--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘জুগনি জী’, ‘বেবী ড’ল’ আদি গীতৰ জৰিয়তে খ্যাতি অৰ্জন কৰা বলীউডৰ কণ্ঠশিল্পী কণিকা কাপুৰৰ আজি ২০ মে’ত গৌতম হাথিৰমণিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পূৰ্বে তেওঁলোকৰ হালধি আৰু মেহেন্দী অনুষ্ঠান আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈছিল৷ ছ’চিয়েল মিডিয়াত বিয়াৰ পূৰ্বৰ এই অনুষ্ঠানৰ ছবি প্ৰকাশ কৰিছে। ১৯৯৮ চনত ব্যৱসায়ী ৰাজ চান্দোকৰ সৈতে প্ৰথম বিবাহপাশত আবদ্ধ হৈছিল কানিকাই। বিয়াৰ পাছত লণ্ডনলৈ স্থানান্তৰিত হয় আৰু তেওঁৰ তিনিটা সন্তান আছে। অৱশ্যে ২০১২ চনত দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল। এতিয়া তেঁও গৌতমৰ সৈতে নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছে।


মেহেন্দী অনুষ্ঠানৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে কণিকা কাপুৰে। তেওঁ লিখিছে, 'জি মই তোমাক বহুত ভাল পাওঁ।' এই পোষ্টটোৰ পাছত চেলিব্ৰিটী পৰা অনুৰাগীলৈকে তেওঁক অভিনন্দন জনাইছে।

কণিকাৰ মেহেন্দী অনুষ্ঠানত পাতল সেউজীয়া ৰঙৰ লেহেংগা পৰিধান কৰা দেখা গৈছিল। একে সময়তে ক্ৰীম ৰঙৰ কুৰ্তা-পাইজামা পিন্ধি থকা অৱস্থাত দেখা গৈছিল দৰা গৌতমকো। ভাইৰেল হোৱা হালধি অনুষ্ঠানৰ ফটোত বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকৰ সৈতে দম্পতীহালক দেখা গৈছিল। খবৰ অনুসৰি, দুয়োজনে এবছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰি আছিল আৰু তাৰ পিছত লণ্ডনত বিয়াৰ সিদ্ধান্ত লৈছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ