--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত ক’ভিডৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে এইবাৰ এবিধ নতুন ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে৷ কেৰালাত আৰম্ভ হৈছে ট’মেটো ফ্লু৷ ট’মেটো ফ্লুৰ চিকুনগুনিয়াৰ দৰে লক্ষণ আছে৷ এই ৰোগত আক্ৰান্ত হ’লে তীব্ৰ জ্বৰ, শৰীৰৰ বিষ, গাঁঠি ফুলা আৰু ভাগৰ লগা আদি লক্ষণে দেখা দিয়ে৷ 

খাদ্যৰ বিষক্ৰিয়াৰ ফলত ৫৮ জন লোকৰ মৃত্যু আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ চাঞ্চল্য নৌমাৰযাওঁতে কেৰালাই এতিয়া আন এক ৰহস্যজনক ৰোগৰ সৈতে যুঁজিবলগীয়া হৈছে৷  


কি এই ট’মেটো ফ্লু? 

ই হৈছে এক বিৰল ভাইৰেল ৰোগ, যাৰ ফলত ৰঙা ৰঙৰ চোকোৰা, ছালৰ জ্বলা-পোৰা আৰু ডিহাইড্ৰেচন হয়। ৰোগটোৰ নাম ৰোগটোৰ ফলত ফোঁহাবোৰৰ পৰা হোৱা বুলি জানিব পৰা গৈছো৷ কিয়নো, এই ফোঁহাবোৰ বিলাহীৰ দৰে দেখা যায়।


ৰোগৰ লক্ষণ:
আক্ৰান্ত শিশুৰ বিলাহীৰ আকাৰৰ ফোঁহা হব পাৰে, যিবোৰ ৰঙা ৰঙৰ হয়। অন্যান্য লক্ষণবোৰৰ ভিতৰত আছে তীব্ৰ জ্বৰ, শৰীৰৰ বিষ, গাঁঠি ফুলা আৰু ভাগৰ৷ দক্ষিণৰ ৰাজ্যখনৰ আৰ্যকাভু, অঞ্চল আৰু নেদুভাথুৰৰ পৰাও এই সংক্ৰমণৰ  খবৰ পোৱা গৈছে।
 
তামিলনাডু-কেৰালা সীমান্তত নিৰীক্ষণ:
চুবুৰীয়া কেৰালাৰ এখন জিলাত চ’মেটো ফ্লু বিয়পাৰ বিৰুদ্ধে এক পদক্ষেপ হিচাপে, এটা চিকিৎসা দলে তামিলনাডু-কেৰালা সীমান্তৰ ৱালায়াৰত জ্বৰ, চোকোৰা আৰু অন্যান্য ৰোগৰ বাবে কোয়েম্বাটুৰত প্ৰৱেশ কৰা লোকসকলক পৰীক্ষা কৰি আছে৷

প্ৰতিবেদনখনত আৰু কোৱা হৈছে যে দুজন চিকিৎসা বিষয়াই দলটোক যাত্ৰীসকলক, বিশেষকৈ শিশুসকলক, সকলো বাহনৰ পৰীক্ষা কৰিবলৈ নেতৃত্ব দি আছে। অংগনৱাড়ীত পাঁচ বছৰৰ তলৰ শিশুসকলক পৰীক্ষা কৰিবলৈ এটা ২৪ জনীয়া দলো গঠন কৰা হৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত