--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী মালাইকা অৰোৰাৰ মন-মেজাজ এইকেইদিন বৰ ভাল নহয়। বিশেষকৈ কৰণ জোহৰৰ ৫০ সংখ্যক জন্মদিনৰ অনুষ্ঠানত উপস্থিত থকাৰ পিছৰে পৰাই মালাইকা টিঙিৰিতুলা হৈ আছে। কৰণ জোহৰৰ জন্মদিনৰ অনুষ্ঠানত মালাইকাই পৰিধান কৰা পোছাককলৈ নেটিজেনৰ মাজৰে বহুতে সমালোচনা কৰাৰ পিছৰে পৰা অভিনেত্ৰীগৰাকীৰ মন বেয়া। 

বহু নেটিজেনে মালাইকাই পিন্ধা পোছাকক পুৰণি ধঙৰ বুলি কোৱাৰ লগতে মালাইকাক 'বাডি' বুলি কৈছে।  'বাডি'ৰ অৰ্থকে এতিয়া মালাইকাই বুঢ়ী বুলি ধৰি লৈছে। শেহতীয়াকৈ দেওবাৰে মালাইকা অৰোৰাই অৱসৰ বিনোদনৰ বাবে অলপ ওলাই গৈছিল। মালাইকাই পিন্ধিছিল এটা সোলোক-ঢোলক চোলা।

লগতে পিন্ধিছিলএটা টুপী।  ভগ্নী অমৃতা আৰু পুত্ৰ আৰহান খানো মালাইকাৰ লগতে আছিল।

আৰহান মালাইকাৰ প্ৰাক্তন স্বামী আৰবাজ খানৰ পুত্ৰ। অভিনেত্ৰীগৰাকীয়ে বৰ্তমান বলীউডৰ অভিনেতা অৰ্জুন কাপুৰৰ সৈতে ডেটিং কৰি আছে।সমস্যাটো হয়তো সেইখিনিতেই, অৰ্জুন কাপুৰ মালাইকাতকৈ কমেও ৯ বছৰে সৰু । সেয়ে বয়সৰ প্ৰসংগটোকলৈ মালাইকা কিছুদিন ধৰি বেছ সংবেদনশীল হৈ আছে। কোনোৱাই 'বাডি' বুলি ক'লেই বুঢ়ী বুলি জোকালে নেকি বুলি মালাইকা সচেতন হৈ পৰে।উল্লেখ্য বয়সৰ পাৰ্থক্যই হওঁক বা পোছাক-পছন্দই হওঁক, অভিনেত্ৰীগৰাকীক প্ৰায়ে নেটিজেনসকলে সমালোচনা কৰি আহিছে।

কেইদিনমান আগতে মালাইকাৰ লগতে তেওঁৰ ভগ্নী অমৃতা অৰোৰা আৰু কৰীণা কাপুৰ খানকো নেটিজেনে ভালকৈয়ে ট্ৰ'ল কৰিছে। কৰণ জোহৰৰ ৫০ সংখ্যক জন্মদিনৰ অনুষ্ঠানত তেওঁলোকৰ পোছাকৰ প্ৰসংগকলৈ  নেটিজেনে  ট্ৰ'ল কৰা দেখা গৈছিল। অমৃতাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট'ৰীজত এটা মন্তব্য শ্বেয়াৰ কৰিছিল যিয়ে তেওঁক, কৰীণা আৰু মালাইকাক 'থ্ৰি বাডিছ (তিনিগৰাকী বৃদ্ধা) বুলি অভিহিত কৰিছিল আৰু তেওঁলোকক তীব্ৰ সমালোচনা কৰিছিল।

নেটিজেনৰ এনে সমালোচনাত স্বাভাৱিকতে ক্ষুদ্ধ হৈ পৰিছে মালাইকা। হোৱাৰ কথাও, সকলোৱেইতো ডেকা হৈয়েই থাকিব বিচাৰে।বুঢ়া বা বুঢ়ী  হ'বনো কোনে বিচাৰিব! তাতে মালাইকা হৈছে অভিনেত্ৰী, প্ৰেম চলি আছে তেওঁতকৈ বয়সত সৰু অৰ্জুন কাপুৰৰ সৈতে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ