--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিৰ্বাচন সমাগত। মোদী-শ্বাহৰ গৃহৰাজ্য গুজৰাটত ক্ষমতা নিজৰ হাতৰ মুঠিত ৰখাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে বিজেপিয়ে। ৰাজ্যখনত প্ৰধান বিৰোধী দল কংগ্ৰেছৰ থৰক-বৰক অৱস্থাৰ সুযোগ লৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বৰ আম আদমী পাৰ্টীয়ে ৰাজ্যখনত তৎপৰতা আৰম্ভ কৰিছে। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ নিৰ্বাচনক লৈ কোনো ৰিস্ক ল’ব বিচৰা নাই শাসকীয় দল বিজেপিয়ে। ৰাজ্যখনত ক্ষমতা নিজৰ হাতৰ মুঠিত ৰখাৰ বাবে সমৰক্ষেত্ৰত নামি পৰিছে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ।

 

শনিবাৰে এদিনীয়া ভ্ৰমণৰ কাৰ্যসূচী লৈ গুজৰাটত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এদিনীয়া এই ভ্ৰমণসূচীত মোদীয়ে ভালেমান গুৰুত্বপূৰ্ণ কাৰ্যসূচীত ভাগ ল’ব। এইবোৰৰ ভিতৰত আছে ৰাজকোটৰ এখন ২০০খন বিছনাযুক্ত হাস্পতাল মুকলি কাৰ্যসূচীও। কিন্তু আন এটা বিশেষ কাৰ্যসূচীৰ বাবেহে মোদীৰ এই ভ্ৰমণ চৰ্চালৈ আহিছে।

 

গুজৰাটৰ সৌৰাষ্ট্ৰত মোদীয়ে এক বৃহৎ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। সৌৰাষ্ট্ৰ হৈছে পাটিদাৰ সম্প্ৰদায়ৰ লোকসকলৰ বসতিপ্ৰধান অঞ্চল। গুজৰাট নিৰ্বাচনত পাটিদাৰ সম্প্ৰদায়ৰ লোকসকলৰ সমৰ্থন আদায়ৰ লক্ষ্যৰেই এই কাৰ্যসূচীত ভাগ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখ্য যে, পেটেল উপাধিৰ পাটিদাৰ সম্প্ৰদায়ৰ লোকসকলে ৰাজ্যখনৰ নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্যখনৰ জনসংখ্যাৰ ১২-১৪ শতাংশ হৈছে পাটিদান সম্প্ৰদায়ৰ লোক। নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ শক্তি আৰু ব্যাপকত্ব প্ৰদৰ্শন কৰাৰ বাবে সাজু হোৱা পাটিদাৰসকলক সমৰ্থন আদায়ৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ কাৰ্যসূচীত বৃহৎ ঘোষণা কৰিব পাৰে। ৰাজ্যখনত ক্ৰমাগত ৬ষ্ঠবাৰলৈ নিৰ্বাচন জয়ৰ পৰিকল্পনা ৰচনা কৰা বিজেপিলৈ এইবাৰ এটা ডাঙৰ শক্তিৰ সঞ্চাৰ ঘটিছে। সেই শক্তি হৈছে হাৰ্ডিক পেটেল।

 

পাটিদাৰ আন্দোলনক নেতৃত্ব দি গুজৰাটৰ ৰাজনীতিত তোলপাৰ লগোৱা হাৰ্ডিক পেটেলে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যাবলৈ সাজু হৈছে। তেওঁ এতিয়া নিৰ্বাচনত পাটিদাৰসকলৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হ’ব নে নাই সেয়াহে লক্ষ্যণীয় হ’ব। অৱশ্যে আন একাধিক পাটিদাৰ নেতাই ৰাজ্যখনত শাসকীয় পক্ষৰ কাষ চপাটোৱে পাটিদাৰসকলৰ মাজৰ বিভাজনো স্পষ্ট কৰি তুলিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement