--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউড বাদশ্বাহ শ্বাহৰূখ খান, তেওঁৰ বিষয়ে নতুনকৈ ক’বলগীয়া একো নাই। বিশ্বৰ প্ৰান্তে প্ৰান্তে সিঁচৰিত হৈ আছে তেওঁৰ অগণিত অনুৰাগী। পিছে বলীউডৰ ছুপাৰষ্টাৰ হোৱাৰ কথা সপোনতো ভবা নাছিল শ্বাহৰূখ খানে। কিং খানে নিজকে বেলেগ এটা ৰূপতহে চাবলৈ প্ৰস্তুতি চলাইছিল, হ’ব বিচাৰিছিল পৰ্ণষ্টাৰ। ২০১৩ চনত ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই বিষয়ে মুকলিকৈ কৈছিল বলীউডৰ জনপ্ৰিয় অভিনেতাজনে।

হলিউড ছুপাৰষ্টাৰ ছেলভাষ্টাৰ ষ্টেলনৰ অনুৰাগী আছিল কিং খান। এসময়ত পৰ্ণ ছবিৰ তাৰকা আছিল ষ্টেলন। প্ৰিয় অভিনেতাক অনুসৰণ কৰিবলৈ গৈ বিশ্ব কঁপোৱা পৰ্ণষ্টাৰ হ’ব বিচাৰিছিল বলীউড বাদশ্বাহে। এই খবৰটোৱে সেই সময়ত ছ’চিয়েল মিডিয়াত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছিল। কিং খানৰ  মুখত এনে কথা শুনি হতবাক হৈ পৰিছিল সমালোচক তথা অনুৰাগী।

তদুপৰি, শ্বাহৰূখৰ এই কথাই সহকৰ্মীসকলো আচৰিত কৰি তুলিছিল। চিনেমাৰ শ্বুটিং ছেটত অন্তৰংগ দৃশ্যত অভিনয় কৰিবলৈ গৈ ভীষণ অস্বস্তিত পৰা কিং খানৰ এই কথাবোৰে কৰি তুলিছিল হতবাক। সাধাৰণতে বন্ধ কোঠাত নায়িকাৰ সৈতে অন্তৰংগ দৃশ্যত কিদৰে অভিনয় কৰিব শ্বাহৰূখ তাক লৈয়ো হৈছিল নানা চৰ্চা, নানা কৌতুহল। সকলোৰে সন্মুখত অভিনেত্ৰী সকলৰ সৈতে ঘনিষ্ঠ হৈ বেয়া পোৱা লাজুকুৰীয়া শ্বাহৰূখৰ মুখত পৰ্ণষ্টাৰ হোৱাৰ গোপন সপোনৰ কথা শুনি আচৰিত হোৱাটোৱেই স্বাভাৱিক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত