--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঋতুস্ৰাৱ বা মাহেকীয়া হৈছে মহিলাৰ শৰীৰৰ এক সাধাৰণ প্ৰাকৃতিক জৈৱিক প্ৰক্ৰিয়া। সাধাৰণতে ১২ বছৰ বয়সৰ পৰা ছোৱালীৰ ঋতুস্ৰাৱ আৰম্ভ হয় যি ৰজোনিবৃত্তিলৈকে প্ৰায় ৪৫-৫৫ বছৰলৈকে থাকে। প্ৰতিগৰাকী মহিলাৰ ঋতুস্ৰাৱচক্ৰ পৃথক আৰু ই শৰীৰৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে ঋতুচক্ৰ ২ ৰ পৰা ৮ দিন লৈকে থাকে। কিন্তু বেছিভাগ মহিলাৰ ৪ দিনলৈকে ঋতুস্ৰাৱ হয়। ঋতুস্ৰাৱৰ সময়ত যুৱতী বা মহিলাৰ ক্ষেত্ৰত যথেষ্ট হৰমন আৰু শাৰীৰিক পৰিৱৰ্তন হয়। কেতিয়াবা ঋতুস্ৰাৱৰ সৈতে সম্পৰ্কিত লক্ষণবোৰ সৰু বুলি উপেক্ষা কৰা হয়, কিন্তু কিছুমান ক্ষেত্ৰত এই লক্ষণবোৰ উপেক্ষা কৰাটো উচিত নহয়। শেহতীয়া গৱেষণা অনুসৰি ঋতুস্ৰাৱৰ সমস্যা হ'লে যকৃত-সম্পৰ্কীয় ৰোগৰ আশংকা বৃদ্ধি হ'ব পাৰে। অনিয়মীয়া ঋতুস্ৰাৱে যকৃত সম্পৰ্কীয় ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। মহিলাৰ স্বাস্থ্যৰ ওপৰত গৱেষণা কৰি কোৱা হৈছিল যে মহিলাৰ ঋতুস্ৰাৱ ২৪ৰ পৰা ৩৮ দিনৰ ভিতৰত হ'লেও ইয়াক নিয়মীয়া ঋতুস্ৰাৱ(Regular Periods) বুলি গণ্য কৰা হয়। ইয়াতকৈ দেৰি হ'লে যুৱতী বা মহিলাগৰাকীৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ৪০ বছৰৰ তলৰ ৭২,০৯২ গৰাকী মহিলাৰ অধ্যয়ন অনুসৰি দীঘলীয়া সময়লৈকে ঋতুস্ৰাৱ নোহোৱা বা অনিয়মীয়া ঋতুস্ৰাৱ হোৱা মহিলাসকলৰ ফেটী লিভাৰ বা লিভাৰৰ অন্য যিকোনো ৰোগত ভোগাৰ আশংকা প্ৰবল। গতিকে বাৰে বাৰে মাহেকীয়া অনিয়মিয়া হৈ থাকিলে চিকিৎসকৰ কাষ চপাটো জৰুৰী। জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰি যকৃত সম্পৰ্কীয় ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰি। আপোনাৰ ওজন অত্যাধিক হ'বলৈ নিদিব। অত্যাধিক সুৰাপান নকৰিব। ধূমপান নকৰিব। আৰু পঢ়কঃ ‘কাশ্মীৰ ফাইলছ’ প্ৰতিজন ভাৰতীয়ই চোৱা উচিত,আমি ইতিহাস জানিব লাগেঃ আমিৰ খান PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post