--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছাত্ৰ-ছাত্ৰীৰ বাবে কেন্দ্ৰ চৰকাৰে লৈ আহিছে এক সুখবৰ! কেন্দ্ৰীয় চৰকাৰে নিম্ন মধ্যবিত্ত পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ বাবে নতুন আঁচনি ৰূপায়ন কৰিবলৈ আগবাঢ়িছে। প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে।এই আঁচনিৰ অধীনত চৰকাৰৰ দ্বাৰা বিভিন্ন ধৰণৰ বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষা গ্ৰহণ কৰিব  বিচৰা ছাত্ৰ-ছাত্ৰীয়ে ১০ লাখ টকা পৰ্যন্ত শিক্ষা ঋণ লাভ কৰিব। ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বৃত্তিগত ক্ষেত্ৰত শিক্ষা গ্ৰহণৰ বাবে আৰ্থিক সাহায্যও লাভ কৰিব।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী বিদ্যালয়াক্ষ্মী আঁচনিৰ অধীনত প্ৰায় ৭০টা ভিন্ন আৰ্থিক সাহায্য কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই আঁচনিৰ অধীনত বিভিন্ন চৰকাৰী বেংকৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা ঋণ লাভ কৰিব। 

বুধবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ অন্তত কেন্দ্ৰীয় তথ্য মন্ত্ৰী অশ্বিনী বৈষ্ণবে কয় যে, এই প্ৰকল্পৰ বাবে ঋণ ল’বলৈ কোনো গ্ৰাণ্টাৰৰ প্ৰয়োজন নহ’ব। লগতে কয় প্ৰধানমন্ত্ৰী মোদীৰ লক্ষ্য যে কোনো প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীক বঞ্চিত হৈ নাথাকে।

উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত প্ৰতি বছৰে সৰ্বাধিক এক লাখ ছাত্ৰ-ছাত্ৰীয়ে ঋণ লাভ কৰিব।আৰু প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিৰ অধীনত পৰিয়ালৰ বাৰ্ষিক আয় ৮ লাখ টকা পৰ্যন্ত থকা ছাত্ৰইও ১০ লাখ টকা পৰ্যন্ত শিক্ষা ঋণ লাভ কৰিব।এই আঁচনিৰ অধিনত লাভ কৰা ঋণৰ সুতৰ হাৰ হ'ব ৩ শতাংশ।

এই ঋণ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফলৰ ভিত্তিতহে অনুমোদন কৰা হ'ব বুলি সদৰি কৰিছে। পূৰ্বে পৰিয়ালৰ বাৰ্ষিক আয় চাৰে চাৰি লাখ টকা পৰ্যন্ত থকা  ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে কেন্দ্ৰীয় ঋণ লাভ কৰিছিল যিটো বৰ্তমান আঠ লাখলৈ বৃদ্ধি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement