--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সমাজত মগু দাইলক(Moong Dal) অতি স্বাস্থ্যসন্মত বুলি বিবেচনা কৰা হয়। সহজে হজম হোৱা মগু দাইল ভাৰতত যথেষ্ট পৰিমাণে খোৱা খাদ্যবোৰৰ ভিতৰত অন্যতম ।  মগু দাইল কেইবা প্ৰকাৰৰো পোৱা যায় যেনে-  গোটা মগু,বাকলি থকা ফলা মগু, বাকলি নথকা হালধীয়া মগু। চিকিৎসক আৰু বিশেষজ্ঞসকলেও অসুস্থ লোকৰ আহাৰৰ তালিকাত মগু দাইল অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে । মগু দাইলৰ পৰা অনেক পুষ্টি লাভ কৰা যায়। এই দাইলৰ উপকাৰিতাৰ বিষয়ে জানো আহক।


 মগু দাইলত থকা পুষ্টি
 
মগু দাইলত এ, বি আৰু চি ভিটামিন প্ৰচুৰ পৰিমাণে থাকে । মগু দাইলত কেলচিয়াম, পটাছিয়াম থকাৰ লগতে আঁহজাতীয় আৰু লৌহ জাতীয় পদাৰ্থ ভৰপূৰ হৈ থাকে । গজালি ওলোৱা গোটা মগুৰ পুষ্টিৰ পৰিমাণ দুগুণ হয় । গজালি ওলোৱা মগুত মেগনেছিয়াম, তাম, ফ'লেট, ৰাইব'ফ্লেভিন, ভিটামিন, ভিটামিন চি, ফাইবাৰ, পটাছিয়াম, ফছফৰাছ, আইৰণ, ভিটামিন বি6, নিয়াচিন, থিয়ামিন আৰু প্ৰ'টিন থাকে । যিহেতু গজালি ওলোৱা মগুত গ্লুকজৰ স্তৰ অতি কম সেয়ে, এনে মগু মধুমেহ ৰোগীৰ বাবে যথেষ্ট উপকাৰী ।


মগু দাইলৰ উপকাৰিতাসমূহ

১) মগু দাইলৰ পানীয়ে শৰীৰত ইনচুলিনৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে আৰু তেজত গ্লুকজৰ স্তৰ নিয়ন্ত্ৰণ কৰে । সেয়েহে মগু দাইল মধুমেহ ৰোগীয়ে উত্তম ফল লাভ কৰে।

২) মগু দাইলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে আৰু সেয়েহে মগু দাইলৰ পানী খালে পাচন তন্ত্ৰই ভালদৰে কাম কৰাত সহায় কৰে ।  

৩) মগু দাইল খাই কোষ্ঠকাঠিন্য, গেছ, পেট ফুলা আদিৰ দৰে সমস্যাবোৰৰ উপশম পাব পাৰি ।

৪) মগু দাইলত থকা এণ্টি-মাইক্ৰ'বায়েল আৰু এণ্টি-ইনফ্লেমেটৰী গুণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

৫) মগু দাইল খালে ৰক্তচাপ স্বাভাৱিক আৰু নিয়ন্ত্ৰিত হৈ থকাত সহায়ক হয় ।

৬) অলিগ'ছেকাৰাইডজ হৈছে এক প্ৰকাৰৰ কাৰ্বহাইড্ৰেট আৰু অংকুৰিত মগুত ইয়াক পোৱা যায় । ই শৰীৰক গুৰুতৰ ৰোগৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ।

৭) মগুত এ আৰু চি ভিটামিন থাকে। মগু দাইলে ছালৰ গঠন উন্নত কৰে আৰু ছাল কোমল কৰি ৰাখে ।

৮) মগু দাইলত থকা কেলচিয়ামে মানুহৰ হাড়বোৰ শক্তিশালী কৰে আৰু হাড় ভঙাৰ সম্ভাৱনা হ্ৰাস কৰে।

৯) মগু দাইল পুষ্টিকৰ হোৱাৰ লগতে ইয়াক হজম কৰাও সহজ । সেয়ে, চিকিৎসকসকলে প্ৰায়ে ৰোগীসকলক মগু দাইল আৰু ইয়াৰ খিচিৰি খোৱাৰ পৰামৰ্শ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত