--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিখিলেশে স্কুল ৰেংকিঙত 'গ’ল্ড ১' আৰু দেশৰ ভিতৰত ১ম স্থান দখল কৰাৰ লগতে বিশ্বৰ হাজাৰ হাজাৰ অংশগ্ৰহণকাৰীৰ ভিতৰত ২য় স্থান অৰ্জন কৰি এক চমকপ্ৰদ ৰেকৰ্ড গঢ়িছে।

ডিজিটেল ডেস্ক: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসম সন্তান। ডিব্ৰুগড়ৰ মেধাৱী ছাত্ৰ নিখিলেশ গগৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱ কঢ়িয়াই আনিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্যতম কঠিন গণিত প্ৰতিযোগিতা ‘ছিংগাপুৰ এণ্ড এচিয়ান স্কুলছ মেথ অলিম্পিয়াড’ (SASMO) ২০২৬-ত নিখিলেশে ভাৰতৰ ভিতৰত প্ৰথম স্থান দখল কৰি দেশলৈ সুনাম কঢ়িয়াই আনিছে। এই অভাৱনীয় সাফল্য সঁচাকৈয়ে সমগ্ৰ ৰাজ্য তথা দেশৰ বাবে এক গৌৰৱৰ বিষয়। 


নিখিলেশে স্কুল ৰেংকিঙত 'গ’ল্ড ১' আৰু দেশৰ ভিতৰত ১ম স্থান দখল কৰাৰ লগতে বিশ্বৰ হাজাৰ হাজাৰ অংশগ্ৰহণকাৰীৰ ভিতৰত ২য় স্থান অৰ্জন কৰি এক চমকপ্ৰদ ৰেকৰ্ড গঢ়িছে। এই স্থান সমগ্ৰ বিশ্বৰ ভিতৰত দ্বিতীয়। নিশিলেশৰ ইনডেক্স নম্বৰ আছিল ০৯১২৬০০০২১১৩।


উল্লেখ্য যে, চলিত বৰ্ষৰ এই প্ৰতিযোগিতাত বিশ্বৰ ৫২খন দেশৰ ৮,১৪৭খন বিদ্যালয়ৰ প্ৰায় ৬১,৭৩০গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। এই বৃহৎ সংখ্যক প্ৰতিযোগীৰ মাজত ভাৰতীয় হিচাপে শীৰ্ষস্থান দখল কৰাটো এক বিৰল কৃতিত্ব হিচাপে গণ্য কৰা হৈছে। এই বৰ্ষত কেৱল ১৬খন দেশৰ ১০৭গৰাকী শিক্ষাৰ্থীয়েহে ‘পাৰফেক্ট স্কোৰাৰ’ হ’বলৈ সক্ষম হৈছে। 


নিখিলেশৰ এই অভাৱনীয় সফলতাই এতিয়া ডিব্ৰুগড়ৰ লগতে সমগ্ৰ অসমতে আনন্দৰ জোৱাৰ তুলিছে। এছিয়াৰ অন্যতম কঠিন এই গণিত অলিম্পিয়াডত দেখুওৱা পাৰদৰ্শিতাই নিখিলেশৰ শৈক্ষিক একাগ্ৰতা আৰু মেধাৰ প্ৰমাণ দিছে। ইতিমধ্যে ডিব্ৰুগড়ৰ শৈক্ষিক সমাজ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা শুভাকাংক্ষীসকলে নিখিলেশৰ বাসগৃহত উপস্থিত হৈ তেওঁক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।


তেওঁৰ এই যাত্ৰাই আগন্তুক দিনত অসমৰ আন বহু মেধাৱী ছাত্ৰ-ছাত্ৰীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ অনুপ্ৰাণিত কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ