--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মকবুল ভাট আৰু য়াছিন মালিক। দুয়োজনৰে অপৰাধ প্ৰায় একেধৰণৰে।দুয়ো জনেই  তিহাৰ কাৰাগাৰত বন্দিত্বৰ জীৱন কটাবলগীয়া হৈছে।ইয়াৰে এজনক তিহাৰত  ফাঁচী দিয়া হৈছিল আনজনক বিহা হৈছে যাৱজ্জীৱন কাৰাবাস... মকবুল ভাট আৰু য়াছিন মালিকৰ মাজত কি সম্পৰ্ক আছে?

মকবুল ভাট জম্মু- কাশ্মীৰৰ বাৰামুলাৰ বাসিন্দা আছিল । জেকেএলএফত যোগদান কৰাৰ পিছত য়াছিন মালিকৰ সৈতে তেওঁৰ ঘনিষ্ঠতা বৃদ্ধি পাইছিল। ১৯৮৪ চনত  ন্যায়াধীশ নীলকণ্ঠ গাঞ্জুৰ আদালতে কাশ্মীৰত হিংসা বয়পোৱাৰ অভিযোগত তেওঁক মৃত্যুদণ্ড বিহে।সেইমৰ্মে ১৯৮৪ চনৰ ১১ ফেব্ৰুৱাৰীত মকবুল ভাটক তিহাৰ কাৰাগাৰত ফাঁচী দিয়া হৈছিল।


সেই সময়ত ইয়াছিন মালিকে ভাটৰ ফাঁচীৰ তীব্ৰ বিৰোধিতা কৰিছিল। সন্ত্ৰাসবাদীক সহায় কৰি  সেই য়াছিন মালিকেই আজি তিহাৰ কাৰাগাৰত বন্দী। এতিয়া পৰিস্থিতিৰ কিছু সলনি হৈছে। সেয়ে নিয়াৰ অধিবক্তাই ফাঁচীকাঠত ওলোমোৱাৰ সপক্ষে মত দিলেও মালিকৰ প্ৰাণ ৰক্ষা পৰিছে।  দিল্লীৰ এখন আদালতে বুধবাৰে কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক সন্ত্ৰাসবাদীক পুঁজিৰ যোগান ধৰাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে।নিয়াৰ অধিবক্তাই মাৱিকৰ শাস্তি সন্দৰ্ভত তৰ্ক-বিতৰ্কৰ সময়ত আদালতক কৈছিল যে কাশ্মীৰ উপত্যকাৰ পৰা কাশ্মীৰী পণ্ডিতসকলক খেদি পঠিওৱাত মালিকে আগভাগ লৈছিল।

 সংস্থাটোৱে মালিকৰ মৃত্যুদণ্ডৰ বাবেও অনুৰোধ কৰিছিল। একে সময়তে, মালিকে আদালতক কৈছিল যে যদি চোৰাংচোৱা সংস্থাবোৰে সন্ত্ৰাসবাদ সম্পৰ্কীয় কোনো কাৰ্যকলাপত তেওঁ জৰিত বুলি প্ৰমাণ কৰিব পাৰে তেন্তে তেওঁ ফাঁচীৰ নিৰ্দেশো মানি ল’ব। আদালতে ১৯ মে'ত বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) অধীনত নিষিদ্ধ ঘোষিত সংগঠন জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰণ্টৰ (জেকেএলএফ) মুৰব্বী য়াছিন মালিকক দোষী সাব্যস্ত কৰিছিল। বহুলোকে এতিয়া এইবুলি প্ৰশ্ন কৰিছে যে জেকেএলএফৰ প্ৰতিষ্ঠাপক মকবুল ভাটক মৃত্যুদণ্ড দিয়া হৈছিল, য়াছিন মালিকক কেৱল আজীৱন কাৰাদণ্ড দিয়া হ’ল কিয়?

এনে পৰিস্থিতিত, বহু বছৰৰ পিছত, মকবুল ভাটৰ বিষয়টোৱে পুনৰ উক দিছে।

 ইয়াছিন আৰু মকবুলৰ অপৰাধ একে। য়াছিন মালিকৰ দলে কাশ্মীৰত মকবুল ভাটক ফাঁচী দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে পোষ্টাৰিং আৰু প্ৰতিবাদ কৰিছিল। ইয়াছিনক এই অভিযোগত কাৰাগাৰলৈ প্ৰেৰণো কৰা হৈছিল। ১৯৮৬ চনত ইয়াছিন মালিক কাৰাগাৰৰ পৰা ওলাই আহে। 

মালিকে তেওঁৰ  দলটোৰ নাম সলনি কৰি ইছলামিক ষ্টুডেণ্ট লীগ ৰাখিছিল আৰু কাশ্মীৰী শিক্ষাৰ্থীসকলক ইয়াৰ সৈতে জৰিত কৰিবলৈ আৰম্ভ কৰিছিল। কিছুদিনৰ ভিতৰতে ইছলামিক ষ্টুডেণ্ট লীগ সংগঠনটোৱে বিস্তৃতি লাভ কৰি ডাঙৰ হৈ পৰিছিল আৰু আফাক ৱানী, জাভেদ মীৰ আৰু আব্দুল হামিদ শ্বেখৰ দৰে লোকসকল ইয়াৰ সৈতে জড়িত হৈ পৰিছিল।  ইয়াছিন মালিকে ১৯৮৮ চনত জেকেএলএফত যোগদান কৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ