--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১২ অক্টোবৰৰ নিশা। ৰাজস্থানৰ জয়পুৰ চহৰ। বিন্দয়কা অঞ্চলৰ এটা ঘৰৰ ভিতৰত এনে এক নৃশংস কাণ্ড সংঘটিত হ’ল, যিয়ে যিকোনো মানুহক আতংকিত কৰি তুলিব। লিভ-ইন ৰিলেচনত বাস কৰা এজন প্ৰেমিকে নিৰ্মমভাৱে হত্যা কৰিলে নিজৰ প্ৰেমিকাক। প্ৰেমিকাক হত্যা কৰিবলৈ তেওঁ কোনো চোকা অস্ত্ৰৰ সহায় লোৱা নাছিল। বৰঞ্চ প্ৰেমিকাক বিদ্যুৎস্পৃষ্ট কৰি হত্যা কৰিছিল। হত্যাকাণ্ড সংঘটিত কৰি তাৰ পৰা পলায়ন কৰে অভিযুক্তই। কিন্তু এতিয়া তেওঁ আৰক্ষীৰ জিম্মাত।

বিহাৰৰ গোপালগঞ্জৰ বাসিন্দা সুনীল পেছাত এজন ইলেক্ট্ৰিচিয়ান। জয়পুৰত থাকি তেওঁ ইলেক্ট্ৰিচিয়ানৰ কাম কৰিছিল। ইয়াত তেওঁ আৰতি গুপ্তা নামৰ এজনী ছোৱালীক লগ পাইছিল। সুনীলে ভাবিছিল যে আৰতি বৰ ধনী। তেওঁ ছোৱালীজনীক নিজৰ প্ৰেমৰ জালত আবদ্ধ কৰি ৰাখিলে। দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হ’ল। ছমাহ আগতে দুয়ো লিভ-ইন ৰিলেচনত থাকিবলৈ আৰম্ভ কৰিছিল। প্ৰথমতে প্ৰেমিকাগৰাকীয়ে তেওঁৰ বাবে টকা খৰচ কৰি আছিল। কিন্তু যেতিয়া আৰতিৰ পইচা শেষ হ’ল, তেতিয়া তেওঁৰ প্ৰতি সুনীলৰ মনোভাৱ সলনি হ’ল।

সুনীলে গম পালে যে যিগৰাকী ছোৱালীক তেওঁ ধনী বুলি ভাবিছিল, আচলতে ধনী নহয়। দুয়োৰে মাজত পুনৰ আৰম্ভ হ’ল কাজিয়া। এনে পৰিস্থিতিত ১২ অক্টোবৰৰ নিশা আৰতিক হত্যাৰ ষড়যন্ত্ৰ কৰি বিদ্যুৎস্পৃষ্ট কৰে সুনীলে। বিচনাত বিদ্যুতৰ তাঁৰ পেলাই থৈছিল সুনীলে। আৰতিয়ে বিচনাত শোৱাৰ লগে লগে তেওঁ বিদ্যুৎস্পৃষ্ট হয়। সেই সময়ত তেওঁ ছটফটাই থাকে কিন্তু মৃত্যু হোৱা নাছিল। মৃত্যু নোহোৱা দেখি পুনৰ আৰতিক বাথৰুমলৈ লৈ গৈ বিদ্যুৎস্পৃষ্ট কৰে সুনীলে। তাৰপাছত সেই স্থান ত্যাগ কৰি অন্য স্থানলৈ সুনীলে পলায়ন কৰে।

পাছদিনা সন্ধিয়া প্ৰেমিকাৰ পৰিয়াললৈ ফোন কৰি সুনীলে কয় যে আৰতিয়ে মোৰ ফোন ৰিচিভ কৰা নাই। পৰিয়ালৰ অভিযোগৰ ভিত্তিত ১৪ অক্টোবৰত বাথৰুমত ছোৱালীজনীৰ মৃতদেহ উদ্ধাৰ হয়। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগে লগে আৰতিৰ প্ৰেমিক সুনীলক জেৰা কৰে। প্ৰথমতে তেওঁ আৰক্ষীক বিপথে পৰিচালিত কৰি থাকিল। কিন্তু পাছত তেওঁ অপৰাধ স্বীকাৰ কৰে। 

আৰক্ষীয়ে কয় যে মৰণোত্তৰ ৰিপৰ্টত যেতিয়া মৃত্যুৰ কাৰণ বিদ্যুৎস্পৃষ্ট বুলি উল্লেখ কৰা হৈছিল, তেতিয়াই আমাৰ সন্দেহ হৈছিল। কাৰণ সুনীলে ইলেক্ট্ৰিচিয়ান হিচাপে কাম কৰে, সেয়েহে সুনীলক জিম্মাত লৈ জেৰা কৰো আৰু পাছত তেওঁ অপৰাধ স্বীকাৰ কৰে। বৰ্তমান তেওঁৰ বিৰুদ্ধে অধিক তদন্ত চলি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
Advertisement