--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভাৰতে এই প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ পাছতে বিষয়টো সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছে পাকিস্তানে। কাৰণ চেনাব নদী হৈছে পাকিস্তানৰ বাবে জীৱনৰেখা স্বৰূপ।

ডিজিটেল ডেস্ক : ভাৰতে জম্মু আৰু কাশ্মীৰৰ চেনাব নদীৰ ওপৰত ৫,১২৯ কোটি টকাৰ এটা বৃহৎ জলবিদ্যুৎ প্রকল্পৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। সিন্ধু জল চুক্তি বাতিলৰ পাছত নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা এইটো হৈছে অন্যতম বৃহৎ প্রকল্প৷


ভাৰতে এই প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ পাছতে বিষয়টো সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছে পাকিস্তানে। কাৰণ চেনাব নদী হৈছে পাকিস্তানৰ বাবে জীৱনৰেখা স্বৰূপ। 


ভাৰতে নদীখনত বৃহৎ বান্ধ নির্মাণ কৰিলে চুবুৰীয়া শত্রু ৰাষ্ট্ৰখন সংকটত পৰাটো স্বাভাৱিক। যাৰ বাবে নদীবান্ধ প্রকল্পটো পাকিস্তানে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকাৰ লগতে বিষয়টো আন্তর্জাতিক ন্যায় আদালত আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছে। 


উল্লেখযোগ্য যে যোৱা বছৰৰ এপ্ৰিলত পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছতে ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰিছিল। এই চুক্তি বাতিলৰ জৰিয়তে সিন্ধু অৱবাহিকাৰ নদীসমূহৰ পানী পাকিস্তানলৈ বৈ যোৱাত বাধা দি ৰখা হৈছিল। 


সিন্ধু অৱবাহিকা, বিশেষকৈ চেনাবৰ জলসম্পদৰ ওপৰত পাকিস্তান বিশেষভাৱে নিৰ্ভৰশীল। দেশখনৰ কৃষি খণ্ডৰ ৯০% এই অৱবাহিকাৰ ওপৰত নিৰ্ভৰশীল। ভাৰতে এই অৱবাহিকাৰ অন্তৰ্গত চেনাব নদীত বান্ধ নিৰ্মাণ কৰিলে পাকিস্তান ভাতে মৰাৰ সম্ভাৱনা আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ