--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • 'বন্দে মাতৰম' পৰিৱেশন কৰাৰ সময়ত সকলো ব্যক্তিয়ে থিয় হৈ সন্মান প্ৰদৰ্শন কৰিব লাগিব।

ডিজিটেল ডেস্ক : চৰকাৰী-বেচৰকাৰী অনুষ্ঠানত 'বন্দে মাতৰম' পৰিৱেশন বাধ্যতামূলক কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে বুধবাৰে জাৰি কৰে এক গুৰুত্বপূৰ্ণ নির্দেশনা। এই নতুন নির্দেশনা অনুসৰি, সকলো চৰকাৰী অনুষ্ঠান আৰু বিদ্যালয়ত ৰাষ্ট্ৰীয় সংগীত 'জন গণ মন'ৰ পূৰ্বে ৰাষ্ট্ৰীয় গান 'বন্দে মাতৰম' পৰিৱেশন কৰিব লাগিব।


আনহাতে, 'বন্দে মাতৰম' পৰিৱেশন কৰাৰ সময়ত সকলো ব্যক্তিয়ে থিয় হৈ সন্মান প্ৰদৰ্শন কৰিব লাগিব। তদুপৰি, 'পদ্ম' বঁটা প্ৰদানৰ দৰে অসামৰিক বঁটা প্ৰদান অনুষ্ঠান আৰু দেশৰ ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানসমূহত, প্ৰৱেশ আৰু প্ৰস্থানৰ সময়ত 'বন্দে মাতৰম' পৰিৱেশন প্রট'কলভুক্ত কৰা হৈছে। 


তদুপৰি, চিনেমা হলৰ দৰে ৰাজহুৱা স্থানতো 'বন্দে মাতৰম' গাব লাগিব। অৱশ্যে, এই ক্ষেত্ৰত থিয় হৈ এই ৰাষ্ট্ৰীয় গান পৰিৱেশন কৰাটো বাধ্যতামূলক নহয়। সবাতোকৈ লক্ষণীয় বিষয়টো হ'ল ১৯৩৭ চনত কংগ্রেছে আঁতৰ কৰি দিয়া 'বন্দে মাতৰম'ৰ ছটা স্তৱকৰ চাৰিটা স্তৱকো সন্নিৱিষ্ট কৰি পৰিৱেশন নিৰ্দেশনাৰ জৰিয়তে বাধ্যতামূলক কৰা হৈছে। উল্লেখযোগ্য যে ১৮৭০ চনত বংকিম চন্দ্ৰ চেটার্জীয়ে ভাৰতৰ 'বন্দে মাতৰম'ৰচনা কৰিছিল আৰু ১৯৫০ চনত এই গীতটোক 'ৰাষ্ট্ৰীয় গান' হিচাপে গ্রহণ কৰা হয়। 


প্রণিধানযোগ্য যে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় সংগীত 'জন গণ মন'ৰ দৰে 'বন্দে মাতৰম'ক স্পষ্টভাৱে ৰাষ্ট্ৰীয় প্রট'কল হিচাপে আখ্যা দিয়া হোৱা নাছিল। গীতটোৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ত সংসদত বিতৰ্ক হোৱাৰ পাছত ৰাষ্ট্ৰগানক জনপ্ৰিয় কৰাৰ বাবে আৰু ৰাষ্ট্ৰীয় সন্মান হিচাপে প্রতিফলিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে 'বন্দে মাতৰম'ৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে বছৰজোৰা স্মাৰক কাৰ্যসূচী মুকলি কৰিছিল। এই বিষয় লৈ সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত শাসকীয় চৰকাৰ আৰু কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ মাজত বিবাদৰ বিষয় হৈ পৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ