--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশৰ বিখ্যাত ভজন কণ্ঠশিল্পী হংসৰাজ ৰঘুবংশীৰ পুনৰ বিবাহ। উত্তৰাখণ্ডৰ বিখ্যাত ত্ৰিযুগিনাৰায়ণ মন্দিৰত পুনৰ বিবাহপাশত আবদ্ধ হ’ল হংসৰাজ ৰঘুবংশী আৰু পত্নী কোমল সাক্লানী ৷

NEWS18

বিশ্বাস কৰা হয় যে উত্তৰাখণ্ডৰ বিখ্যাত ৰুদ্ৰপ্ৰয়াগৰ ত্ৰিযুগিনাৰায়ণ মন্দিৰত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ বিবাহ হৈছিল আৰু সেইবাবেই দুয়োজনে ইয়াত দ্বিতীয় বিবাহ সম্পন্ন কৰে। 

কণ্ঠশিল্পী হংসৰাজ ৰঘুবংশীৰ পত্নী কোমল সাক্লানীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে বহু ৰোমাঞ্চকৰ ফটো । এই ফটোসমূহৰ কেপচনত কোমলে লিখিছে যে ভগৱান শিৱ আৰু পাৰ্বতীৰ বিবাহ বিখ্যাত মন্দিৰ ত্ৰিযুগিনাৰায়ণত হৈছিল আৰু এই মন্দিৰৰ ভিতৰত যুগ যুগ ধৰি জুই জ্বলি আহিছে।


NWS18

কোমল সাক্লানীয়ে নিজৰ ইনষ্টাগ্ৰামত লিখিছে - ‘‘ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ বিবাহ ত্ৰিযুগীনাৰায়ণ মন্দিৰত হৈছিল । এই মন্দিৰৰ ভিতৰত বহু শতাব্দী ধৰি জুই প্ৰজ্বলিত হৈ আছে । শিৱ আৰু পাৰ্বতীয়ে এই পবিত্ৰ জুইক সাক্ষী কৰি বিবাহ পাশত আৱদ্ধ হৈছিল । ইয়াত, এক আন্তৰিক হৃদয়েৰে কৰা ইচ্ছা পূৰণ হয়, মোৰো পূৰণ হৈছে । আজি, আমি ভোলেনাথ আৰু মা পাৰ্বতীৰ প্ৰেমৰ প্ৰতীক স্থানত বিবাহ পাশত আৱদ্ধ হৈছো । এইটো আমাৰ সপোন আছিল, যিটো মহাদেৱ আৰু মা পাৰ্বতীৰ আশীৰ্বাদত পূৰণ কৰা হৈছে । কোমল সাক্লানী, হংসৰাজ ৰঘুবংশীৰ পত্নী ।’’

'মেৰা ভোলা হে ভাণ্ডাৰী' ভজনেৰে হংসৰাজ ৰঘুবংশীয়ে জনপ্ৰিয়তা অৰ্জন কৰিছিল । ইয়াৰ পিছত তেওঁ বলীউডৰ ছবি অ’ মাই গডৰ বাবেও গীত গাইছিল। ৰাম মন্দিৰৰ অভিষেকৰ পূৰ্বে তেওঁৰ জয় ছিয়া ৰাম ভজনটি সমগ্ৰ বিশ্বই আদৰি লৈছিল ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post