--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঋতুস্ৰাৱ বা মাহেকীয়া হৈছে মহিলাৰ শৰীৰৰ এক সাধাৰণ প্ৰাকৃতিক জৈৱিক প্ৰক্ৰিয়া। সাধাৰণতে ১২ বছৰ বয়সৰ পৰা ছোৱালীৰ ঋতুস্ৰাৱ আৰম্ভ হয় যি ৰজোনিবৃত্তিলৈকে প্ৰায় ৪৫-৫৫ বছৰলৈকে থাকে। প্ৰতিগৰাকী মহিলাৰ ঋতুস্ৰাৱচক্ৰ পৃথক আৰু ই শৰীৰৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে ঋতুচক্ৰ ২ ৰ পৰা ৮ দিন লৈকে থাকে। কিন্তু বেছিভাগ মহিলাৰ ৪ দিনলৈকে ঋতুস্ৰাৱ হয়। ঋতুস্ৰাৱৰ সময়ত যুৱতী বা মহিলাৰ ক্ষেত্ৰত যথেষ্ট হৰমন আৰু শাৰীৰিক পৰিৱৰ্তন হয়। কেতিয়াবা ঋতুস্ৰাৱৰ সৈতে সম্পৰ্কিত লক্ষণবোৰ সৰু বুলি উপেক্ষা কৰা হয়, কিন্তু কিছুমান ক্ষেত্ৰত এই লক্ষণবোৰ উপেক্ষা কৰাটো উচিত নহয়। শেহতীয়া গৱেষণা অনুসৰি ঋতুস্ৰাৱৰ সমস্যা হ'লে যকৃত-সম্পৰ্কীয় ৰোগৰ আশংকা বৃদ্ধি হ'ব পাৰে। অনিয়মীয়া ঋতুস্ৰাৱে যকৃত সম্পৰ্কীয় ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। মহিলাৰ স্বাস্থ্যৰ ওপৰত গৱেষণা কৰি কোৱা হৈছিল যে মহিলাৰ ঋতুস্ৰাৱ ২৪ৰ পৰা ৩৮ দিনৰ ভিতৰত হ'লেও ইয়াক নিয়মীয়া ঋতুস্ৰাৱ(Regular Periods) বুলি গণ্য কৰা হয়। ইয়াতকৈ দেৰি হ'লে যুৱতী বা মহিলাগৰাকীৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ৪০ বছৰৰ তলৰ ৭২,০৯২ গৰাকী মহিলাৰ অধ্যয়ন অনুসৰি দীঘলীয়া সময়লৈকে ঋতুস্ৰাৱ নোহোৱা বা অনিয়মীয়া ঋতুস্ৰাৱ হোৱা মহিলাসকলৰ ফেটী লিভাৰ বা লিভাৰৰ অন্য যিকোনো ৰোগত ভোগাৰ আশংকা প্ৰবল। গতিকে বাৰে বাৰে মাহেকীয়া অনিয়মিয়া হৈ থাকিলে চিকিৎসকৰ কাষ চপাটো জৰুৰী। জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰি যকৃত সম্পৰ্কীয় ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰি। আপোনাৰ ওজন অত্যাধিক হ'বলৈ নিদিব। অত্যাধিক সুৰাপান নকৰিব। ধূমপান নকৰিব। আৰু পঢ়কঃ ‘কাশ্মীৰ ফাইলছ’ প্ৰতিজন ভাৰতীয়ই চোৱা উচিত,আমি ইতিহাস জানিব লাগেঃ আমিৰ খান PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি