--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)কলৈ কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰি সমালোচনাৰ পাত্ৰ হৈ পৰা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে অসম চৰকাৰে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উত্থাপন হোৱাৰ সময়তে শেহতীয়াকৈ দীৰ্ঘদিনৰ বিৰতিত চৰকাৰে মন্ত্ৰীগৰাকীক এই বিষয়ত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

দিছপুৰতে থকা মন্ত্ৰীগৰাকীক আলফাক ক্ষমা খোজাৰ প্ৰসংগকলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাত চৰকাৰে ইমান দিন কিয় ৰ’বলগীয়া হ’ল তাকেলৈয়ো এতিয়া বিভিন্ন জনে প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে। বহুতে এইবুলিও প্ৰশ্ন কৰিছে যে চৰকাৰে মন্ত্ৰীগৰাকীৰ কাৰ্যকলৈ সৃষ্টি হোৱা বিৰূপ প্ৰতিক্ৰিয়াৰ বাবেই বাধ্যত পৰি এনেদৰে পলমকৈ হ’লেও কাৰণ দৰ্শোৱাৰ জাননী দিলে নেকি?

উল্লেখ্য আলফা স্বাধীনে ১৪ মে’ত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণক বিজু গগৈৰ মৃত্যু সন্দৰ্ভত কৰা মন্তব্যৰ বাবে  ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ কথা কৈছিল।মন্ত্ৰীগৰাকীয়ে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক মিছলীয়া আখ্যা দিয়াৰ বাবে তেওঁক ক্ষমা খুজিবলৈ আলফাই সকিয়াই দিছিল।অন্যথা দুখনকৈ জিলাত মন্ত্ৰী সঞ্জয় কিষাণক নিষিদ্ধ কৰাৰো ভাবুকি দিছিল আলফাই ।বহুতেই ভাবিছিল আলফাৰ বিৰুদ্ধে সিংহৰ দৰে গৰ্জন দিয়া মন্ত্ৰী সঞ্জয় কিষাণে ভুলতো আলফাৰ ওচৰত ক্ষমা নোখোজে। কিন্তু আলফাই বান্ধি দিয়া  ২৪ ঘণ্টা নৌহওঁতেই সঞ্জয় কিষাণে  আলফা স্বাধীনকৈ কৰা মন্তব্যৰ বাবে  ক্ষমা বিচাৰিছিল।

তেওঁ কৈছিল- ‘‘মই পৰেশ বৰুৱা ডাঙৰীয়াৰ মনত আঘাত দিব  পৰা কোনো কথাই কোৱা নাছিলোঁ ৷ যদিহে মোৰ কথাই তেওঁৰ মনত আঘাত কৰিছে, তেন্তে মই নিজে দুঃখিত অনুভৱ কৰিছোঁ ৷ অসমৰ উন্নয়নৰ স্বাৰ্থত সকলোৱে সমিল-মিলেৰে আগবাঢ়িব লাগিব।’’

সঞ্জয় কিষাণৰ এনে ক্ষমা  প্ৰাৰ্থনাৰ পিছতে আলফাই  নিষিদ্ধকৰণ প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছিল। মন্ত্ৰী সঞ্জয় কিষাণে নিষিদ্ধ ঘোষিত সংগঠন এটাৰ ওচৰত ক্ষমা খোজাৰ বিষয়টোকলৈ ছ’চিয়েল মিডিয়াতো ব্যাপক চৰ্চা হৈছিল। বহুতে এইবুলি প্ৰশ্ন কৰিছিল বিপ্লৱী কবিতা লিখিলেও মানুহক কাৰাগাৰলৈ পঠিওৱা চৰকাৰ খনে  সঞ্জয় কিষাণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই কিয়?

বহতে কৈছিল-সামাজিক মাধ্যমত বিদ্ৰোহী কবিতা লিখি অসাংবিধানিক কাম-কাজক উৎসাহিত কৰাৰ অভিযোগত উৰিয়ামঘাটত গ্ৰেপ্তাৰ কৰা হৈছিল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী  বৰষাশ্ৰী বুঢাগোঁহাইক তেওঁৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিপ্লৱী কবিতা লিখি  বিদ্ৰোহীৰ কাম-কাজক উৎসাহিত কৰি অহাৰ অভিযোগ উঠিছিল।একেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো বহুতোকে এনে সামাজিক মাধ্যমৰ পোষ্টৰ ওপৰত ভিত্তি কৰিয়েই গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু আলফাক ক্ষমা খুজিও সঞ্জয় কিষাণৰ একো শাস্তি নহ’ল।

 আনকি মন্ত্ৰী সঞ্জয় কিষাণে আলফাৰ ওচৰত ক্ষমা খোজা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অসম চাহ জনজাতি ছাত্র সন্থায়ো । আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল- এনেবোৰ ঘটনাৰ ফলত ৰাইজ বিভ্ৰান্ত হয় । ৰাইজৰ মনত প্ৰশ্ন হয় যে তেওঁলোকে চৰকাৰ তথা আৰক্ষীৰ কথা মানি চলিব নে সশস্ত্ৰ সন্ত্ৰাসবাদী সংগঠনৰ লগত থাকিব ।

আটছাৰ সভাপতিগৰাকীয়ে লগতে কৈছিল যে নিৰাপত্তা বেষ্টনীৰ মাজত থকা চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীৰে যদি এনে অৱস্থা হয়, তেন্তে সশস্ত্ৰ সংগঠনসমূহৰ আগত সাধাৰণ ৰাইজৰ কি অৱস্থা হ'ব? আটছাই সঞ্জয় কিষাণৰ দৰে এগৰাকী কেবিনেট মন্ত্ৰীয়ে আলফা (স্বা)ৰ  ওচৰত ক্ষমা খোজা কাৰ্যত লজ্জাবোধ কৰিছে বুলিও মন্তব্য কৰিছিল। 

এনে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে অৱশেষত যেনিবা চৰকাৰৰ গা লৰিল। সেইবাবেই মন্ত্ৰী সঞ্জয় কিষাণলৈ জাৰি কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী।মন্ত্ৰী সঞ্জয় কিষাণলৈ জাৰি কৰা কথাটোৱে আন এক দিশৰো উন্মোচন কৰা বুলি বহুতে ক’ব বিচাৰে। বহুতৰ মতে এই জাননীয়ে আলফা-চৰকাৰৰ মাজত থকা বিশাল ব্যৱধানকে পুনৰ বাৰ প্ৰকট কৰিলে।আলফা-চৰকাৰৰ মাজৰ চৰ্চিত আলোচনাৰ বিষয়টোৰ ক্ষেত্ৰতো এই জাননীয়ে  নানান প্ৰশ্নৰ  উদ্ৰেক  ঘটাইছে বুলি বিভিন্ন মহলত আলোচনা হোৱা দেখা গৈছে।পৰেশ বৰুৱাই কোৱা-আলোচনাৰ কথাটো এতিয়াও বতাহতে উৰি আছে জাতীয় কথাৰো সত্যতা এই জাননীয়ে উদঙাই দিয়া বুলি বহতে মন্তব্য কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে