--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেনী বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মাণ হোৱা অসমীয়া কমেডী ছবি ‘লোকেল উৎপাত’-এ প্ৰথম সপ্তাহতে ৰণবীৰ সিং অভিনীত 'জয়েশভাই জোৰদাৰ' আৰু 'ডঃ ষ্ট্ৰেঞ্জত'কৈ অধিক উপাৰ্জন লাভ কৰিবলৈ সক্ষম হৈছে। ‘মিছন চাইনা’, ‘কাঞ্চনজংঘা’ আৰু ‘ৰত্নাকৰ’ৰ পাছতে বক্স অফিচত বিশেষ সফলতা লাভ কৰা শেহতীয়া অসমীয়া ছবিখনে হৈছে 'লোকেল উৎপাত'৷ 

মিতালী ফিল্মছৰ বিতৰক সুকান্ত পলে এই সুখবৰ প্ৰকাশ কৰি কয় যে তিনিওখন ছবিৰ ভিতৰত কেনী বসুমতাৰীৰ ‘লোকেল উৎপাত’-এ ১০০%ই শ্ৰেষ্ঠ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। চিনেমাখনৰ প্ৰতি জনসাধাৰণৰ সহাঁৰি ইমানেই বেছি আছিল যে, প্ৰায়বোৰ চিনেমা হ’লতে শ্ব’ বৃদ্ধি কৰিব লগা হৈছে৷ দৰ্শকৰ বিপুল সঁহাৰিৰ মাজেৰে 'লোকেল উৎপাত'-এ চিনেমা হ'লত দ্বিতীয় সপ্তাহত প্ৰৱেশ কৰিছে। ইয়াৰ উপৰি bookmyshow.com ত ছবিখনে ৯৭ শতাংশ ৰেটিং লাভ কৰিছে৷ 

কেৱল এবাৰেই নহয়, একাধিক দৰ্শকে কেইবাবাৰো এই ছবিখন উপভোগ কৰাৰ কথাও জানিব পৰা গৈছে৷ পৰিচালক কেনী বসুমতাৰীয়ে কয়, ‘আমাৰ ছবিখনক হিট কৰি তোলাৰ বাবে মই অসমবাসীৰ ওচৰত অত্যন্ত কৃতজ্ঞ। আমি ইয়াৰ সফলতাক লৈ আশাবাদী আছিলোঁ, কিন্তু জনসাধাৰণৰ সঁহাৰিয়ে আমাৰ আমাক আশাতীত সাফল্যৰ অধিকাৰী কৰাইছে।’

উল্লেখ্য যে ছবিখনৰ প্ৰথম সপ্তাহত বক্স অফিচত প্ৰায় ৪০ লাখ টকা সংগ্ৰহ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ এই সফলতাৰ পাছত পৰিচালকগৰাকীয়ে কয় যে, 'আটাইতকৈ ভাল কথাটো হ’ল মোৰ পৰৱৰ্তী প্ৰজেক্টৰ বাবে মই কাৰো কাষ চাপিব নালাগিব টকাৰ বাবে, আৰু মই কাৰো হস্তক্ষেপৰ সন্মুখীন নোহোৱাকৈ ঠিক মই বিচৰাধৰণে নতুন ছবি নিৰ্মাণ কৰিব পাৰিম৷’ 
অসমত এই ছবিখনে দৰ্শকৰ সমাদৰ লাভ কৰাৰ পাছত বিপুল দাবীৰ অন্তত ২৭ মে’ত দিল্লী, নয়দা, মুম্বাই, খাৰঘৰ, বেংগালুৰু আৰু কলকাতাত এসপ্তাহৰ বাবে 'লোকেল উৎপাত' মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছবি নিৰ্মাতাসকলে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান