--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ প্ৰশাসনিক বিষয়াসকলক সমাজৰ বাবে এক আদৰ্শ হিচাপে গণ্য কৰা হয়। তেওঁলোক সকলোৰে বাবে সফলতা আৰু কৃতিত্বৰ প্ৰতিভূস্বৰূপ হৈ পৰে আৰু তেওঁলোকৰ পদাংক অনুসৰণ কৰিবলৈ তাৰ পৰৱৰ্তী প্ৰজন্মক উদ্বুদ্ধ কৰা হয়। কিন্তু এইসকল আদৰ্শস্বৰূপ বিষয়াই যেতিয়া সমাজবিৰোধী কামত লিপ্ত হৈ পৰে তেন্তে সেয়া দেশ তথা সমাজৰ বাবে এক অবাঞ্চিত ঘটনা হিচাপে চিহ্নিত হয়। শেহতীয়াকৈ তেনে একাধিক ঘটনা সংঘটিত হৈছে। ঝাৰখণ্ডৰ আইএএছ বিষয়া পূজা সিংঘল দু্ৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পাছত এইবাৰ দিল্লীৰ এক আইএএছ দম্পত্তী এক অভাৱনীয় কাৰ্যৰ বাবে শাস্তিমূলকভাৱে বদলি হ’বলগীয়া হৈছে।

দিল্লীৰ আইএছএছ বিষয়া সঞ্জীৱ খিৰৱাৰৰ এক কাৰ্যই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। দিল্লীৰ এখন ষ্টেডিয়ামত নিজৰ পোহনীয়া কুকুৰ ফুৰাবৰ বাবে তেওঁ তাৰ পৰা এথলীটসকলক আঁতৰাই পঠিওৱাৰ অভিযোগ উঠিছিল আৰু তাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। তাৰ পাছতে এই ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। এই প্ৰতিক্ৰিয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে আইএএছ বিষয়াগৰাকী আৰু তেওঁ পত্নীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। সঞ্জীৱ খিৰৱাৰক লাডাখলৈ বদলি কৰাৰ লগতে তেওঁৰ প্ৰশাসনিক বিষয়া পত্নী ৰিংকু ডুগ্গাক বদলি কৰা হৈছে অৰুণাচল প্ৰদেশলৈ।

বিষয়াগৰাকীয়ে দিল্লীৰ থিয়াগৰাজ ষ্টেডিয়াম খালী কৰোঁৱাই তাত তেওঁৰ কুকুৰক খোজ কঢ়োৱাবলৈ নিয়াৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই শাস্তিমূলক বদলিৰ ব্যৱস্থা গ্ৰহণ কৰে। কেৱল এয়াই নহয়, গৃহ বিভাগে দিল্লীৰ মুখ্য সচিবৰ পৰা এই ঘটনা সন্দৰ্ভত প্ৰতিবেদনো বিচাৰিছিল। ষ্টেডিয়ামৰ সা-সুবিধাৰ অপব্যৱহাৰ কৰা সন্দৰ্ভত একেদিনাই প্ৰতিবেদন জমা দিয়ে দিল্লীৰ মুখ্য সচিবে।

তাৰ পাছতে গৃহ বিভাগে সঞ্জীৱ খিৰৱাৰক লাডাখলৈ আৰু তেওঁৰ পত্নী ৰিংকু ডুগ্গাক অৰুণাচল প্ৰদেশলৈ বদলি কৰে আৰু গৃহ বিভাগে দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভতো ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে নিৰ্ধাৰিত সময়তকৈ আগতে অৰ্থাত সন্ধিয়া ৭ বজাতে আই এ এছ বিষয়াগৰাকীৰ নিৰ্দেশত ষ্টেডিয়াম খালী কৰাৰ নিৰ্দেশ দিয়া হৈছিল বুলি অভিযোগ উঠিছে। অৱশ্যে ষ্টেডিয়ামৰ প্ৰশাসক অজিত চৌধুৰীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ সদৰি কৰা মতে সাত বজালৈকেহে ষ্টেডিয়ামত এথলীটসকলে অনুশীলন কৰি আহিছে। ইফালে, এই বিতৰ্কৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এথলীটসকলৰ বাবে ষ্টেডিয়াম নিশ ১০ বজালৈ খোলা ৰখাৰ নিৰ্দেশ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ