--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিখিলেশে স্কুল ৰেংকিঙত 'গ’ল্ড ১' আৰু দেশৰ ভিতৰত ১ম স্থান দখল কৰাৰ লগতে বিশ্বৰ হাজাৰ হাজাৰ অংশগ্ৰহণকাৰীৰ ভিতৰত ২য় স্থান অৰ্জন কৰি এক চমকপ্ৰদ ৰেকৰ্ড গঢ়িছে।

ডিজিটেল ডেস্ক: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসম সন্তান। ডিব্ৰুগড়ৰ মেধাৱী ছাত্ৰ নিখিলেশ গগৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱ কঢ়িয়াই আনিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্যতম কঠিন গণিত প্ৰতিযোগিতা ‘ছিংগাপুৰ এণ্ড এচিয়ান স্কুলছ মেথ অলিম্পিয়াড’ (SASMO) ২০২৬-ত নিখিলেশে ভাৰতৰ ভিতৰত প্ৰথম স্থান দখল কৰি দেশলৈ সুনাম কঢ়িয়াই আনিছে। এই অভাৱনীয় সাফল্য সঁচাকৈয়ে সমগ্ৰ ৰাজ্য তথা দেশৰ বাবে এক গৌৰৱৰ বিষয়। 

নিখিলেশে স্কুল ৰেংকিঙত 'গ’ল্ড ১' আৰু দেশৰ ভিতৰত ১ম স্থান দখল কৰাৰ লগতে বিশ্বৰ হাজাৰ হাজাৰ অংশগ্ৰহণকাৰীৰ ভিতৰত ২য় স্থান অৰ্জন কৰি এক চমকপ্ৰদ ৰেকৰ্ড গঢ়িছে। এই স্থান সমগ্ৰ বিশ্বৰ ভিতৰত দ্বিতীয়। নিশিলেশৰ ইনডেক্স নম্বৰ আছিল ০৯১২৬০০০২১১৩।

উল্লেখ্য যে, চলিত বৰ্ষৰ এই প্ৰতিযোগিতাত বিশ্বৰ ৫২খন দেশৰ ৮,১৪৭খন বিদ্যালয়ৰ প্ৰায় ৬১,৭৩০গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। এই বৃহৎ সংখ্যক প্ৰতিযোগীৰ মাজত ভাৰতীয় হিচাপে শীৰ্ষস্থান দখল কৰাটো এক বিৰল কৃতিত্ব হিচাপে গণ্য কৰা হৈছে। এই বৰ্ষত কেৱল ১৬খন দেশৰ ১০৭গৰাকী শিক্ষাৰ্থীয়েহে ‘পাৰফেক্ট স্কোৰাৰ’ হ’বলৈ সক্ষম হৈছে। 

নিখিলেশৰ এই অভাৱনীয় সফলতাই এতিয়া ডিব্ৰুগড়ৰ লগতে সমগ্ৰ অসমতে আনন্দৰ জোৱাৰ তুলিছে। এছিয়াৰ অন্যতম কঠিন এই গণিত অলিম্পিয়াডত দেখুওৱা পাৰদৰ্শিতাই নিখিলেশৰ শৈক্ষিক একাগ্ৰতা আৰু মেধাৰ প্ৰমাণ দিছে। ইতিমধ্যে ডিব্ৰুগড়ৰ শৈক্ষিক সমাজ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা শুভাকাংক্ষীসকলে নিখিলেশৰ বাসগৃহত উপস্থিত হৈ তেওঁক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।

তেওঁৰ এই যাত্ৰাই আগন্তুক দিনত অসমৰ আন বহু মেধাৱী ছাত্ৰ-ছাত্ৰীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ অনুপ্ৰাণিত কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ