--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেনী বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মাণ হোৱা অসমীয়া কমেডী ছবি ‘লোকেল উৎপাত’-এ প্ৰথম সপ্তাহতে ৰণবীৰ সিং অভিনীত 'জয়েশভাই জোৰদাৰ' আৰু 'ডঃ ষ্ট্ৰেঞ্জত'কৈ অধিক উপাৰ্জন লাভ কৰিবলৈ সক্ষম হৈছে। ‘মিছন চাইনা’, ‘কাঞ্চনজংঘা’ আৰু ‘ৰত্নাকৰ’ৰ পাছতে বক্স অফিচত বিশেষ সফলতা লাভ কৰা শেহতীয়া অসমীয়া ছবিখনে হৈছে 'লোকেল উৎপাত'৷ 

মিতালী ফিল্মছৰ বিতৰক সুকান্ত পলে এই সুখবৰ প্ৰকাশ কৰি কয় যে তিনিওখন ছবিৰ ভিতৰত কেনী বসুমতাৰীৰ ‘লোকেল উৎপাত’-এ ১০০%ই শ্ৰেষ্ঠ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। চিনেমাখনৰ প্ৰতি জনসাধাৰণৰ সহাঁৰি ইমানেই বেছি আছিল যে, প্ৰায়বোৰ চিনেমা হ’লতে শ্ব’ বৃদ্ধি কৰিব লগা হৈছে৷ দৰ্শকৰ বিপুল সঁহাৰিৰ মাজেৰে 'লোকেল উৎপাত'-এ চিনেমা হ'লত দ্বিতীয় সপ্তাহত প্ৰৱেশ কৰিছে। ইয়াৰ উপৰি bookmyshow.com ত ছবিখনে ৯৭ শতাংশ ৰেটিং লাভ কৰিছে৷ 

কেৱল এবাৰেই নহয়, একাধিক দৰ্শকে কেইবাবাৰো এই ছবিখন উপভোগ কৰাৰ কথাও জানিব পৰা গৈছে৷ পৰিচালক কেনী বসুমতাৰীয়ে কয়, ‘আমাৰ ছবিখনক হিট কৰি তোলাৰ বাবে মই অসমবাসীৰ ওচৰত অত্যন্ত কৃতজ্ঞ। আমি ইয়াৰ সফলতাক লৈ আশাবাদী আছিলোঁ, কিন্তু জনসাধাৰণৰ সঁহাৰিয়ে আমাৰ আমাক আশাতীত সাফল্যৰ অধিকাৰী কৰাইছে।’

উল্লেখ্য যে ছবিখনৰ প্ৰথম সপ্তাহত বক্স অফিচত প্ৰায় ৪০ লাখ টকা সংগ্ৰহ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ এই সফলতাৰ পাছত পৰিচালকগৰাকীয়ে কয় যে, 'আটাইতকৈ ভাল কথাটো হ’ল মোৰ পৰৱৰ্তী প্ৰজেক্টৰ বাবে মই কাৰো কাষ চাপিব নালাগিব টকাৰ বাবে, আৰু মই কাৰো হস্তক্ষেপৰ সন্মুখীন নোহোৱাকৈ ঠিক মই বিচৰাধৰণে নতুন ছবি নিৰ্মাণ কৰিব পাৰিম৷’ 
অসমত এই ছবিখনে দৰ্শকৰ সমাদৰ লাভ কৰাৰ পাছত বিপুল দাবীৰ অন্তত ২৭ মে’ত দিল্লী, নয়দা, মুম্বাই, খাৰঘৰ, বেংগালুৰু আৰু কলকাতাত এসপ্তাহৰ বাবে 'লোকেল উৎপাত' মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছবি নিৰ্মাতাসকলে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ