--°C
Loading...
Listen to Article
2 min read
80%
ডিজেটেল ডেস্কঃ চীনৰ ওহানত সৃষ্টি হৈ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কোভিডে ভাৰততো মহাসংহাৰৰ সৃষ্টি কৰিছিল আৰু এতিয়াও কৰি আছে। কোভিডৰ বাবেই ভাৰতত দুবাৰকৈ লকডাউন ঘোষণা কৰিবলগীয়া হৈছিল।

 কোভিডত ভাৰতত লাখ লাখ লোকৰ মৃত্যু ঘটাইছে। কিন্তু কোভিডত দেশত যিমান লোকৰ মৃত্য ঘটিছে তাতোকৈ বেহু বেছি লোকৰ মৃত্য ঘটিছে আন ৰোগতহে। সমগ্ৰ দেশত কোভিডত চতুৰ্থ ঘাতক ৰোগ হিচাবে চিহ্নিত হোৱাৰ লগতে কেৱল সাত খন ৰাজ্যতহে ৰোগ বিধ দ্বিতীয় ঘাতক ৰোগ হিচাবে পৰিগণিত হৈছে।

শেহতীয়াকৈ ভাৰতৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০ চনত কোভিডে দেশত ১,৬০,৬১৮ গৰাকী লোকৰ প্ৰাণ হৰি নিছে। এই সময়ছোৱাত দেশত বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা ১৮.১১ লাখ লোকৰ ভিতৰত কোভিডত মৃত্যু ঘটা লোকৰ শতাংশ হাৰ হৈছে মাত্ৰ ৮.৯  শতাংশহে।

 কেভিডত সাত খন ৰাজ্যত মৃত্যু ঘটা লোকৰ শতাংশ হাৰ হৈছে ক্ৰমে মহাৰাষ্ট্ৰ (১৭.৭ শতাংশ), মণিপুৰ (১৫.৭ শতাংশ), উত্তৰ প্ৰদেশ (১৫ শতাংশ), হিমাচল প্ৰদেশ (১৩.৫ শতাংশ), অন্ধ্ৰ প্ৰদেশ (১২ শতাংশ), পঞ্জাৱ (১১.৯ শতাংশ) আৰু ঝাৰখণ্ড (৭.৬ শতাংশ)।এইখন সাতখন ৰাজ্যত কোভিড  দ্বিতীয় ঘাতক ৰোগ হিচাবে পৰিগণিত হৈছে। 

উল্লেখ্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি ২০২০ চনত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ১,৪৮,৯৯৪ গৰাকী। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, অতিমাৰীৰ আৰম্ভণিৰ পৰা ২৫ মে’ ২০২২ লৈকে ভাৰতত ৫,২৪,৫০৭ গৰাকী লোকৰ কোভিডত মৃত্যু ঘটিছে।


চৰকাৰী তথ্য অনুসৰি ২০২০  চনত মহাৰাষ্ট্ৰত  সৰ্বাধিক ৬১,২১২ গৰাকী লোকৰ কোভিডত মৃত্যু হৈছিল। তাৰ পিছতে আছিল  উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত ১৬,৪৮৯, কৰ্ণাটকত১৫,৪৭৬, অন্ধ্ৰ প্ৰদেশত ১২,১৯৩ আৰু দিল্লীত ৮,৭৪৪ গৰাকী লোকৰ কোভিডত মৃত্যু হৈছিল।। সেই সময়ত এখন ৰাজ্য অৰুণাচল প্ৰদেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল-লাক্ষাদ্বীপে  কোভিড মৃত্যুৰ কোনো প্ৰতিবেদন দাখিল কৰা নাছিল।চৰকাৰী তথ্যই প্ৰমাণ কৰা অনুসৰি দেশত কোভিডত মৃত্যু ঘটা লোকতকৈ আন ৰোগত মৃত্যু ঘটা লোকৰ সংখ্যাহে বেছি।

২০২০ চনত হৃদৰোগ, নিউমোনিয়া আৰু হাপানিয়ে কোভিডৰ তুলনাত সৰ্বাধিক সংখ্যক লোকৰ প্ৰাণ হৰি নিছিল।হৃদৰোগ আৰু সংবহনজনিত ৰোগত আক্ৰান্ত হৈ ৩২.১ শতাংশ লোকে প্ৰাণ হেৰুৱাইছিল, শ্বাসতন্ত্ৰ সম্পৰ্কীয় ৰোগত ১০ শতাংশ লোকৰ মৃত্যু হৈছিল। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ