--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অৱশেষত বাদশ্বাহ পৰিয়াললৈ আহিল বহু প্ৰত্যাশিত সুখবৰ। ড্ৰাগছ কাণ্ডৰ পৰা দোষমুক্ত কৰা হ’ল শ্বাহৰুখ তনয় আৰিয়ানক। ২৭ মে'ৰ দিনটো এটা সোণালী দিন হৈ আহিছিল কিং খানৰ পৰিয়ালৰ বাবে। কাৰণ এই দিনটোতে আৰিয়ান দোষমুক্ত বুলি ঘোষণা কৰিছিল এনচিবি-এ। এই সুখবৰ অহাৰ পাছতে এতিয়া আৰিয়ান খানৰ কেৰিয়াৰৰ ওপৰত আহিব পৰা অবাঞ্চিত প্ৰতিবন্ধকতা যেন দূৰ হ’ল। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এতিয়া আৰিয়ান খানে তেওঁৰ আহিবলগীয়া প্ৰকল্পটোৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উৰা মৰাৰ বাবে সাজু হৈছে।

এই কথা কাৰো অবিদিত নহয় যে, বিগত এটা বছৰটো আৰিয়ান খান তথা তেওঁৰ পৰিয়ালৰ বাবে যথেষ্ট কঠিন সময় আছিল। এই সময়ছোৱাত সম্ভৱতঃ আৰিয়ানৰ জীৱনৰ আটাইতকৈ দুৰ্যোগপূৰ্ণ সময় আছিল। মুম্বাইৰ প্ৰমোদ তৰীৰ ড্ৰাগছৰ গোচৰত নিৰ্দোষ সাব্যস্ত হোৱাৰ পাছত, আৰিয়ান খানে এতিয়া তেওঁৰ স্তব্ধ হৈ পৰিব ধৰা কামবোৰ সম্পূৰ্ণ কৰাৰ প্ৰস্তুতি চলাই আছে। বাতৰি অনুসৰি, আইনী মেৰপেচৰ পৰা মুকলি হোৱাৰ পাছত, আৰিয়ান খানে অ'টিটি প্লেটফৰ্মৰ বাবে ৱেব ছিৰিজৰ মনোনিৱেশ কৰিছে। এই ছিৰিজৰ পৰিচালকৰ ভূমিকাত অৱতীৰ্ণ হৈছে আৰিয়ান খান।  তেওঁ এই কাম সম্পূ্ৰ্ণ কৰাৰ বাবে এতিয়া আমেৰিকালৈ যাবলৈ সাজু হৈছে। উল্লেখ্য যে, কিছুদিন পূৰ্বে তাৰকা পুত্ৰই তেওঁৰ নতুন অনুষ্ঠানৰ বাবে মুম্বাইত স্ক্ৰীণ টেষ্ট তথা অডিচনো গ্ৰহণ কৰিছিল। য'ত তেওঁ বহুতো যুৱ প্ৰতিভাশালী শিল্পীৰ অডিচন গ্ৰহণ কৰিছিল।
 
নিৰ্মিয়মান এই ৱেব ছিৰিজটোৰ প্ৰায় সকলোখিনি কাম সম্পূৰ্ণ কৰি তুলিছে আৰিয়ানে। এই ছিৰিজ অনলাইনত মুকলি কৰিবলৈ এক বৃহৎ অ'টিটি প্লেটফৰ্মৰ সৈতে আলোচনাও চলিছে। যাৰ আধাৰত সেই অ'টিটি প্লেটফৰ্মে আৰিয়ানৰ ৱেব চিৰিজ সম্প্ৰচাৰ কৰিবলৈ সেউজ সংকেত দিছে। তদুপৰি, তেওঁ চলচ্চিত্ৰ আৰু অন্যান্য ৱেব ছিৰিজতো ভুমুকি মৰাৰ সম্ভাৱনা আছে। তাৎপৰ্যপূৰ্ণভাৱে বলীউডৰ ৰোমাঞ্চ কিঙৰ পুত্ৰই অভিনয়ৰ সলনি পৰিচালনাৰ প্ৰতিহে অধিক আগ্ৰহী বুলি বিভিন্ন সময়ত প্ৰকাশ কৰি আহিছে। 

ড্ৰাগছ কাণ্ডৰ সৈতে দুৰ্ভাগ্যজনকভাৱে নাম সাঙোৰ খাই পৰাৰ পাছত আৰিয়ানৰ কেৰিয়াৰলৈ কিছু স্থবিৰতা আহি পৰিছিল। তদন্তকাৰীয়ে তেওঁৰ পাছপোৰ্ট জব্দ কৰাৰ ফলত প্ৰয়োজনীয় কাম সম্পাদনৰ বাবে তেওঁ দেশ এৰি যাব পৰা নাছিল বা যোৱাৰ অনুমতি দিয়া হোৱা নাছিল। এতিয়া তেওঁৰ নাম এনচিবিৰ অভিযোগনামাৰ পৰা বাতিল হোৱাৰ পাছত তেওঁৰ ক্ষেত্ৰত আৰোপিত সকলো বাধা-নিষেধ দূৰ হৈছে। আৰু এতিয়া মুক্তমনে কাম কৰাৰ বাবে তেওঁ নতুন উদ্যমেৰে সাজু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ