--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সমাজত মগু দাইলক(Moong Dal) অতি স্বাস্থ্যসন্মত বুলি বিবেচনা কৰা হয়। সহজে হজম হোৱা মগু দাইল ভাৰতত যথেষ্ট পৰিমাণে খোৱা খাদ্যবোৰৰ ভিতৰত অন্যতম ।  মগু দাইল কেইবা প্ৰকাৰৰো পোৱা যায় যেনে-  গোটা মগু,বাকলি থকা ফলা মগু, বাকলি নথকা হালধীয়া মগু। চিকিৎসক আৰু বিশেষজ্ঞসকলেও অসুস্থ লোকৰ আহাৰৰ তালিকাত মগু দাইল অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে । মগু দাইলৰ পৰা অনেক পুষ্টি লাভ কৰা যায়। এই দাইলৰ উপকাৰিতাৰ বিষয়ে জানো আহক।


 মগু দাইলত থকা পুষ্টি
 
মগু দাইলত এ, বি আৰু চি ভিটামিন প্ৰচুৰ পৰিমাণে থাকে । মগু দাইলত কেলচিয়াম, পটাছিয়াম থকাৰ লগতে আঁহজাতীয় আৰু লৌহ জাতীয় পদাৰ্থ ভৰপূৰ হৈ থাকে । গজালি ওলোৱা গোটা মগুৰ পুষ্টিৰ পৰিমাণ দুগুণ হয় । গজালি ওলোৱা মগুত মেগনেছিয়াম, তাম, ফ'লেট, ৰাইব'ফ্লেভিন, ভিটামিন, ভিটামিন চি, ফাইবাৰ, পটাছিয়াম, ফছফৰাছ, আইৰণ, ভিটামিন বি6, নিয়াচিন, থিয়ামিন আৰু প্ৰ'টিন থাকে । যিহেতু গজালি ওলোৱা মগুত গ্লুকজৰ স্তৰ অতি কম সেয়ে, এনে মগু মধুমেহ ৰোগীৰ বাবে যথেষ্ট উপকাৰী ।


মগু দাইলৰ উপকাৰিতাসমূহ

১) মগু দাইলৰ পানীয়ে শৰীৰত ইনচুলিনৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে আৰু তেজত গ্লুকজৰ স্তৰ নিয়ন্ত্ৰণ কৰে । সেয়েহে মগু দাইল মধুমেহ ৰোগীয়ে উত্তম ফল লাভ কৰে।

২) মগু দাইলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে আৰু সেয়েহে মগু দাইলৰ পানী খালে পাচন তন্ত্ৰই ভালদৰে কাম কৰাত সহায় কৰে ।  

৩) মগু দাইল খাই কোষ্ঠকাঠিন্য, গেছ, পেট ফুলা আদিৰ দৰে সমস্যাবোৰৰ উপশম পাব পাৰি ।

৪) মগু দাইলত থকা এণ্টি-মাইক্ৰ'বায়েল আৰু এণ্টি-ইনফ্লেমেটৰী গুণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

৫) মগু দাইল খালে ৰক্তচাপ স্বাভাৱিক আৰু নিয়ন্ত্ৰিত হৈ থকাত সহায়ক হয় ।

৬) অলিগ'ছেকাৰাইডজ হৈছে এক প্ৰকাৰৰ কাৰ্বহাইড্ৰেট আৰু অংকুৰিত মগুত ইয়াক পোৱা যায় । ই শৰীৰক গুৰুতৰ ৰোগৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ।

৭) মগুত এ আৰু চি ভিটামিন থাকে। মগু দাইলে ছালৰ গঠন উন্নত কৰে আৰু ছাল কোমল কৰি ৰাখে ।

৮) মগু দাইলত থকা কেলচিয়ামে মানুহৰ হাড়বোৰ শক্তিশালী কৰে আৰু হাড় ভঙাৰ সম্ভাৱনা হ্ৰাস কৰে।

৯) মগু দাইল পুষ্টিকৰ হোৱাৰ লগতে ইয়াক হজম কৰাও সহজ । সেয়ে, চিকিৎসকসকলে প্ৰায়ে ৰোগীসকলক মগু দাইল আৰু ইয়াৰ খিচিৰি খোৱাৰ পৰামৰ্শ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ