--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ আশংকাই বিশ্বত তোলপাৰ লগাইছে। ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰা এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আশংকা এতিয়া তীব্ৰতৰ হৈ পৰিছে। বিমানখন সন্ধানহীন হোৱা স্থানৰ পৰা কিছু আঁতৰৰ অৰণ্য অঞ্চলৰ পৰা ধোঁৱাৰ কুণ্ডলী ওলোৱাটো দৃষ্টিগোচৰ হোৱাটোৱে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আশংকা গাঢ় কৰি তুলিছে। 

সন্ধানহীন বিমানখন আছিল নেপালৰ তাৰা এয়াৰৰ। সন্ধানহীন বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আশংকাৰ কথা শেহতীয়াকৈ দেশখনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। প্ৰকৃততে মুস্তাঙৰ লাৰ্জুঙত এখন বিমান দুৰ্ঘটনাৰ তথ্য সদৰি কৰা হৈছে। তাৰ পাছত উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছিল আৰু ঘটনাস্থলীলৈ এখন হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছিল। কিন্তু বেয়া বতৰৰ বাবে হেলিকপ্টাৰখন উদ্ধাৰ কাৰ্যৰ পৰা আঁতৰবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। শেহতীয়াকৈ দুৰ্ঘটনাস্থলীলৈ সেনা আৰু আৰক্ষীৰ দল প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, তাৰা এয়াৰৰ বিমানখনৰ এজন যাত্ৰী আছিল কেপ্টেইন বসন্ত লামা, তেওঁ পেছাত পাইলট আৰু তেওঁ তাৰা এয়াৰৰে বিমান চালনা কৰে। আনহাতে একে সময়তে, বিমানখনত থকা আন চাৰিজন ভাৰতীয় যাত্ৰী মুম্বাইৰ একেটা পৰিয়ালৰ সদস্য। তাৰা এয়াৰৰ বিষয়াবৰ্গই প্ৰকাশ কৰে যে বিমানখনে প্ৰায় আধা ঘণ্টা ধৰি এয়াৰ ট্ৰেফিক  কণ্ট্ৰ’ল বা  এটিচিৰ সৈতে কোনো সম্পৰ্ক ৰাখিব পৰা নাছিল। ১০.৩৫ বজালৈকেহে বিমানখন এটিচিৰ সংস্পৰ্শত আছিল। 

বিমানখন পোখৰাৰ পৰা জোমচোমলৈ উৰা মাৰিছিল। তাৰ পাছতে ই এয়াৰ ট্ৰেফিক কণ্ট্ৰোলৰ সৈতে সম্পৰ্ক হেৰুৱায়। এতিয়া খবৰ পোৱা গৈছে যে. জোমচোমৰ ওচৰৰ এটা এলেকাত জুইৰ শিখা দেখা গৈছে। একে সময়তে, জোমচোম বিমানবন্দৰ কৰ্তৃপক্ষইও এটা প্ৰচণ্ড শব্দ শুনিছিল। 

তাৰা এয়াৰৰ মতে, বিমানখনত মুঠ ২২ জন যাত্ৰী আছে, যাৰ ভিতৰত আছে কৰ্মচাৰীসকল। ইয়াৰ ভিতৰত ১৩ জন নেপালী, চাৰিজন ভাৰতীয় আৰু দুজন জাপানী। বিমানকৰ্মীসকলৰ ভিতৰত আছে বিমানখনৰ পাইলট, কেপ্টেইন প্ৰভাকৰ প্ৰসাদ ঘিমিৰে, সহ-পাইলট ইটাচা পোখৰেল আৰু এয়াৰ হোষ্টেছ কাছমী থাপা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ