--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিয়েৰ হৈছে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় পানীয়বোৰৰ ভিতৰৰ অন্যতম। সুৰাপায়ীসকলৰ মাজত অতি জনপ্ৰিয় বীয়েৰ প্ৰস্তুতৰ বাবে প্ৰয়োজন হয় যথেষ্ট পৰিমাণৰ পানীৰ। সেয়েহে পানীৰ অভাৱৰ সৈতে যুঁজ কৰি থকা ছিংগাপুৰৰ এটা সুৰা প্ৰস্তুতকাৰী কোম্পানীয়ে  ‘নিউব্ৰু’ নামৰ এটা বীয়েৰ মুকলি কৰিছে। এই বীয়েৰ নৰ্দমা পানীৰ পৰা প্ৰস্তুত কৰা হৈছে। আশ্বৰ্যকৰভাৱে মানুহৰ প্ৰস্ৰাৱ, মল প্ৰবাহিত হোৱা এই পানীৰে প্ৰস্তুত কৰা বীয়েৰে লাভ কৰিছে প্ৰচুৰ জনপ্ৰিয়তা। 

প্ৰকৃততে ‘নিউব্ৰু’ প্ৰায় ৯৫ শতাংশ ‘নিউৱাটাৰে’ৰে প্ৰস্তুত কৰা হয়, যি কেৱল সুৰক্ষিত খোৱা পানীৰ আন্তৰ্জাতিক মানকে অনুসৰণ নকৰে বৰং বীয়েৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰৰ বাবে সম্পূৰ্ণৰূপে ফিল্টাৰ কৰা হয়। ইয়াৰ লক্ষ্য হৈছে শেহতীয়াকৈ দেশখনত সৃষ্টি হোৱা পানীৰ সমস্যাৰ বিষয়ে সজাগতা সৃষ্টি কৰা। উল্লেখ্য যে, ছিংগাপুৰে এই মুহূৰ্তত পানীৰ অভাৱৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

‘দ্য ষ্ট্ৰেটছ টাইমছ’ৰ মতে, ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় ৱাটাৰ উইক (এছআইডব্লিউডব্লিউ)ৰ এখন জল সন্মিলনৰ সংযোজনৰ সৈতে, ‘নিউব্ৰু’ বিগত ৮ এপ্ৰিলত ৰাষ্ট্ৰীয় জল সংস্থা পিইউবি আৰু স্থানীয় ক্ৰাফ্ট বিয়েৰ ব্ৰুৱেৰী 'ব্ৰেৱৰ্কজ'ৰ দ্বাৰা মুকলি কৰা হৈছিল। নিউৱাটাৰ মল্টে হপ আৰু ইষ্ট ষ্ট্ৰেইনৰ ফ্লেভাৰ দূষিত নকৰে। এছআইডব্লিউডব্লিউ-ৰ পৰিচালন সঞ্চালক ৰিয়ান উনেনৰ মতে, পানীৰ পুনৰ ব্যৱহাৰ আৰু ৰিচাইকলৰ বাবে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে প্ৰস্তুত কৰা ‘নিউব্ৰু’ হৈছে ছিংগাপুৰৰ 'আটাইতকৈ সেউজ বীয়েৰ'।

ছিংগাপুৰৰ পানীৰ অভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে, দেশখনৰ জল সংস্থাই এই পানীয় আৰম্ভ কৰি পানীৰ সংকটৰ মোকাবিলা কৰাৰ এটা উপায় বিচাৰি উলিয়াইছে। উল্লেখ্য যে এনেদৰে বীয়েৰ প্ৰস্তুত কৰা কাম প্ৰথমবাৰৰ বাবে কৰা হোৱা নাই।  ইয়াৰ আগেয়ে ক্ৰাফ্ট বীয়েৰ কোম্পানী 'ষ্টোন ব্ৰিউয়িং'য়ে ২০১৭ চনত 'ষ্টোন ফুল চাৰ্কল পেল এলে' মুকলি কৰিছিল। অন্যান্য ব্ৰুৱেৰী যেনে 'ক্ৰাষ্ট গ্ৰুপ' আৰু ‘ছুপাৰ লোকো গ্ৰুপে'ও নৰ্দমাৰ পানী ৰিচাকলৰ দ্বাৰা পুনৰ্ব্যৱহাৰ কৰি এটা ক্ৰাফ্ট বিয়েৰ মুকলি কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে