--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চলচ্চিত্ৰৰ হীৰোক অনুসৰণ কৰিবলৈ গৈ বিষম পৰিণতিৰ সন্মুখীন হ’ল এটি কিশোৰ। হ’বলগীয়া হ’ল চিকিৎসাধীন। আমাৰ সমাজত চলচ্চিত্ৰ জগতৰ বিভিন্নজন তাৰকাই পেলোৱা প্ৰভাৱ অতি তীব্ৰ। কিন্তু এই প্ৰভাৱ সদায়েই যে, ইতিবাচক এনে নহয়। বহু সময়ত বহুজন তাৰকাৰ কাম-কাজে পেলোৱা নেতিবাচত প্ৰভাৱে বিষম পৰিণতিৰ সন্মুখীন কৰাইছে একাংশ লোকক। শেহতীয়াকৈ তেনে এক ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গ’ল। শেহতীয়াকৈ দেশৰ চলচ্চিত্ৰ জগতত তোলপাৰ লগোৱা কেজিএফ চেপ্টাৰ-২ ছবিখনৰ হীৰোক অনুসৰণ কৰিবলৈ গৈ বিষম পৰিণতিৰ সন্মুখীন হ’ল এটি কিশোৰ।

 

দুদিনত তিনিবাৰকৈ ছবিখন চোৱাৰ পাছত এটি ১৫ বছৰীয়া কিশোৰে ছবিখনৰ মুখ্য চৰিত্ৰ ৰকী ভাইৰ দ্বাৰা ব্যাপকভাৱে অনুপ্ৰাণিত হৈ পৰে। এই নেতিবাচক অনুপ্ৰেৰণাৰেই তেওঁ এক পেকেট চিগাৰেট হুপি শেষ কৰে। তাৰ পাছতে ভয়ংকৰ ডিঙিৰ বিষ-বেদনাৰ সন্মুখীন হোৱা কিশোৰজনক তাৎক্ষণিকভাৱে হাস্পতাললৈ লৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। হায়দৰাবাদৰ চেঞ্চুৰী হাস্পতালত কিশোৰজনক চিকিৎসা প্ৰদানৰ লগতে চিকিৎসকে ভালেমান পৰামৰ্শও দিয়ে।

 

এই ঘটনা সম্পৰ্কত মন্তব্য কৰি পালমন’ল’জিষ্ট অৰ্থাৎ হাওঁফাওঁৰ বিভিন্ন ৰোগৰ বিশেষজ্ঞ ডাঃ ৰোহিত ৰেড্ডীয়ে কয় যে, ‘কিশোৰ কিশোৰীসকল ৰকী ভাইৰ দৰে চলচ্চিত্ৰীয় চৰিত্ৰৰ দ্বাৰা সহজেই প্ৰভাৱিত হৈ পৰে। এই ঘটনাটোৰ ক্ষেত্ৰতো তেনেই হৈছে আৰু কিশোৰজনে এটা সম্পূৰ্ণ চিগাৰেটৰ পেকেট হোপাৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰে। চলচ্চিত্ৰ এখনৰ সমাজত ব্যাপক প্ৰভাৱ থাকে। সেয়েহে চলচ্চিত্ৰৰ নিৰ্মাতা তথা তাৰকা এজন কিছুমান নৈতিক দায়বদ্ধতাও থাকে। তেওঁলোকে চিগাৰেট হোপা, গুটখা খোৱা তথা এলকহল সেৱন কৰাৰ দৰে কাৰ্যক গৰিমামণ্ডিত কৰি প্ৰদৰ্শন কৰা অনুচিত।’

 

চিকিৎসকগৰাকীয়ে এনেবোৰ ক্ষেত্ৰত তেওঁলোকৰ কম বয়সীয়া সন্তানৰ ওপৰত নজৰ ৰখাটো অতি প্ৰয়োজন বুলি মন্তব্য কৰিছে। ব্যাপক সাফল্য লাভ কৰা কেজিএফৰ দৰে চলচ্চিত্ৰ তথা এই চলচ্চিত্ৰৰ মূল নায়ক য়ছৰ দৰে তাৰকাৰ ব্যাপক প্ৰভাৱ তথা প্ৰেৰণাক দায়বদ্ধতাৰে ব্যৱহাৰৰ প্ৰশ্নটো এই ঘটনাৰ পাছত পুনৰ চৰ্চালৈ আহিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ