--°C
Loading...
Listen to Article
2 min read
80%
ডিজেটেল ডেস্কঃ চীনৰ ওহানত সৃষ্টি হৈ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কোভিডে ভাৰততো মহাসংহাৰৰ সৃষ্টি কৰিছিল আৰু এতিয়াও কৰি আছে। কোভিডৰ বাবেই ভাৰতত দুবাৰকৈ লকডাউন ঘোষণা কৰিবলগীয়া হৈছিল।

 কোভিডত ভাৰতত লাখ লাখ লোকৰ মৃত্যু ঘটাইছে। কিন্তু কোভিডত দেশত যিমান লোকৰ মৃত্য ঘটিছে তাতোকৈ বেহু বেছি লোকৰ মৃত্য ঘটিছে আন ৰোগতহে। সমগ্ৰ দেশত কোভিডত চতুৰ্থ ঘাতক ৰোগ হিচাবে চিহ্নিত হোৱাৰ লগতে কেৱল সাত খন ৰাজ্যতহে ৰোগ বিধ দ্বিতীয় ঘাতক ৰোগ হিচাবে পৰিগণিত হৈছে।

শেহতীয়াকৈ ভাৰতৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০ চনত কোভিডে দেশত ১,৬০,৬১৮ গৰাকী লোকৰ প্ৰাণ হৰি নিছে। এই সময়ছোৱাত দেশত বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা ১৮.১১ লাখ লোকৰ ভিতৰত কোভিডত মৃত্যু ঘটা লোকৰ শতাংশ হাৰ হৈছে মাত্ৰ ৮.৯  শতাংশহে।

 কেভিডত সাত খন ৰাজ্যত মৃত্যু ঘটা লোকৰ শতাংশ হাৰ হৈছে ক্ৰমে মহাৰাষ্ট্ৰ (১৭.৭ শতাংশ), মণিপুৰ (১৫.৭ শতাংশ), উত্তৰ প্ৰদেশ (১৫ শতাংশ), হিমাচল প্ৰদেশ (১৩.৫ শতাংশ), অন্ধ্ৰ প্ৰদেশ (১২ শতাংশ), পঞ্জাৱ (১১.৯ শতাংশ) আৰু ঝাৰখণ্ড (৭.৬ শতাংশ)।এইখন সাতখন ৰাজ্যত কোভিড  দ্বিতীয় ঘাতক ৰোগ হিচাবে পৰিগণিত হৈছে। 

উল্লেখ্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি ২০২০ চনত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ১,৪৮,৯৯৪ গৰাকী। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, অতিমাৰীৰ আৰম্ভণিৰ পৰা ২৫ মে’ ২০২২ লৈকে ভাৰতত ৫,২৪,৫০৭ গৰাকী লোকৰ কোভিডত মৃত্যু ঘটিছে।


চৰকাৰী তথ্য অনুসৰি ২০২০  চনত মহাৰাষ্ট্ৰত  সৰ্বাধিক ৬১,২১২ গৰাকী লোকৰ কোভিডত মৃত্যু হৈছিল। তাৰ পিছতে আছিল  উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত ১৬,৪৮৯, কৰ্ণাটকত১৫,৪৭৬, অন্ধ্ৰ প্ৰদেশত ১২,১৯৩ আৰু দিল্লীত ৮,৭৪৪ গৰাকী লোকৰ কোভিডত মৃত্যু হৈছিল।। সেই সময়ত এখন ৰাজ্য অৰুণাচল প্ৰদেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল-লাক্ষাদ্বীপে  কোভিড মৃত্যুৰ কোনো প্ৰতিবেদন দাখিল কৰা নাছিল।চৰকাৰী তথ্যই প্ৰমাণ কৰা অনুসৰি দেশত কোভিডত মৃত্যু ঘটা লোকতকৈ আন ৰোগত মৃত্যু ঘটা লোকৰ সংখ্যাহে বেছি।

২০২০ চনত হৃদৰোগ, নিউমোনিয়া আৰু হাপানিয়ে কোভিডৰ তুলনাত সৰ্বাধিক সংখ্যক লোকৰ প্ৰাণ হৰি নিছিল।হৃদৰোগ আৰু সংবহনজনিত ৰোগত আক্ৰান্ত হৈ ৩২.১ শতাংশ লোকে প্ৰাণ হেৰুৱাইছিল, শ্বাসতন্ত্ৰ সম্পৰ্কীয় ৰোগত ১০ শতাংশ লোকৰ মৃত্যু হৈছিল। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী