--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত ব্যক্তিসকলক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান আৰু বাদ পৰা লোকসকলৰ বাবে আপীল প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সন্দৰ্ভত দাখিল কৰা এখন আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰিছে।

মঙ্গলবাৰে উচ্চতম ন্যায়ালয়ে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে। এনআৰচিত অন্তৰ্ভুক্ত ব্যক্তিসকলক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান কৰা আৰু চূড়ান্ত তালিকাৰ পৰা বাদ পৰা লোকসকলৰ বাবে আপীল প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবী জনাই দাখিল কৰা এখন আৱেদনৰ ভিত্তিত শীৰ্ষ আদালতে কেন্দ্ৰীয় চৰকাৰ আৰু আন চাৰিটা পক্ষলৈ জাননী প্ৰেৰণ কৰিছে।

মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল পাঞ্চোলীৰে গঠিত এখন বিচাৰপীঠে এই জাননী জাৰি কৰে। অসম ৰাজ্যিক জমিয়ত উলেমা-ই-হিন্দে দাখিল কৰা এই আবেদনখন শীৰ্ষ আদালতত বিচারাধীন হৈ থকা আন এটা সংশ্লিষ্ট গোচৰৰ সৈতে ট্যাগ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ লগতে ভাৰতৰ মহা পঞ্জীয়ক আৰু জনগণনা আয়ুক্তৰ কাৰ্যালয়, অসম চৰকাৰ আৰু ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়লৈ এই জাননী প্ৰেৰণ কৰা হৈছে। উত্থাপিত বিষয়সমূহৰ ওপৰত তেওঁলোকৰ সঁহাৰি বিচাৰিছে উচ্চতম ন্যায়ালয়ে।

উল্লেখযোগ্য যে, অসমত অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু প্ৰকৃত ভাৰতীয় নাগৰিকসকলক নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম সম্পন্ন কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এই প্ৰক্ৰিয়া চলিছিল আৰু ২০১৯ চনৰ ৩১ আগষ্টত চূড়ান্ত এনআৰচি প্ৰকাশ কৰা হৈছিল। অসম চুক্তি অনুসৰি, ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগতে আবেদনকাৰী বা তেওঁলোকৰ পূৰ্বপুৰুষ ভাৰতত থকাৰ প্ৰমাণ দাখিল কৰিব লাগিছিল।

মুঠ ৩.৩ কোটিৰো অধিক আবেদনকাৰীৰ ভিতৰত প্ৰায় ১৯ লাখ লোকক চূড়ান্ত তালিকাৰ পৰা বাদ দিয়া হৈছিল। এই বাদ পৰা লোকসকলৰ আপীল প্ৰক্ৰিয়া এতিয়াও আৰম্ভ হোৱা নাই, যাৰ বাবে বহু লোক অনিশ্চয়তাৰ মাজত আছে। এই নতুন আবেদনৰ জৰিয়তে শীঘ্ৰে এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবী জনোৱা হৈছে, যাতে বাদ পৰা লোকসকলে তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ সুযোগ লাভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু