--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ আকৰ্ষণীয় আৰু সুন্দৰী অভিনেত্ৰী ছানী লিয়'নীক (Sunny Leone) চুপাৰ চিজলিং অৱতাৰত সকলোৱে দেখি আহিছে। কিন্তু আপুনি কেতিয়াবা ছানী লিয়'নীক এগৰাকী সাধাৰণ গৃহিনীৰ ৰূপত পাকঘৰত কাম কৰা দেখিছেনে? শেহতীয়াকৈ ছানী লিয়'নীৰ এক নতুন ৰূপ ভাইৰেল হৈ পৰিছে য'ত ছানীক দেখা গৈছে পাকঘৰত আলু পৰঠা প্ৰস্তুত কৰি থকা। 


টলিউডৰ অভিনেতা মাঞ্চু বিষ্ণুৱে তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰীত ছানী লিয়নীৰ এক ভিডিঅ' শ্বেয়াৰ কৰিছে। ভিডিঅ'টোত ছানী লিয়নীয়ে পাকঘৰত পৰঠা বনোৱাৰ প্ৰস্তুতি চলাই আছে। পাকঘৰতো ছানীক যথেষ্ট আকৰ্ষণীয় দেখা গৈছে। ভিডিঅ'টোত ছানীক দক্ষিণ ভাৰতীয় চেহেৰাত দেখা গৈছে। নীলা, ৰঙা আৰু সেউজীয়া ৰঙৰ পৰম্পৰাগত পোছাকত ছানী লিয়নীক আকৰ্ষণীয় দেখাইছে। ভিডিঅ'টোত, ছানী লিয়নীয়ে অনুৰাগীসকলৰ সৈতে তেওঁৰ প্ৰস্তুত কৰা পৰঠাৰ এক আভাসো শ্বেয়াৰ কৰিছে। ছানিয়ে প্ৰস্তুত কৰা পৰঠাবোৰ একেবাৰে নিখুঁত আকৃতিৰ।

পৰঠাবোৰলৈ চাই এনে লাগে যে অভিনয় আৰু গ্লেমাৰৰ সৈতে ৰন্ধনতো এক্সপাৰ্ট ছানী লিয়'নী। ছানীক পাকঘৰত কাম কৰা দেখাটো অনুৰাগীসকলৰ বাবে এক আমোদতকৈ কোনো গুণে কম নহয়। ছানীক পাকঘৰত কাম কৰা দেখিবলৈ পোৱাটো অনুৰাগীসকলৰ বাবে যথেষ্ট বিশেষ হিচাপে বিবেচিত হৈছে।অনুৰাগীসকলে ছানীৰ এই শৈলীত তেওঁলোকৰ মৰম প্ৰদান কৰিছে। 


ছানী লিয়'নীয়ে প্ৰস্তুত কৰা পৰঠা দেখি জিভাৰ পানী পৰিছে বুলি বহু অনুৰাগীয়ে মন্তব্য কৰিছে। ছানীৰ কৰ্মক্ষেত্ৰৰ বিষয়ে ক'বলৈ গ'লে তেওঁ বৰ্তমান নতুন চিনেমাৰ কামত ব্যস্ত হৈ আছে। ছানীক শ্বেৰো, বীৰামাদেৱী চলচ্চিত্ৰত দেখা যাব। ছানীয়ে বীৰামাদেৱীৰ জৰিয়তে তামিল চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিব। অনুৰাগীসকলে অভিনেত্ৰীগৰাকীৰ চলচ্চিত্ৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত