--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিৰ্বাচন সমাগত। মোদী-শ্বাহৰ গৃহৰাজ্য গুজৰাটত ক্ষমতা নিজৰ হাতৰ মুঠিত ৰখাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে বিজেপিয়ে। ৰাজ্যখনত প্ৰধান বিৰোধী দল কংগ্ৰেছৰ থৰক-বৰক অৱস্থাৰ সুযোগ লৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বৰ আম আদমী পাৰ্টীয়ে ৰাজ্যখনত তৎপৰতা আৰম্ভ কৰিছে। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ নিৰ্বাচনক লৈ কোনো ৰিস্ক ল’ব বিচৰা নাই শাসকীয় দল বিজেপিয়ে। ৰাজ্যখনত ক্ষমতা নিজৰ হাতৰ মুঠিত ৰখাৰ বাবে সমৰক্ষেত্ৰত নামি পৰিছে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ।

 

শনিবাৰে এদিনীয়া ভ্ৰমণৰ কাৰ্যসূচী লৈ গুজৰাটত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এদিনীয়া এই ভ্ৰমণসূচীত মোদীয়ে ভালেমান গুৰুত্বপূৰ্ণ কাৰ্যসূচীত ভাগ ল’ব। এইবোৰৰ ভিতৰত আছে ৰাজকোটৰ এখন ২০০খন বিছনাযুক্ত হাস্পতাল মুকলি কাৰ্যসূচীও। কিন্তু আন এটা বিশেষ কাৰ্যসূচীৰ বাবেহে মোদীৰ এই ভ্ৰমণ চৰ্চালৈ আহিছে।

 

গুজৰাটৰ সৌৰাষ্ট্ৰত মোদীয়ে এক বৃহৎ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। সৌৰাষ্ট্ৰ হৈছে পাটিদাৰ সম্প্ৰদায়ৰ লোকসকলৰ বসতিপ্ৰধান অঞ্চল। গুজৰাট নিৰ্বাচনত পাটিদাৰ সম্প্ৰদায়ৰ লোকসকলৰ সমৰ্থন আদায়ৰ লক্ষ্যৰেই এই কাৰ্যসূচীত ভাগ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখ্য যে, পেটেল উপাধিৰ পাটিদাৰ সম্প্ৰদায়ৰ লোকসকলে ৰাজ্যখনৰ নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্যখনৰ জনসংখ্যাৰ ১২-১৪ শতাংশ হৈছে পাটিদান সম্প্ৰদায়ৰ লোক। নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ শক্তি আৰু ব্যাপকত্ব প্ৰদৰ্শন কৰাৰ বাবে সাজু হোৱা পাটিদাৰসকলক সমৰ্থন আদায়ৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ কাৰ্যসূচীত বৃহৎ ঘোষণা কৰিব পাৰে। ৰাজ্যখনত ক্ৰমাগত ৬ষ্ঠবাৰলৈ নিৰ্বাচন জয়ৰ পৰিকল্পনা ৰচনা কৰা বিজেপিলৈ এইবাৰ এটা ডাঙৰ শক্তিৰ সঞ্চাৰ ঘটিছে। সেই শক্তি হৈছে হাৰ্ডিক পেটেল।

 

পাটিদাৰ আন্দোলনক নেতৃত্ব দি গুজৰাটৰ ৰাজনীতিত তোলপাৰ লগোৱা হাৰ্ডিক পেটেলে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যাবলৈ সাজু হৈছে। তেওঁ এতিয়া নিৰ্বাচনত পাটিদাৰসকলৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হ’ব নে নাই সেয়াহে লক্ষ্যণীয় হ’ব। অৱশ্যে আন একাধিক পাটিদাৰ নেতাই ৰাজ্যখনত শাসকীয় পক্ষৰ কাষ চপাটোৱে পাটিদাৰসকলৰ মাজৰ বিভাজনো স্পষ্ট কৰি তুলিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান