--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চলিত আইপিএলৰ অভিযানৰ সামৰণি মাৰিলে চেন্নাই ছুপাৰ কিংছে। মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পিছত ধোনী বাহিনীৰ প্লে’ অফত প্ৰৱেশৰ আশা আৰু নাই। এতিয়াৰে পৰা ধোনীয়ে আগন্তুক আইপিএলৰ বিষয়ে ভাবিবলৈ আৰম্ভ কৰিছে। আইপিএলৰ পৰা সকলো ধৰণৰ ক্ৰিকেটত ভাৰতীয় দলৰ লাভা লাভৰ বিষয়েও জনালে মহেন্দ্ৰ সিং ধোনীয়ে।

খেলখনৰ পিছত, ধোনীয়ে স্বীকাৰ কৰে যে এই উইকেটত মাত্ৰ ৯৭ ৰান কৰি জয়লাভ কৰাটো অসম্ভৱ কথা আছিল। তাৰপাছতো মুকেশ চৌধুৰী আৰু ছিমৰজিৎ সিঙৰ প্ৰচেষ্টাক প্ৰশংসাৰ দৃষ্টিৰে চাইছে ধোনীয়ে। তেওঁ কয়, ‘দুজন যুৱ পেচাৰে খুব ভাল বলিং কৰিছে। এনেধৰণৰ খেলে তেওঁলোকৰ মনত আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব।’

আইপিএলৰ উপযোগিতাৰ বিষয়েও মন্তব্য কৰে ধোনীয়ে। এই প্ৰতিযোগিতাৰ ফলস্বৰূপে প্ৰতিবছৰে বহুতো ঘৰুৱা ক্ৰিকেটাৰে আত্মপ্ৰকাশ কৰা দেখা গৈছে আৰু  ই ভাৰতীয় ক্ৰিকেটক লাভান্বিত কৰিছে বুলি কয় মিষ্টাৰ কুলে। ধোনীয়ে লগতে কয়, ‘বহু বছৰ ধৰি আমাৰ টীমত বেগী বলাৰৰ সংখ্যা কমি আছিল।  কিন্তু এতিয়া আছে। বহু বলাৰ নিৰীক্ষণত আছে। পৰিপক্ক হ'বলৈ নিজক সময় দিব লাগিব তেওঁলোকে। কিন্তু আইপিএলৰ এই ছয় মাহৰ ভিতৰত, তেওঁলোকে সকলো ধৰণৰ ক্ৰিকেটৰ বাবে সাজু হৈ উঠিছে।’

আইপিএলৰ ফলস্বৰূপে ঘৰুৱা যুৱ ক্ৰিকেটাৰসকলৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি পাইছে বুলি ধাৰণা ধোনীৰ। ধোনীয়ে কয়, ‘তেওঁলোকে আৰম্ভণিৰে পৰা কঠিন প্ৰতিযোগিতা দেখি আহিছে। উন্নত প্ৰদৰ্শনৰ বাবে তেওঁলোকে যথেষ্ট চেষ্টা কৰিছে। ফলস্বৰূপে, তেওঁলোকে অতি সোনকালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে সাজু হৈছে। কাকো ভয় নকৰে এই যুৱ পেচাৰসকলে। যুঁজৰ পৰা আঁতৰি অহা নাই।’

এইবাৰ প্ৰতিযোগিতাত বিফল হ’লেও দলটোৱে কেইবাজনো ইতিবাচক যুৱ ক্ৰিকেটাৰ লাভ কৰা বুলি জনাইছে ধোনীয়ে। তেওঁ কয়, ‘এই বছৰ দুজন যুৱ বেগী বলাৰ আমি পাইছো। অহা বছৰ আৰু দুজন বেগী বলাৰ আহিব। আৰু কেইজনমানৰ ওপৰত আমি চকু ৰাখিছো। চলিত ছিজনে আমাক বহুতো শিকালে। এই অভিজ্ঞতাখিনি আগন্তক ছিজনত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম। ’



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ