--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ্জেণ্টিনাৰ ফুটবল কিংবদন্তী ডিয়েগো মাৰাডোনাৰ মৃত্যু হৈছিল দুবছৰ পূৰ্বে। অসামান্য সাফল্যৰ বাবে ফুটবলৰ ইতিহাসৰ নজহা-নপমা এটা নাম মাৰাডোনা। ১৯৮৬ত অনুষ্ঠিত বিশ্বকাপত 'হেণ্ড অফ গড' নামেৰে খ্যাতি অৰ্জন কৰিছিল এইগৰাকী ফুটবলাৰে।  সেই বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে দুটা গ'ল কৰা মাৰাডোনাৰ জাৰ্ছী নিলাম তোলা হৈছিল। সৰ্বাধিক ৭৭,৪৩,৯৪,৬৭২ টকাৰ অভিলেখ মূল্যত নিলাম হয় এই জাৰ্ছী। মাৰাডোনা আৰু জাৰ্ছীৰ নিলাম প্ৰসংগত ওলোটা খৰ পিটাৰ শিল্টনৰ।

আৰ্জেণ্টিনাৰ অন্তিম বিশ্বকাপ জয়ৰ ফাইনেলত শিল্টন ইংলেণ্ডৰ গ'ল ৰক্ষক আছিল। মাৰাডোনাই হাতেৰে কৰা গ'লৰ বাবে তেওঁ প্ৰায়ে সমালোচনা কৰা দেখা যায়। এইবাৰ মাৰাডোনাৰ জাৰ্ছীৰ নিলামৰ পিছত পুনৰ সৰব হৈ পৰা দেখা গৈছে।তেওঁ কয়, ‘মাৰাডোনাৰ জাৰ্ছী ইমান দামত ক্ৰয় কৰাটো দূৰৰ কথা। ঘৰৰ বাচনো চফা নকৰো।’ শিল্টনে মাৰাডোনাৰ এই কাৰ্যক সমালোচনাৰ দৃষ্টিৰে চালেও কিন্তু  ইংলেণ্ড দলৰ ফুটবলাৰ ষ্টিভ হজে মাৰাডোনাৰে জাৰ্ছীৰ সালসলনি কৰিছিল। এই কথাৰ সম্ভেদ পোৱা নাছিল শিল্টনে।

‘দ্য চান’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শিল্টনে কয়, ‘সেইদিনা যি ঘটিছিল তাৰ পিছত, যিকোনো বিনিময়ত মাৰাডোনাৰ সৈতে জাৰ্ছী সলনি নকৰিলোহেঁতেন। মই ঘৰৰ কামটো এই জাৰ্ছী ব্যৱহাৰ কৰা নাছিলো। বাংলোৰ খিৰিকীও চফা কৰা নাছিলো। ষ্টিভে মাৰাডোনাৰ জাৰ্ছী অনা বুলি আমি জনাহেঁতেন ড্ৰেছিং ৰুমৰ পৰিস্থিতি বিষম ৰূপ ল’লেহেঁতেন। হজে জানিছিল যে যদি তেওঁ আমাক এই বিষয়ে জনোৱাহেঁতেন তেন্তে কি হ'লহেঁতেন। সেইবাবে তেওঁ এই কথা গোপনে ৰাখিছিল।
মাৰাডোনাৰ বিৰুদ্ধে ক্ষোভ থাকিলেও শিল্টন সুখী। প্ৰাক্তন সতীৰ্থই জাৰ্ছী বিক্ৰী কৰি বৃহৎ পৰিমাণৰ ধন লাভ কৰা কথাটোৱে সুখী কৰি তুলিছে শিল্টনক।  শিল্টনে কয়, ‘মই সুখী যে ইংলেণ্ডৰ কোনোবাই সেই খেলখনৰ পৰা কিবা এটা পাইছে। আমিয়েই শেষ হাঁহি মাৰিলো। বিশ্বকাপত প্ৰৱঞ্চনাৰ ভুক্তভোগী হোৱাৰ এয়া আদৰ্শগত বিচাৰ। এজন ফুটবলাৰে কৰা এইটো সৰ্বশ্ৰেষ্ঠ ব্যৱসায়। আমাৰ কোনেও কল্পনা কৰিব পৰা নাছিল যে, এটা জাৰ্ছীৰ মূল্য ইমান হ’ব পাৰে!’




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ