--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অৱশেষত বাদশ্বাহ পৰিয়াললৈ আহিল বহু প্ৰত্যাশিত সুখবৰ। ড্ৰাগছ কাণ্ডৰ পৰা দোষমুক্ত কৰা হ’ল শ্বাহৰুখ তনয় আৰিয়ানক। ২৭ মে'ৰ দিনটো এটা সোণালী দিন হৈ আহিছিল কিং খানৰ পৰিয়ালৰ বাবে। কাৰণ এই দিনটোতে আৰিয়ান দোষমুক্ত বুলি ঘোষণা কৰিছিল এনচিবি-এ। এই সুখবৰ অহাৰ পাছতে এতিয়া আৰিয়ান খানৰ কেৰিয়াৰৰ ওপৰত আহিব পৰা অবাঞ্চিত প্ৰতিবন্ধকতা যেন দূৰ হ’ল। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এতিয়া আৰিয়ান খানে তেওঁৰ আহিবলগীয়া প্ৰকল্পটোৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উৰা মৰাৰ বাবে সাজু হৈছে।

এই কথা কাৰো অবিদিত নহয় যে, বিগত এটা বছৰটো আৰিয়ান খান তথা তেওঁৰ পৰিয়ালৰ বাবে যথেষ্ট কঠিন সময় আছিল। এই সময়ছোৱাত সম্ভৱতঃ আৰিয়ানৰ জীৱনৰ আটাইতকৈ দুৰ্যোগপূৰ্ণ সময় আছিল। মুম্বাইৰ প্ৰমোদ তৰীৰ ড্ৰাগছৰ গোচৰত নিৰ্দোষ সাব্যস্ত হোৱাৰ পাছত, আৰিয়ান খানে এতিয়া তেওঁৰ স্তব্ধ হৈ পৰিব ধৰা কামবোৰ সম্পূৰ্ণ কৰাৰ প্ৰস্তুতি চলাই আছে। বাতৰি অনুসৰি, আইনী মেৰপেচৰ পৰা মুকলি হোৱাৰ পাছত, আৰিয়ান খানে অ'টিটি প্লেটফৰ্মৰ বাবে ৱেব ছিৰিজৰ মনোনিৱেশ কৰিছে। এই ছিৰিজৰ পৰিচালকৰ ভূমিকাত অৱতীৰ্ণ হৈছে আৰিয়ান খান।  তেওঁ এই কাম সম্পূ্ৰ্ণ কৰাৰ বাবে এতিয়া আমেৰিকালৈ যাবলৈ সাজু হৈছে। উল্লেখ্য যে, কিছুদিন পূৰ্বে তাৰকা পুত্ৰই তেওঁৰ নতুন অনুষ্ঠানৰ বাবে মুম্বাইত স্ক্ৰীণ টেষ্ট তথা অডিচনো গ্ৰহণ কৰিছিল। য'ত তেওঁ বহুতো যুৱ প্ৰতিভাশালী শিল্পীৰ অডিচন গ্ৰহণ কৰিছিল।
 
নিৰ্মিয়মান এই ৱেব ছিৰিজটোৰ প্ৰায় সকলোখিনি কাম সম্পূৰ্ণ কৰি তুলিছে আৰিয়ানে। এই ছিৰিজ অনলাইনত মুকলি কৰিবলৈ এক বৃহৎ অ'টিটি প্লেটফৰ্মৰ সৈতে আলোচনাও চলিছে। যাৰ আধাৰত সেই অ'টিটি প্লেটফৰ্মে আৰিয়ানৰ ৱেব চিৰিজ সম্প্ৰচাৰ কৰিবলৈ সেউজ সংকেত দিছে। তদুপৰি, তেওঁ চলচ্চিত্ৰ আৰু অন্যান্য ৱেব ছিৰিজতো ভুমুকি মৰাৰ সম্ভাৱনা আছে। তাৎপৰ্যপূৰ্ণভাৱে বলীউডৰ ৰোমাঞ্চ কিঙৰ পুত্ৰই অভিনয়ৰ সলনি পৰিচালনাৰ প্ৰতিহে অধিক আগ্ৰহী বুলি বিভিন্ন সময়ত প্ৰকাশ কৰি আহিছে। 

ড্ৰাগছ কাণ্ডৰ সৈতে দুৰ্ভাগ্যজনকভাৱে নাম সাঙোৰ খাই পৰাৰ পাছত আৰিয়ানৰ কেৰিয়াৰলৈ কিছু স্থবিৰতা আহি পৰিছিল। তদন্তকাৰীয়ে তেওঁৰ পাছপোৰ্ট জব্দ কৰাৰ ফলত প্ৰয়োজনীয় কাম সম্পাদনৰ বাবে তেওঁ দেশ এৰি যাব পৰা নাছিল বা যোৱাৰ অনুমতি দিয়া হোৱা নাছিল। এতিয়া তেওঁৰ নাম এনচিবিৰ অভিযোগনামাৰ পৰা বাতিল হোৱাৰ পাছত তেওঁৰ ক্ষেত্ৰত আৰোপিত সকলো বাধা-নিষেধ দূৰ হৈছে। আৰু এতিয়া মুক্তমনে কাম কৰাৰ বাবে তেওঁ নতুন উদ্যমেৰে সাজু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ