--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী মালাইকা অৰোৰাৰ মন-মেজাজ এইকেইদিন বৰ ভাল নহয়। বিশেষকৈ কৰণ জোহৰৰ ৫০ সংখ্যক জন্মদিনৰ অনুষ্ঠানত উপস্থিত থকাৰ পিছৰে পৰাই মালাইকা টিঙিৰিতুলা হৈ আছে। কৰণ জোহৰৰ জন্মদিনৰ অনুষ্ঠানত মালাইকাই পৰিধান কৰা পোছাককলৈ নেটিজেনৰ মাজৰে বহুতে সমালোচনা কৰাৰ পিছৰে পৰা অভিনেত্ৰীগৰাকীৰ মন বেয়া। 

বহু নেটিজেনে মালাইকাই পিন্ধা পোছাকক পুৰণি ধঙৰ বুলি কোৱাৰ লগতে মালাইকাক 'বাডি' বুলি কৈছে।  'বাডি'ৰ অৰ্থকে এতিয়া মালাইকাই বুঢ়ী বুলি ধৰি লৈছে। শেহতীয়াকৈ দেওবাৰে মালাইকা অৰোৰাই অৱসৰ বিনোদনৰ বাবে অলপ ওলাই গৈছিল। মালাইকাই পিন্ধিছিল এটা সোলোক-ঢোলক চোলা।

লগতে পিন্ধিছিলএটা টুপী।  ভগ্নী অমৃতা আৰু পুত্ৰ আৰহান খানো মালাইকাৰ লগতে আছিল।

আৰহান মালাইকাৰ প্ৰাক্তন স্বামী আৰবাজ খানৰ পুত্ৰ। অভিনেত্ৰীগৰাকীয়ে বৰ্তমান বলীউডৰ অভিনেতা অৰ্জুন কাপুৰৰ সৈতে ডেটিং কৰি আছে।সমস্যাটো হয়তো সেইখিনিতেই, অৰ্জুন কাপুৰ মালাইকাতকৈ কমেও ৯ বছৰে সৰু । সেয়ে বয়সৰ প্ৰসংগটোকলৈ মালাইকা কিছুদিন ধৰি বেছ সংবেদনশীল হৈ আছে। কোনোৱাই 'বাডি' বুলি ক'লেই বুঢ়ী বুলি জোকালে নেকি বুলি মালাইকা সচেতন হৈ পৰে।উল্লেখ্য বয়সৰ পাৰ্থক্যই হওঁক বা পোছাক-পছন্দই হওঁক, অভিনেত্ৰীগৰাকীক প্ৰায়ে নেটিজেনসকলে সমালোচনা কৰি আহিছে।

কেইদিনমান আগতে মালাইকাৰ লগতে তেওঁৰ ভগ্নী অমৃতা অৰোৰা আৰু কৰীণা কাপুৰ খানকো নেটিজেনে ভালকৈয়ে ট্ৰ'ল কৰিছে। কৰণ জোহৰৰ ৫০ সংখ্যক জন্মদিনৰ অনুষ্ঠানত তেওঁলোকৰ পোছাকৰ প্ৰসংগকলৈ  নেটিজেনে  ট্ৰ'ল কৰা দেখা গৈছিল। অমৃতাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট'ৰীজত এটা মন্তব্য শ্বেয়াৰ কৰিছিল যিয়ে তেওঁক, কৰীণা আৰু মালাইকাক 'থ্ৰি বাডিছ (তিনিগৰাকী বৃদ্ধা) বুলি অভিহিত কৰিছিল আৰু তেওঁলোকক তীব্ৰ সমালোচনা কৰিছিল।

নেটিজেনৰ এনে সমালোচনাত স্বাভাৱিকতে ক্ষুদ্ধ হৈ পৰিছে মালাইকা। হোৱাৰ কথাও, সকলোৱেইতো ডেকা হৈয়েই থাকিব বিচাৰে।বুঢ়া বা বুঢ়ী  হ'বনো কোনে বিচাৰিব! তাতে মালাইকা হৈছে অভিনেত্ৰী, প্ৰেম চলি আছে তেওঁতকৈ বয়সত সৰু অৰ্জুন কাপুৰৰ সৈতে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত