--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেওবাৰে মহাৰাষ্ট্ৰত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনবিছ আৰু পীয়ুষ গোৱেলে। বিজেপিৰ ইস্তাহাৰত ২৫টা প্ৰতিশ্ৰুতি দিছে, য’ত মহিলাসকলৰ বাবে প্ৰতিমাহে ২১০০ টকা, কৃষকৰ বাবে ঋণ ৰেহাই, বৃদ্ধ পেঞ্চন, ২৫ লাখ চৰকাৰী চাকৰি আদিৰ কথা উল্লেখ আছে।

বিজেপিৰ ইস্তাহাৰৰ মূল কথাঃ-

* মহাৰাষ্ট্ৰৰ ভগ্নী সকলক প্ৰতিমাহে ২১০০ টকা দিয়া হব আৰু লগতে প্ৰশিক্ষণো দিয়া হব । ২৫০০০ মহিলাক আৰক্ষী বাহিনীত অন্তৰ্ভুক্ত কৰা হ’ব।

* কৃষকক ঋণ ৰেহাই দিয়া হব।

* প্ৰতিজন দুখীয়া মানুহক খাদ্য আৰু বাসস্থান দিয়া হব।

*  বৃদ্ধ পেঞ্চনধাৰীক ২১০০ টকা দিয়া হব।

*  বজাৰৰ মুদ্ৰাস্ফীতিৰ পৰা মহাৰাষ্ট্ৰৰ সকলো পৰিয়ালক ৰক্ষা কৰিবলৈ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য সুস্থিৰ কৰি ৰখা হ’ব।

*  আগন্তুক সময়ত ২৫ লাখ কৰ্মসংস্থাপনৰ সৃষ্টি হ'ব আৰু ১০ লাখ ছাত্ৰ-ছাত্ৰীক প্ৰতিমাহে ১০ হাজাৰ টকাৰ ষ্টাইপেণ্ড দিয়া হ'ব।

*  ৰাজ্যৰ গ্ৰামাঞ্চলৰ ৪৫ হাজাৰ গাঁৱত পান্ধন ষ্টেচন স্থাপন কৰা হ’ব।

* আৰ্থিক সুৰক্ষা আৰু মংগল সুনিশ্চিত কৰাৰ বাবে অংগনবাড়ী আৰু আশা শ্ৰমিকসকলক প্ৰতিমাহে ১৫ হাজাৰ টকাৰ দৰমহা আৰু বীমা কভাৰ প্ৰদান কৰা হ’ব।

* বিদ্যুতৰ বিল ৩০% হ্ৰাস কৰি সৌৰ আৰু নবীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব দিয়া হ’ব।

*  চৰকাৰ গঠনৰ ১০০ দিনৰ ভিতৰত ‘ভিজন মহাৰাষ্ট্ৰ@২০২৯’ উপস্থাপন কৰা হ’ব।

*  প্ৰযুক্তি, উৎপাদন আৰু উদ্ভাৱনৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰক বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰা হ’ব।

*  ব্যাপক কাম-কাজৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব।

*  ২০২৭ বৰ্ষৰ ভিতৰত মহাৰাষ্ট্ৰত ৫০ লাখ লাখপতি বাইদেউ সৃষ্টি হ’ব।

*  ‘অক্ষয় অন্ন যোজনা’ৰ অধীনত কম আয়ৰ গোটৰ পৰিয়ালক প্ৰতিমাহে বিনামূলীয়া ৰেচন প্ৰদান কৰা হ’ব। য’ত থাকিব চাউল, তেল, নিমখ, চেনি, হালধী, সৰিয়হ, জিৰা আৰু জলকীয়া গুড়ি।

*  ‘মাৰাঠী- অটল টিংকাৰিং লেবছ আঁচনি’ আৰম্ভ কৰা হ’ব যাতে সকলো চৰকাৰী বিদ্যালয়ত ৰবটিক্স আৰু এআইৰ জৰিয়তে শিকিবলৈ সুবিধা প্ৰদান কৰা হ’ব।

*  উদ্যোগটোৰ প্ৰয়োজন অনুযায়ী দক্ষতাৰ অভাৱ বিশ্লেষণ কৰিবলৈ মহাৰাষ্ট্ৰত দক্ষতাৰ লোকপিয়ল কৰা হ’ব আৰু তাৰ ওপৰত ভিত্তি কৰি উপলব্ধ দক্ষ জনশক্তিৰ ব্যৱস্থা কৰিবলৈ আৰু প্ৰয়োজন অনুসৰি নতুন দক্ষ জনশক্তিৰ পৰিকল্পনা কৰা হ’ব।

*  মহাৰাষ্ট্ৰৰ প্ৰতিখন জিলাতে ‘ছত্ৰপতি শিৱাজী মহাৰাজ আকাংক্ষা কেন্দ্ৰ’ স্থাপন কৰা হ’ব, যাৰ জৰিয়তে ১০ লাখ নতুন উদ্যমী তৈয়াৰ কৰা হ’ব ৷

*  ব্যৱসায় বৃদ্ধিৰ বাবে অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উদ্যোগীসকলক ১১৫ লাখ টকা পৰ্যন্ত সুতমুক্ত ঋণ প্ৰদান কৰা হ’ব।

*  OBC, SEBC, EWS, NT, VJNT ৰ যোগ্য ছাত্ৰ-ছাত্ৰীক টিউচন মাচুল আৰু পৰীক্ষাৰ মাচুল ঘূৰাই দিয়া হব।

*  ১৮ৰ পৰা ৩৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ বাৰ্ষিক স্বাস্থ্য পৰীক্ষাৰ বাবে স্বামী বিবেকানন্দ যুৱ আৰোগ্য কাৰ্ড  মুকলি কৰা হ’ব আৰু ড্ৰাগছমুক্ত মহাৰাষ্ট্ৰৰ বাবে স্থায়ী আঁচনি ৰূপায়ণ কৰা হ’ব।

* ‘জ্যেষ্ঠ নাগৰিকক অগ্ৰাধিকাৰ’ৰ নীতি গ্ৰহণ কৰা হ’ব।

*  বলপূৰ্বক আৰু প্ৰৱঞ্চনামূলক ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হ’ব।

*  বাঘ, নাহৰফুটুকী, হাতী, গঁড়, বনৰীয়া গাহৰি আৰু বান্দৰৰ দৰে বন্যপ্ৰাণীৰ ক্ষতি আৰু সা-সম্পত্তিৰ ক্ষতি ৰোধ কৰিবলৈ এআই প্ৰযুক্তি আৰু ড্ৰ’নৰ ফলপ্ৰসূ ব্যৱহাৰ কৰা হ’ব।



ইস্তাহাৰ প্ৰকাশ কৰি অমিত শ্বাহে কয়, ‘মহাৰাষ্ট্ৰই বহু যুগৰ পৰা প্ৰতিটো ক্ষেত্ৰতে দেশক আগুৱাই লৈ আহিছে। ভক্তি আন্দোলনৰ  আৰম্ভনিও মহাৰাষ্ট্ৰৰ পৰাই হৈছিল। দাসত্বৰ পৰা মুক্তিৰ আন্দোলনো শিৱাজীয়ে ইয়াৰ পৰাই আৰম্ভ কৰিছিল। ইয়াৰ পৰাই আৰম্ভ হৈছিল সামাজিক বিপ্লৱ। আমাৰ সংকল্প পত্ৰখন মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ প্ৰতিফলন। আজি মহাযুতিয়ে কৃষকৰ সন্মান , দুখীয়াৰ কল্যাণ, মহিলাৰ আত্মসন্মান বৃদ্ধি আৰু ঐতিহ্যৰ পুনৰুজ্জীৱিতকৰণৰ সংকল্প লৈছে।’’






FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ