--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাদাম বাদাম দাদা কাঁচা বাদাম(Peanut)। কেঁচা বাদামক লৈ বনোৱা এই গানটো সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিল। আপুনি জানেনে কাঁচা বাদাম অৰ্থাৎ কেঁচা বাদামৰ আছে অনেক উপকাৰিতা। ঠিক এই গানটোৰ দৰেই আমাৰ সমাজত জনপ্ৰিয় কেঁচা বাদাম। দেখাত তেনেই কনমানি যেন লগা বাদামৰ আছে বৃহৎ গুণাগুণ। বাদামত ভিটামিন ই, মেগনেছিয়াম, ফাইবাৰ আৰু এমিন’ এছিড প্ৰচুৰ পৰিমাণে পোৱা যায়। 

ইয়াৰ উপৰি কপাৰ, পটাছিয়াম, ফছফৰাছ, আইৰণ আদি প্ৰচুৰ পৰিমানে থাকে বাদামত। বেচিভাগ ক্ষেত্ৰত ভজা বাদাম আমেজ বা জুতিৰ বাবেই খোৱা হয় যদিও ইয়াৰ সম্পূৰ্ণ ঔষধি বা পুষ্টিগুন পাবলৈ কেঁচা বাদাম পানীত ৫-৬ ঘণ্টা তিয়াই বা ৰাতি তিয়াই থৈ ৰাতিপুৱা চোবাই খালে অধিক সুফল পোৱা যায়। সেয়ে নিয়মীয়াভাৱে বাদাম খোৱাটো শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজন। 

আহকচোন জানো কেঁচা বাদামৰ উপকাৰিতাৰ বিষয়ে-

১)বাদামে আমাৰ মগজুৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে। 

২)বিভিন্ন বেমাৰৰ পৰা উপশম লাভ কৰাত সহায় কৰে।

৩)ৰাতি তিয়াই থোৱা বাদাম যদি ৰাতিপুৱা শুই উঠি খাই তেন্তে বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি।

৪)সঠিক পৰিমাণৰ বাদাম সেৱনে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে। 

৫)বাদামে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ৰাখে।

৬)বাদামত মেগনেছিয়াম থাকে বাবে ইয়ে আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে শৰীৰত অক্সিজেনৰ মাত্ৰা বৃদ্ধিতো সহায় কৰে। 

৭)বাদামে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে।

৮)নিয়মীয়াভাৱে বাদাম খালে স্বাস্থ্যৱান হোৱাৰ লগতে চালৰ ৰুক্ষতাও নোহোৱা কৰে। কাৰণ বাদামত প্ৰচুৰ পৰিমানে ই ভিটামিন পোৱা যায়।

৯)বাদামত থকা যিংকে আমাৰ মূৰত নতুন কোষ গঠনত সহায় কৰে।

১০)বাদামে শিশুৰ দাঁতৰ সমস্যাও বহু পৰিমানে হ্ৰাস কৰে।

১১)বাদামে পাচন ক্ৰিয়া মজবুত কৰে।

১২)ইয়াত থকা কেলচিয়াম আৰু ডি ভিটামিনে হাড়ৰ গঠন আৰু বিষ নাশ কৰে। নখ, চুলি, চকু আৰু দাঁতৰ বাবে হিতকাৰী।

১৩)কলেষ্ট্ৰ'ল আৰু হ'ৰমন নিয়ন্ত্ৰণ কৰে।

১৪)ভিজোৱা বাদাম গাখীৰ, মৌ বা গুড় মিহলাই খালে দুৰ্বল আৰু ক্ষীণকায় ব্যক্তিৰ বাবে হিতকাৰী পথ্য।

১৫)বাদামত অধিক পৰিমাণৰ ফলিক এচিড থকাৰ বাবে গৰ্ভৱতী মহিলা আৰু গৰ্ভস্থ শিশুৰ বাবেও ই অত্যন্ত উপকাৰী।

গতিকে আহক প্ৰকৃতিৰ এই সুন্দৰ উপাদান বাদাম খাই আমি নিজকে সুস্বাস্থ্যৱান কৰি ৰাখো।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ