--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছাত্ৰ-ছাত্ৰীৰ বাবে কেন্দ্ৰ চৰকাৰে লৈ আহিছে এক সুখবৰ! কেন্দ্ৰীয় চৰকাৰে নিম্ন মধ্যবিত্ত পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ বাবে নতুন আঁচনি ৰূপায়ন কৰিবলৈ আগবাঢ়িছে। প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে।এই আঁচনিৰ অধীনত চৰকাৰৰ দ্বাৰা বিভিন্ন ধৰণৰ বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষা গ্ৰহণ কৰিব  বিচৰা ছাত্ৰ-ছাত্ৰীয়ে ১০ লাখ টকা পৰ্যন্ত শিক্ষা ঋণ লাভ কৰিব। ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বৃত্তিগত ক্ষেত্ৰত শিক্ষা গ্ৰহণৰ বাবে আৰ্থিক সাহায্যও লাভ কৰিব।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী বিদ্যালয়াক্ষ্মী আঁচনিৰ অধীনত প্ৰায় ৭০টা ভিন্ন আৰ্থিক সাহায্য কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই আঁচনিৰ অধীনত বিভিন্ন চৰকাৰী বেংকৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা ঋণ লাভ কৰিব। 

বুধবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ অন্তত কেন্দ্ৰীয় তথ্য মন্ত্ৰী অশ্বিনী বৈষ্ণবে কয় যে, এই প্ৰকল্পৰ বাবে ঋণ ল’বলৈ কোনো গ্ৰাণ্টাৰৰ প্ৰয়োজন নহ’ব। লগতে কয় প্ৰধানমন্ত্ৰী মোদীৰ লক্ষ্য যে কোনো প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীক বঞ্চিত হৈ নাথাকে।

উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত প্ৰতি বছৰে সৰ্বাধিক এক লাখ ছাত্ৰ-ছাত্ৰীয়ে ঋণ লাভ কৰিব।আৰু প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিৰ অধীনত পৰিয়ালৰ বাৰ্ষিক আয় ৮ লাখ টকা পৰ্যন্ত থকা ছাত্ৰইও ১০ লাখ টকা পৰ্যন্ত শিক্ষা ঋণ লাভ কৰিব।এই আঁচনিৰ অধিনত লাভ কৰা ঋণৰ সুতৰ হাৰ হ'ব ৩ শতাংশ।

এই ঋণ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফলৰ ভিত্তিতহে অনুমোদন কৰা হ'ব বুলি সদৰি কৰিছে। পূৰ্বে পৰিয়ালৰ বাৰ্ষিক আয় চাৰে চাৰি লাখ টকা পৰ্যন্ত থকা  ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে কেন্দ্ৰীয় ঋণ লাভ কৰিছিল যিটো বৰ্তমান আঠ লাখলৈ বৃদ্ধি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post