--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ আকৰ্ষণীয় আৰু সুন্দৰী অভিনেত্ৰী ছানী লিয়'নীক (Sunny Leone) চুপাৰ চিজলিং অৱতাৰত সকলোৱে দেখি আহিছে। কিন্তু আপুনি কেতিয়াবা ছানী লিয়'নীক এগৰাকী সাধাৰণ গৃহিনীৰ ৰূপত পাকঘৰত কাম কৰা দেখিছেনে? শেহতীয়াকৈ ছানী লিয়'নীৰ এক নতুন ৰূপ ভাইৰেল হৈ পৰিছে য'ত ছানীক দেখা গৈছে পাকঘৰত আলু পৰঠা প্ৰস্তুত কৰি থকা। 


টলিউডৰ অভিনেতা মাঞ্চু বিষ্ণুৱে তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰীত ছানী লিয়নীৰ এক ভিডিঅ' শ্বেয়াৰ কৰিছে। ভিডিঅ'টোত ছানী লিয়নীয়ে পাকঘৰত পৰঠা বনোৱাৰ প্ৰস্তুতি চলাই আছে। পাকঘৰতো ছানীক যথেষ্ট আকৰ্ষণীয় দেখা গৈছে। ভিডিঅ'টোত ছানীক দক্ষিণ ভাৰতীয় চেহেৰাত দেখা গৈছে। নীলা, ৰঙা আৰু সেউজীয়া ৰঙৰ পৰম্পৰাগত পোছাকত ছানী লিয়নীক আকৰ্ষণীয় দেখাইছে। ভিডিঅ'টোত, ছানী লিয়নীয়ে অনুৰাগীসকলৰ সৈতে তেওঁৰ প্ৰস্তুত কৰা পৰঠাৰ এক আভাসো শ্বেয়াৰ কৰিছে। ছানিয়ে প্ৰস্তুত কৰা পৰঠাবোৰ একেবাৰে নিখুঁত আকৃতিৰ।

পৰঠাবোৰলৈ চাই এনে লাগে যে অভিনয় আৰু গ্লেমাৰৰ সৈতে ৰন্ধনতো এক্সপাৰ্ট ছানী লিয়'নী। ছানীক পাকঘৰত কাম কৰা দেখাটো অনুৰাগীসকলৰ বাবে এক আমোদতকৈ কোনো গুণে কম নহয়। ছানীক পাকঘৰত কাম কৰা দেখিবলৈ পোৱাটো অনুৰাগীসকলৰ বাবে যথেষ্ট বিশেষ হিচাপে বিবেচিত হৈছে।অনুৰাগীসকলে ছানীৰ এই শৈলীত তেওঁলোকৰ মৰম প্ৰদান কৰিছে। 


ছানী লিয়'নীয়ে প্ৰস্তুত কৰা পৰঠা দেখি জিভাৰ পানী পৰিছে বুলি বহু অনুৰাগীয়ে মন্তব্য কৰিছে। ছানীৰ কৰ্মক্ষেত্ৰৰ বিষয়ে ক'বলৈ গ'লে তেওঁ বৰ্তমান নতুন চিনেমাৰ কামত ব্যস্ত হৈ আছে। ছানীক শ্বেৰো, বীৰামাদেৱী চলচ্চিত্ৰত দেখা যাব। ছানীয়ে বীৰামাদেৱীৰ জৰিয়তে তামিল চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিব। অনুৰাগীসকলে অভিনেত্ৰীগৰাকীৰ চলচ্চিত্ৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ