--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভিন্ন পুষ্টিৰে সমৃদ্ধ এনে এবিধ উৎকৃষ্ট ফল হৈছে মধুৰী(Guava)। মধুৰী হৈছে এবিধ পুষ্টিকৰ আৰু স্বাস্থ্যকৰ ফল।গ্ৰীষ্মকালীন ফলমূলবিলাকৰ ভিতৰত এবিধ উত্তম ফল মধুৰী। মধুৰীক ইংৰাজীত ‘Guava’ আৰু হিন্দীত ‘অমৰুদ’ বুলি কোৱা হয়। মধুৰীৰ বৈজ্ঞানিক নাম হ’ল- ‘Psidium Guajava’। 

মধুৰীত ভিটামিন C, পটাছিয়াম আৰু আঁহ আশ্চৰ্যজনকভাৱে সমৃদ্ধ। এই উল্লেখযোগ্য পুষ্টিৰ পৰিমাণৰে ভৰপূৰ মধুৰীয়ে বহুতো স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে।ইয়াত কমলাতকৈ চি ভিটামিন আৰু খনিজ লৱণ বেছিকৈ পোৱা যায়। পুষ্টিকৰ খাদ্য হিচাপে আয়ৰন আৰু ফলিক এচিডো পোৱা যায়। মধুৰিৰ পাতবোৰ ভেষজ চাহ আৰু পাতৰ নিষ্কাশন পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হয়।

মধুৰীৰ বহুতো উপকাৰিতা আছে। কি কি জানো আহক

১)ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।

২)কৰ্কট ৰোগ হোৱাৰ আশংকা হ্ৰাস কৰিব পাৰে।

৩)মধুৰীৰ ব্যৱহাৰে চকুৰ ৰশ্মি বৃদ্ধি কৰাত সহায় কৰে।

৪)মধুৰীয়ে আমাৰ শৰীৰত থকা চডিয়াম আৰু প্ৰ’টেছিয়ামৰ পৰিমাণ ভাল কৰি ৰাখে।

৫)দিনে এটাকৈ মধুৰি খালে High BP সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

৬)মধুৰীৰ লগতে মধুৰী গছৰ পাতৰো বিভিন্ন ঔষধি গুণ আছে।

৭)দাঁতৰ সমস্যাৰ থকা লোকে মধুৰী পাত খুন্দি খালে দাঁতৰ সমস্যা ভাল হয়।

৮)বদহজমৰ লগতে পেটৰ বিভিন্ন সমস্যাৰ বাবে মধুৰীৰ পাত অতিকৈ উপকাৰী।

৯)মধুৰীৰ পাতেৰে চাহ বনাই খালে মানসিক চাপ দূৰ হয়।

১০)দিনে এটাকৈ মধুৰী খালে প্ৰেচাৰ নিয়ন্ত্ৰণ থাকে আৰু তেজ পৰিস্কাৰ কৰাত সহায় কৰে।

১১)হজম শক্তি বৃদ্ধি কৰাটো সহায় কৰে মধুৰীয়ে।

১২)ই ওজন হ্ৰাসত সহায়ক।

১৩) হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখে।

১৪)গৰ্ভধাৰণৰ সময়ত সহায় কৰে।

গতিকে মধুৰী খাওক আৰু নিজক সুস্বাস্থ্যৱান কৰি ৰাখক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ