--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চলচ্চিত্ৰৰ হীৰোক অনুসৰণ কৰিবলৈ গৈ বিষম পৰিণতিৰ সন্মুখীন হ’ল এটি কিশোৰ। হ’বলগীয়া হ’ল চিকিৎসাধীন। আমাৰ সমাজত চলচ্চিত্ৰ জগতৰ বিভিন্নজন তাৰকাই পেলোৱা প্ৰভাৱ অতি তীব্ৰ। কিন্তু এই প্ৰভাৱ সদায়েই যে, ইতিবাচক এনে নহয়। বহু সময়ত বহুজন তাৰকাৰ কাম-কাজে পেলোৱা নেতিবাচত প্ৰভাৱে বিষম পৰিণতিৰ সন্মুখীন কৰাইছে একাংশ লোকক। শেহতীয়াকৈ তেনে এক ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গ’ল। শেহতীয়াকৈ দেশৰ চলচ্চিত্ৰ জগতত তোলপাৰ লগোৱা কেজিএফ চেপ্টাৰ-২ ছবিখনৰ হীৰোক অনুসৰণ কৰিবলৈ গৈ বিষম পৰিণতিৰ সন্মুখীন হ’ল এটি কিশোৰ।

 

দুদিনত তিনিবাৰকৈ ছবিখন চোৱাৰ পাছত এটি ১৫ বছৰীয়া কিশোৰে ছবিখনৰ মুখ্য চৰিত্ৰ ৰকী ভাইৰ দ্বাৰা ব্যাপকভাৱে অনুপ্ৰাণিত হৈ পৰে। এই নেতিবাচক অনুপ্ৰেৰণাৰেই তেওঁ এক পেকেট চিগাৰেট হুপি শেষ কৰে। তাৰ পাছতে ভয়ংকৰ ডিঙিৰ বিষ-বেদনাৰ সন্মুখীন হোৱা কিশোৰজনক তাৎক্ষণিকভাৱে হাস্পতাললৈ লৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। হায়দৰাবাদৰ চেঞ্চুৰী হাস্পতালত কিশোৰজনক চিকিৎসা প্ৰদানৰ লগতে চিকিৎসকে ভালেমান পৰামৰ্শও দিয়ে।

 

এই ঘটনা সম্পৰ্কত মন্তব্য কৰি পালমন’ল’জিষ্ট অৰ্থাৎ হাওঁফাওঁৰ বিভিন্ন ৰোগৰ বিশেষজ্ঞ ডাঃ ৰোহিত ৰেড্ডীয়ে কয় যে, ‘কিশোৰ কিশোৰীসকল ৰকী ভাইৰ দৰে চলচ্চিত্ৰীয় চৰিত্ৰৰ দ্বাৰা সহজেই প্ৰভাৱিত হৈ পৰে। এই ঘটনাটোৰ ক্ষেত্ৰতো তেনেই হৈছে আৰু কিশোৰজনে এটা সম্পূৰ্ণ চিগাৰেটৰ পেকেট হোপাৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰে। চলচ্চিত্ৰ এখনৰ সমাজত ব্যাপক প্ৰভাৱ থাকে। সেয়েহে চলচ্চিত্ৰৰ নিৰ্মাতা তথা তাৰকা এজন কিছুমান নৈতিক দায়বদ্ধতাও থাকে। তেওঁলোকে চিগাৰেট হোপা, গুটখা খোৱা তথা এলকহল সেৱন কৰাৰ দৰে কাৰ্যক গৰিমামণ্ডিত কৰি প্ৰদৰ্শন কৰা অনুচিত।’

 

চিকিৎসকগৰাকীয়ে এনেবোৰ ক্ষেত্ৰত তেওঁলোকৰ কম বয়সীয়া সন্তানৰ ওপৰত নজৰ ৰখাটো অতি প্ৰয়োজন বুলি মন্তব্য কৰিছে। ব্যাপক সাফল্য লাভ কৰা কেজিএফৰ দৰে চলচ্চিত্ৰ তথা এই চলচ্চিত্ৰৰ মূল নায়ক য়ছৰ দৰে তাৰকাৰ ব্যাপক প্ৰভাৱ তথা প্ৰেৰণাক দায়বদ্ধতাৰে ব্যৱহাৰৰ প্ৰশ্নটো এই ঘটনাৰ পাছত পুনৰ চৰ্চালৈ আহিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?