--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৯৮ চনত দুটাকৈ কৃষ্ণসাৰ মৃগক হত্যা কৰা গোচৰে পুনৰ অশান্তি দিছে অভিনেতা ছলমান খানক। এন চি পিৰ নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ড আৰু ছলমান খানে লাভ কৰা নিৰন্তৰ মৃত্যুৰ ভাবুকিয়ে পুনৰ এবাৰ উদঙাই দিছে কৃষ্ণসাৰ মৃগৰ হত্যাৰ সৈতে জড়িত দীৰ্ঘদিনীয়া বিতৰ্ক।

১৯৯৮ চনত যোধপুৰৰ সমীপত ‘হম সাথ সাথ হে’ ছবিৰ শ্বুটিংৰ সময়ত অভিনেতা ছলমান খানৰ লগতে আন কেইজনমানৰ বিৰু্দ্ধে কৃষ্ণসাৰ মৃগক চিকাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই ঘটনাই কৃষ্ণসাৰ মৃগক পূজা কৰা বিষ্ণয় সম্প্ৰদায়ৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি কৰে আৰু তেওঁলোকে ছলমান খানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ছলমান খানৰ প্ৰতি তেওঁলোকৰ অন্তৰত জাগি উঠিছিল তীব্ৰ ক্ষোভ আৰু ঘৃণা।

সেই সময়ত গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ বয়স ৫ বছৰ আছিল মাত্ৰ। সেই কণমান বয়সতে লৰেন্সে ছলমান খানৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ প্ৰতিজ্ঞা কৰিছিল। ছলমানৰ প্ৰতি লৰেন্সৰ শত্ৰুতাৰ মূল কাৰণ কৃষ্ণসাৰ মৃগ হত্যা নে এই শ্ব’ডাউনৰ জৰিয়তে গেংষ্টাৰে নিজৰ ভাবমূৰ্তি গঢ়ি তুলিবলৈ চেষ্টা কৰিছে তাকে লৈ বিতৰ্ক হ’ব পাৰে, কিন্তু সত্যটো হ’ল বিষ্ণয় সমাজে কৃষ্ণসাৰ মৃগ আৰু যিকোনো হৰিণাক অতি সন্মানৰ দৃষ্টিৰে চায়।

কেৱল হৰিণাই নহয়, এই সম্প্ৰদায়টো চোৰাং চিকাৰী আৰু বন মাফিয়াৰ পৰা বন্যপ্ৰাণী আৰু উদ্ভিদক সুৰক্ষা দিয়াৰ বাবে জনাজাত। বিষ্ণয় জনগোষ্ঠীৰ বাবে ৫৫০ বছৰীয়া পুৰণি এই সম্পৰ্ক।

কৃষ্ণসাৰ মৃগক সুৰক্ষা দিয়াটো কিয় বিষ্ণয় সমাজৰ বাবে বিশ্বাসৰ বিষয়?

পঞ্চদশ শতিকাৰ আশে-পাশে গুৰু জম্ভেশ্বৰে (জাম্বাজী বুলিও জনা যায়) প্ৰতিষ্ঠা কৰা বিষ্ণয় সম্প্ৰদায়টো ২৯টা নীতিৰ দ্বাৰা পৰিচালিত। তেওঁৰ শিক্ষাত বন্যপ্ৰাণী আৰু উদ্ভিদ সুৰক্ষা আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিষ্ণয় দৰ্শনৰ এটা মৌলিক নীতি হ’ল কৃষ্ণসাৰ মৃগক তেওঁলোকৰ আধ্যাত্মিক গুৰু জম্ভেশ্বৰৰ পুনৰ্জন্ম হিচাপে পূজা কৰা।

বিষ্ণয় সমাজৰ এজন সদস্য ৰাম স্বৰূপে কৈছিল "বিষ্ণয় ধৰ্ম নহয়, বৰঞ্চ এয়া ৫৫০ বছৰ পূৰ্বে বিষ্ণয় পন্থা প্ৰতিষ্ঠা কৰা গুৰু জম্ভেশ্বৰৰ ২৯টা নীতিৰ ওপৰত ভিত্তি কৰি জীৱন-ধাৰণৰ পদ্ধতি। এই পদ্ধতিত গছ-গছনি আৰু বন্যপ্ৰাণীৰ সুৰক্ষা দিবলৈ নিৰ্দেশ দিয়া হৈছে।" 

বিষ্ণয় লোককথাত জাম্বাজীয়ে তেওঁৰ অনুগামীসকলক কৃষ্ণসাৰ মৃগক তেওঁৰ অৱতাৰ বুলি গণ্য কৰি সন্মান কৰিবলৈ নিৰ্দেশ দিছিল বুলি বিশ্বাস কৰা হয়।

এই আধ্যাত্মিক সংযোগ ইমানেই গভীৰ যে বিষ্ণয় সম্প্ৰদায়ৰ লোকসকলে এই জীৱ-জন্তুবোৰক ৰক্ষা কৰিবলৈ নিজৰ জীৱনকো তুচ্ছ বুলি ভাবে।

১৭৩০ চনত যোধপুৰৰ সমীপৰ খেজৰলী গাঁৱত গছ বচাবলৈ গৈ ৩৬২ জন বিষ্ণয় নিহত হয়। এই হত্যাকাণ্ড সংঘটিত হৈছিল যোধপুৰৰ মহাৰাজা অভয় সিংহৰ নিৰ্দেশত। তেওঁৰ সৈন্যক খেজৰি গছ কাটি নতুন ৰাজপ্ৰসাদ সাজিবলৈ কাঠ আনিবলৈ পঠিওৱা হৈছিল যদিও অমৃতা দেৱী নামৰ এগৰাকী মহিলাৰ নেতৃত্বত বিষ্ণয় জনগোষ্ঠীয়ে ইয়াৰ বিৰোধিতা কৰিছিল।

অমৃতা দেৱী আৰু আন লোকসকলে গছবোৰক ৰক্ষা কৰিবলৈ গছবোৰ সাৱটি ধৰি সাহসী প্ৰতিৰোধৰ কাৰ্য্য সম্পাদন কৰিলে। এই ঘটনাক ১৯৭৩ চনৰ চিপকো আন্দোলনৰ পূৰ্বসূৰী হিচাপে দেখা যায়।

বিষ্ণয় আৰু কৃষ্ণসাৰ মৃগৰ সম্পৰ্ক কিয় গভীৰ?

এয়া এক আধ্যাত্মিক সম্পৰ্ক। এয়া এক গভীৰ সাংস্কৃতিক আৰু পৰিৱেশ সম্পৰ্কীয় সম্পৰ্ক। যুগ যুগ ধৰি বিষ্ণয়সকলে এই প্ৰাণীবোৰৰ লগত মিলাপ্ৰীতিৰে জীৱন নিৰ্বাহ কৰি আহিছে, প্ৰায়ে নিজৰ সম্পদৰ ভাগ-বতৰা কৰি ক্ষতিৰ পৰা ৰক্ষা কৰি আহিছে।

বিষ্ণয় জনসাধাৰণে আগ্ৰহেৰে সূৰ্যাস্তৰ বাবে অপেক্ষা কৰে যাতে তেওঁলোকৰ মাজত মুক্তভাৱে আৰু নিৰ্ভয়ে বিচৰণ কৰা কৃষ্ণসাৰ মৃগক খুৱাব পাৰে। থাৰৰ শুকান অংশত মানুহৰ বসতিৰ এক অপৰিহাৰ্য অংশ কৃষ্ণসাৰ মৃগ আৰু অন্যান্য হৰিণা।

বিষ্ণয় মহিলাসকল বিশেষকৈ হৰিণা পালনৰ বাবে পৰিচিত আৰু প্ৰায়ে তেওঁলোকৰ জাকৰ পৰা পৃথক হৰিণক দুগ্ধপান কৰোৱায় আৰু যত্ন লয়। গতিকে এই জীৱ-জন্তুবোৰৰ যত্ন লোৱাটো তেওঁলোকৰ জীৱনৰ এটা বৰ ডাঙৰ। তেওঁলোকৰ বাবে এয়াই ডাঙৰ ধৰ্ম।

১৯৯৮ চনৰ পৰা চলি থকা এই আইনী যুদ্ধখনে সঁচা অৰ্থত সম্প্ৰদায়টোৰ আদৰ্শৰ পিছত লাগি থকা দৃঢ়তাৰ প্ৰতিফলন ঘটায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ