--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ আশংকাই বিশ্বত তোলপাৰ লগাইছে। ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰা এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আশংকা এতিয়া তীব্ৰতৰ হৈ পৰিছে। বিমানখন সন্ধানহীন হোৱা স্থানৰ পৰা কিছু আঁতৰৰ অৰণ্য অঞ্চলৰ পৰা ধোঁৱাৰ কুণ্ডলী ওলোৱাটো দৃষ্টিগোচৰ হোৱাটোৱে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আশংকা গাঢ় কৰি তুলিছে। 

সন্ধানহীন বিমানখন আছিল নেপালৰ তাৰা এয়াৰৰ। সন্ধানহীন বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আশংকাৰ কথা শেহতীয়াকৈ দেশখনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। প্ৰকৃততে মুস্তাঙৰ লাৰ্জুঙত এখন বিমান দুৰ্ঘটনাৰ তথ্য সদৰি কৰা হৈছে। তাৰ পাছত উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছিল আৰু ঘটনাস্থলীলৈ এখন হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছিল। কিন্তু বেয়া বতৰৰ বাবে হেলিকপ্টাৰখন উদ্ধাৰ কাৰ্যৰ পৰা আঁতৰবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। শেহতীয়াকৈ দুৰ্ঘটনাস্থলীলৈ সেনা আৰু আৰক্ষীৰ দল প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, তাৰা এয়াৰৰ বিমানখনৰ এজন যাত্ৰী আছিল কেপ্টেইন বসন্ত লামা, তেওঁ পেছাত পাইলট আৰু তেওঁ তাৰা এয়াৰৰে বিমান চালনা কৰে। আনহাতে একে সময়তে, বিমানখনত থকা আন চাৰিজন ভাৰতীয় যাত্ৰী মুম্বাইৰ একেটা পৰিয়ালৰ সদস্য। তাৰা এয়াৰৰ বিষয়াবৰ্গই প্ৰকাশ কৰে যে বিমানখনে প্ৰায় আধা ঘণ্টা ধৰি এয়াৰ ট্ৰেফিক  কণ্ট্ৰ’ল বা  এটিচিৰ সৈতে কোনো সম্পৰ্ক ৰাখিব পৰা নাছিল। ১০.৩৫ বজালৈকেহে বিমানখন এটিচিৰ সংস্পৰ্শত আছিল। 

বিমানখন পোখৰাৰ পৰা জোমচোমলৈ উৰা মাৰিছিল। তাৰ পাছতে ই এয়াৰ ট্ৰেফিক কণ্ট্ৰোলৰ সৈতে সম্পৰ্ক হেৰুৱায়। এতিয়া খবৰ পোৱা গৈছে যে. জোমচোমৰ ওচৰৰ এটা এলেকাত জুইৰ শিখা দেখা গৈছে। একে সময়তে, জোমচোম বিমানবন্দৰ কৰ্তৃপক্ষইও এটা প্ৰচণ্ড শব্দ শুনিছিল। 

তাৰা এয়াৰৰ মতে, বিমানখনত মুঠ ২২ জন যাত্ৰী আছে, যাৰ ভিতৰত আছে কৰ্মচাৰীসকল। ইয়াৰ ভিতৰত ১৩ জন নেপালী, চাৰিজন ভাৰতীয় আৰু দুজন জাপানী। বিমানকৰ্মীসকলৰ ভিতৰত আছে বিমানখনৰ পাইলট, কেপ্টেইন প্ৰভাকৰ প্ৰসাদ ঘিমিৰে, সহ-পাইলট ইটাচা পোখৰেল আৰু এয়াৰ হোষ্টেছ কাছমী থাপা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে