--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘জুগনি জী’, ‘বেবী ড’ল’ আদি গীতৰ জৰিয়তে খ্যাতি অৰ্জন কৰা বলীউডৰ কণ্ঠশিল্পী কণিকা কাপুৰৰ আজি ২০ মে’ত গৌতম হাথিৰমণিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পূৰ্বে তেওঁলোকৰ হালধি আৰু মেহেন্দী অনুষ্ঠান আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈছিল৷ ছ’চিয়েল মিডিয়াত বিয়াৰ পূৰ্বৰ এই অনুষ্ঠানৰ ছবি প্ৰকাশ কৰিছে। ১৯৯৮ চনত ব্যৱসায়ী ৰাজ চান্দোকৰ সৈতে প্ৰথম বিবাহপাশত আবদ্ধ হৈছিল কানিকাই। বিয়াৰ পাছত লণ্ডনলৈ স্থানান্তৰিত হয় আৰু তেওঁৰ তিনিটা সন্তান আছে। অৱশ্যে ২০১২ চনত দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল। এতিয়া তেঁও গৌতমৰ সৈতে নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছে।


মেহেন্দী অনুষ্ঠানৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে কণিকা কাপুৰে। তেওঁ লিখিছে, 'জি মই তোমাক বহুত ভাল পাওঁ।' এই পোষ্টটোৰ পাছত চেলিব্ৰিটী পৰা অনুৰাগীলৈকে তেওঁক অভিনন্দন জনাইছে।

কণিকাৰ মেহেন্দী অনুষ্ঠানত পাতল সেউজীয়া ৰঙৰ লেহেংগা পৰিধান কৰা দেখা গৈছিল। একে সময়তে ক্ৰীম ৰঙৰ কুৰ্তা-পাইজামা পিন্ধি থকা অৱস্থাত দেখা গৈছিল দৰা গৌতমকো। ভাইৰেল হোৱা হালধি অনুষ্ঠানৰ ফটোত বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকৰ সৈতে দম্পতীহালক দেখা গৈছিল। খবৰ অনুসৰি, দুয়োজনে এবছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰি আছিল আৰু তাৰ পিছত লণ্ডনত বিয়াৰ সিদ্ধান্ত লৈছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ