছত এতিয়া ঝাৰখণ্ডত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এগৰাকী কৰ্তব্যৰত আইএএছ বিষয়াক গ্ৰেপ্তাৰ কৰাৰ এই ঘটনাই ভালেমান প্ৰশ্নচিহ্নৰ সৃষ্টি কৰিছে।

দেশৰ প্ৰশাসন যন্ত্ৰটোৰ চাবিকাঠী যিসকল লোকৰ হাতত থাকে তেওঁলোকেই হৈছে আইএএছ, আইপিএছ বিষয়াসকল। দেশৰ আইন শৃংখলা তথা অসামৰিক প্ৰশাসন ব্যৱস্থা সুকলমে চলাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা হয় আটাইতকৈ গুৰুত্বপূৰ্ণ। দেশ বা ৰাজ্যবোৰৰ শাসক সলনি হয়, চৰকাৰ সলনি হয় কিন্তু এইসকল অসামৰিক সেৱা বা আৰক্ষী সেৱাৰ বিষয়াই স্থায়ীভাৱে একো একোখন দেশক বা ইয়াৰ ৰাজ্যবোৰৰ প্ৰশাসনিক গাঠনি ভাঙি নপৰাকৈ ধৰি ৰাখে। গতিকে এই লোকসকল সৎ, নিকা আৰু দুৰ্নীতিমুক্ত হোৱাটো অতি জৰুৰী। অন্যথা সমগ্ৰ ব্যৱস্থাই ভাঙি পৰাৰ আশংকা থাকে। কিন্তু আমাৰ দেশৰ এইসকল প্ৰশাসনিক সেৱাৰ বিষয়া কিমান সৎ আৰু নিকা? 

তেওঁলোকৰ সমাজৰ প্ৰতি দায়বদ্ধতা কিমান? অনিচ্ছা স্বত্ত্বেও এইবোৰ প্ৰশ্ন এতিয়া উত্থাপন কৰিবলগীয়া হৈছে। কিয়নো একাংশ আইএএছ, আইপিএছ দুৰ্নীতিগ্ৰস্ততাই এতিয়া দেশৰ বিকাশৰ বাটতেই যেন হেঙাৰ বান্ধিবলৈ আৰম্ভ কৰিছে। এইকথা এইবাবেই ক’বলগীয়া হৈছে যে, শেহতীয়াকৈ এগৰাকী আইএএছ বিষয়াৰ সহযোগীৰ ঘৰৰ পৰা প্ৰায় ১৮ কোটি নগদ টকা উদ্ধাৰ কৰা হৈছিল। আইএএছ বিষয়া এগৰাকীৰ সহযোগীৰ ঘৰত ১৮ কোটি টকা জমা হৈ থকাটো সাধাৰণ কথা নহয়। আৰু এই কথাও স্পষ্ট যে এই ধন কোনো কাৰণতে তেওঁ নিকা পথেৰে কৰা উপাৰ্জনৰ ধন নহয়। 

এগৰাকী আইএএছ বিষয়াই সোঁৱে-বাৱে কিদৰে ইমান টকা সংগ্ৰহ কৰে? তেওঁলোকৰ এনে নিয়ন্ত্ৰণহীন ধনৰ সোঁতৰ আচল উঁহটোনো নো কি? এই প্ৰশ্নৰ উত্তৰ কাৰো অবিদিত নহয়। চৰকাৰে বিভিন্ন উন্নয়নমূলৰ আঁচনিৰ বাবে মোকলাই দিয়া কোটি কোটি টকা যিহেতু প্ৰশাসনযন্ত্ৰৰ আচল চালক এইসকল লোকৰ হাতেৰেই সৰবৰাহ হয় গতিকে চৰম দুৰ্নীতিগ্ৰস্ত একাংশ বিষয়াই এনেদৰে চৰকাৰী ধন শৰাধ কৰি নিজৰ জেপ গধুৰ কৰাত মনোনিবেশ কৰে। নিজৰ একাউণ্টেণ্টটৰ ঘৰত প্ৰায় ১৮ কোটি টকা লুকুৱাই ৰখা এইগৰাকী আইএএছ বিষয়া হৈছে ঝাৰখণ্ডৰ পূজা সিংঘাল।

মঙলবাৰে ঝাৰখণ্ডৰ আইএএছ বিষয়া পূজা সিংঘালে ৰাঁচীৰ প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) সন্মুখত ১৮ কোটি টকাৰ চৰকাৰী পুঁজি আত্মসাৎ কৰা তথা ধনৰ অবৈধ লেনদেনৰ এটা গোচৰত সোধা-পোছাৰ বাবে হাজিৰ হয়। ইয়াৰ পূৰ্বে, সিংঘলৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট  সুমন কুমাৰক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। বিত্তীয় অনুসন্ধান সংস্থাটোৱে কুমাৰৰ ঘৰৰ পৰা নগদ ১৭.৪৯ কোটি টকা উদ্ধাৰ কৰিছিল। বিভিন্ন সূত্ৰই প্ৰকাশ কৰা অনুসৰিইডিয়ে আইএএছ পূজা সিংঘলৰ চৌহদৰ পৰা জব্দ কৰা নথিপত্ৰৰ তদন্ত কৰি আছে। তদন্তকাৰীয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ সৈতে সম্পৰ্কিত খনিৰ অনুজ্ঞাপত্ৰ আৱণ্টনৰ সৈতে জড়িত নথিপত্ৰৰো পৰীক্ষা কৰি আছে।

সংবা মাধ্যমে আইএএছ বিষয়া সিংঘলক জেৰাৰ সময়ত সোধা সম্ভাব্য প্ৰশ্নটো সন্দৰ্ভত এক ধাৰণাৰ কথা প্ৰকাশ কৰিছে। তেওঁক সোধা সম্ভাব্য মূল আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে, তেওঁ চি এ সুমন কুমাৰৰ ঘৰৰ পৰা জব্দ কৰা ১৭ কোটি টকাৰ নগদ ধনৰ সৈতে তেওঁৰ সম্পৰ্ক কি আৰু এই ধনৰ উৎস কি? কেৱল এয়াই নহয়  তদন্তকাৰীসকলে সিংঘলক আন এটা বৃহৎ ধনৰক লেনদেন সম্পৰ্কীয় প্ৰশ্ন কৰাৰ সম্ভাৱনাৰ কথাও প্ৰকাশ কৰিছে।  ২০০৬ ৰ পৰা ২০১৩ চনৰ ভিতৰত তেওঁৰ বেংক একাউণ্টত নগদ ১.৪৩ কোটি টকা জমা কৰা হৈছিল। এই ধনৰ উৎস কি আৰু তেওঁলৈ কিহৰ বাবে কোনে এই ধন প্ৰেৰণ কৰিছিল সেয়া তদন্তকাৰীয়ে জানিবলৈ চেষ্টা কৰিছে।  

সংস্থাটোৱে তেওঁৰ চি এ-ৰ বিত্তীয় অৱস্থা, বিশেষকৈ তেওঁৰ বেংক একাউণ্টৰ পৰা সুমন কুমাৰলৈ স্থানান্তৰ কৰা লাখ লাখ টকা আৰু একাউণ্টেণ্টৰ নামত থকা বিভিন্ন ব্যয়বহুল গাড়ীৰ তথ্য বিচাৰিছে। এই বাহন আৰু ধনৰাশি সিংঘলৰ বেনামী সম্পত্তি বুলি ধাৰণা কৰা হৈছে। 

ইডিয়ে ঝাৰখণ্ডৰ খনন সচিব হৈ থকা সিংঘলক মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু তেওঁক খনিৰ লীজ আৱণ্টনত তেওঁৰ ভূমিকা আৰু এনে কৰিবলৈ হেঁচা দিয়া হৈছিল নেকি সেয়াও জানিবলৈ চেষ্টা কৰিছে। সিংঘলে দুটা কোম্পানীৰ একাউণ্টত কৰা সন্দেহজনক লেনদেন আৰু এলআইচি প্ৰিমিয়াম হিচাপে কৰা সন্দেহজনক লেনদেনৰ তথ্য বিচাৰিও প্ৰশ্ন কৰিছে আইএএছ বিষয়াগৰাকীক।

সিংঘালৰ ঘটনাটোৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে, নিজৰ নামত নকৰি কোনো ঘনিষ্ঠৰ নামত সম্পত্তি আহৰণ কৰা আৰু সেইবোৰ বেনামী ৰূপত জমা কৰি ৰখাৰ এই প্ৰক্ৰিয়া নতুন কথা নহয়। উন্নয়নৰ বাবে আবণ্টিন ধনৰ এনে অপব্যৱহাৰ আৰু ব্যাপক লুণ্ঠনৰ জৰিয়তে একো একোখন ৰাজ্যক দৰিদ্ৰ কৰি ৰথা সিংহালৰ দৰে আইএএছ বিষয়া এটা সৰু উদাহৰণহে মাত্ৰ। চৌদিশে আৰু অনেক এনে বিষয়াই টিঘিলঘিটাই ফুৰাটো সামান্য নজৰ দিলেই ধৰা পৰিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
গভীৰ সংকটত পাকিস্তানৰ কৃষক
সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী
ষ্টাৰশ্বিপৰ অগ্নি পৰীক্ষাৰ সময়তে ইলন মাস্কৰ SpaceX কেন্দ্ৰত বিস্ফোৰণ
স্বামী আৰু কিশোৰী কন্যাক এৰি পৰকীয়া প্ৰেমৰ বাবে পলাই গ'ল মহিলা
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল