--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত ব্যক্তিসকলক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান আৰু বাদ পৰা লোকসকলৰ বাবে আপীল প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সন্দৰ্ভত দাখিল কৰা এখন আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰিছে।

মঙ্গলবাৰে উচ্চতম ন্যায়ালয়ে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে। এনআৰচিত অন্তৰ্ভুক্ত ব্যক্তিসকলক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান কৰা আৰু চূড়ান্ত তালিকাৰ পৰা বাদ পৰা লোকসকলৰ বাবে আপীল প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবী জনাই দাখিল কৰা এখন আৱেদনৰ ভিত্তিত শীৰ্ষ আদালতে কেন্দ্ৰীয় চৰকাৰ আৰু আন চাৰিটা পক্ষলৈ জাননী প্ৰেৰণ কৰিছে।

মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল পাঞ্চোলীৰে গঠিত এখন বিচাৰপীঠে এই জাননী জাৰি কৰে। অসম ৰাজ্যিক জমিয়ত উলেমা-ই-হিন্দে দাখিল কৰা এই আবেদনখন শীৰ্ষ আদালতত বিচারাধীন হৈ থকা আন এটা সংশ্লিষ্ট গোচৰৰ সৈতে ট্যাগ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ লগতে ভাৰতৰ মহা পঞ্জীয়ক আৰু জনগণনা আয়ুক্তৰ কাৰ্যালয়, অসম চৰকাৰ আৰু ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়লৈ এই জাননী প্ৰেৰণ কৰা হৈছে। উত্থাপিত বিষয়সমূহৰ ওপৰত তেওঁলোকৰ সঁহাৰি বিচাৰিছে উচ্চতম ন্যায়ালয়ে।

উল্লেখযোগ্য যে, অসমত অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু প্ৰকৃত ভাৰতীয় নাগৰিকসকলক নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম সম্পন্ন কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এই প্ৰক্ৰিয়া চলিছিল আৰু ২০১৯ চনৰ ৩১ আগষ্টত চূড়ান্ত এনআৰচি প্ৰকাশ কৰা হৈছিল। অসম চুক্তি অনুসৰি, ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগতে আবেদনকাৰী বা তেওঁলোকৰ পূৰ্বপুৰুষ ভাৰতত থকাৰ প্ৰমাণ দাখিল কৰিব লাগিছিল।

মুঠ ৩.৩ কোটিৰো অধিক আবেদনকাৰীৰ ভিতৰত প্ৰায় ১৯ লাখ লোকক চূড়ান্ত তালিকাৰ পৰা বাদ দিয়া হৈছিল। এই বাদ পৰা লোকসকলৰ আপীল প্ৰক্ৰিয়া এতিয়াও আৰম্ভ হোৱা নাই, যাৰ বাবে বহু লোক অনিশ্চয়তাৰ মাজত আছে। এই নতুন আবেদনৰ জৰিয়তে শীঘ্ৰে এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবী জনোৱা হৈছে, যাতে বাদ পৰা লোকসকলে তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ সুযোগ লাভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ